ৰোমাঞ্চ কৰি আছিল অমিতাভ আৰু ৰেখাই! দেখা পালে জয়াই, পাছত…
বলীউডৰ চৰ্চিত তিনি তাৰকা অমিতাভ বচ্চন, জয়া বচ্চন আৰু ৰেখা। কোৱা হয়, ৰেখাৰ সৈতে অমিতাভৰ প্ৰেমৰ সম্পৰ্ক আছিল। যাৰ বাবে জয়া আৰু ৰেখাৰ সম্পৰ্কৰো অৱনতি ঘটিছিল। এবাৰ জয়াই ৰেখা আৰু অমিতাভক দেখা কান্দি উঠিছিল।

বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। ইয়াৰে কিছুমান সঁচা আৰু কিছুমান উৰা বাতৰি হয়। এনে কিছুমান খবৰৰ ভিতৰত ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেম অন্যতম। কোৱা হয়, অমিতাভৰ বাবে ৰেখাই আজিও সেন্দূৰ লয়। অমিতাভৰ প্ৰতি ৰেখাৰ প্ৰেম আজিও আছে। অৱশ্যে এই সন্দৰ্ভত আজিলৈ ৰেখাই স্পষ্টকৈ কোনো কথা কোৱা হয়।
অমিতাভ বচ্চন, জয়া বচ্চন আৰু ৰেখা, এই তিনি তাৰকাৰ বিষয়ে বলীউডত বিভিন্ন সময়ত বহু চৰ্চা হয়। অমিতাভ আৰু ৰেখাৰ প্ৰেমক লৈ এতিয়াও বহু চৰ্চা চলি থাকে। কেতিয়াবা একেটা অনুষ্ঠানতে তিনিওকে একলগেও দেখা যায়। পিছে এগৰাকী পত্নীৰ সন্মুখত স্বামী আৰু স্বামীৰ প্ৰাক্তন প্ৰেমিকা আহিলে কি প্ৰতিক্ৰিয়া হ’ব পাৰে? জয়া বচ্চনৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে? এই সম্পৰ্কে জয়াৰ আছে এক বিশেষ কাহিনী।
পৰৱৰ্তী সময়ত এই ঘটনাটো প্ৰকাশ কৰিছিল অমিতাভৰ প্ৰাক্তন প্ৰেমিকা ৰেখাই। এয়া বহু বছৰ আগৰ কথা। অভিনেতা অমিতাভ বচ্চন আৰু ৰেখাক একেলগে দেখা হৈছিল ‘মুকাদ্দাৰ কি চিকন্দৰ’ নামৰ ছবিখনত। মুক্তিৰ পূৰ্বে বচ্চনৰ সমগ্ৰ পৰিয়ালটো প্ৰজেকশ্যন ৰুমত এই ছবিখন চাবলৈ আহিছিল। ইয়াৰ ভিতৰত জয়াও আছিল।
ছবি উপভোগ কৰাৰ সময়ত জয়া বহিছিল আগৰ শাৰীত। আনহাতে অমিতাভে মাক-দেউতাকৰ সৈতে পাছৰ শাৰীত বহিছিল। এক সাক্ষাৎকাৰৰ সময়ত ৰেখাই এই কথা প্ৰকাশ কৰিছিল। ৰেখাই কৈছিল, মই ছবিখন চাবলৈ আগ্ৰহী হৈ আছিলো, আৰু জয়াক দেখিও মই আনন্দিত হৈছিলো। কিন্তু জয়াই হোৱা নাছিল।
ৰেখাই কয়, “হঠাত মই জয়াৰ দিদিৰ গালত চকুপানীৰ টোপাল দেখিছিলো। তেওঁ কান্দিছিল। কিয়নো ডাঙৰ স্ক্ৰীণত অমিতাভ আৰু ৰেখাৰ ৰোমাঞ্চ চলি আছিল। নিজ স্বামীক আন যুৱতীৰ সৈতে ইমান ঘনিষ্ঠভাৱে চাব পৰা নাছিল জয়া দিদিয়ে। এয়া দেখি মইও দুখ পাইছিলো”।
উল্লেখ্য যে, সেই ছবিখনৰ পিছত অমিতাভে বহুবাৰ ৰেখাৰ সৈতে কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে তাৰ পাছতো ১৯৮১ চনত ‘চিলচিলা’ নামৰ ছবিখনত পুনৰ দুয়োকে একেলগে দেখা গৈছিল। কোৱা হয়, সেই ছবিখনৰ পিছত ৰেখা আৰু জয়া বচ্চনৰ মাজৰ সম্পৰ্কত অৱনতি ঘটিছিল। ৰেখাৰ এই দাবী সত্ত্বেও জয়া বচ্চনক আজিও তেওঁ দিদি সম্বোধন কৰে। আগৰ দৰেই ভাল পায়। অৱশ্যে এয়া ৰেখাৰ দাবী। পিছে ইয়াৰ আঁৰত কিমান সত্যতা লুকাই আছে সেয়া কোৱা টান।
অন্য খবৰ পঢ়কঃ অক্ষয় কুমাৰৰ বাবে জীৱনৰ ডাঙৰ সিদ্ধান্ত ৰবীনাৰ! লগে লগে ভৰ্তি হাস্পাতালত…