বিবাহৰ দিনাই চেণ্ডেলৰ কোব খাইছিল ৰেখাই, অপমানিত হৈ…
সেই সময়ত ৰেখাৰ ওপৰত এটা বেয়া খ্যাতিৰ বোজা আছিল। তেওঁ চৰিত্ৰত ‘বেয়া ছোৱালী’ৰ লেবেল আঁৰি দিয়া হৈছিল। তেওঁ যৌন উন্মাদ বুলিও চৰ্চিত হৈছিল।

ৰেখা, বলীউডৰ এক বিতৰ্কিত নাম। যাক লৈ চৰ্চাৰ অন্ত নাই। এগৰাকী তাৰকা অভিনেত্ৰী ৰেখাই কলকাতালৈ গৈ এজন জনপ্ৰিয় নায়কৰ সৈতে গোপনে বিয়া হৈছিল। ইয়াছেৰ উছমানে লিখা আত্মজীৱনী ‘Rekha: The Untold Story’ত সেই বিষয়ে লিখা হৈছে।
সেই কিতাপখনত দাবী কৰা হৈছে যে যি নিশা নায়কে ৰেখাক কলকাতাত বিয়া কৰাই তেওঁৰ ঘৰলৈ গৈছিল, সেই নিশা নায়কৰ মাতৃয়ে অবৰ্ণনীয় অত্যাচাৰ আৰম্ভ কৰিছিল। লেতেৰা শব্দ, গালি-গালাজৰ পৰা আৰম্ভ কৰি – পৰিস্থিতি ইমানেই বেয়া পৰ্যায়ত উপনীত হ’ল যে এটা সময়ত তেওঁ ৰেখাক চেণ্ডেলেৰে মাৰপিট কৰিবলৈও চেষ্টা কৰিলে। প্ৰশ্ন হয় সেই নায়কগৰাকীনো কোন? আৰু সেই নিশা কি হ’ল? মাৰপিট কৰাৰ পিছত ৰেখাই কি কৰিলে?
সেইগৰাকী নায়ক আন কোনো নহয়, ৭০ৰ দশকৰ জনপ্ৰিয় অভিনেতা বিনোদ মেহৰা। কোৱা হয় যে জীতেন্দ্ৰৰ লগত বিচ্ছেদ হোৱাৰ পিছত বিনোদৰ লগত ৰেখাৰ সম্পৰ্ক গঢ়ি উঠে। দুয়োৰে মাজত ষথেষ্ট প্ৰেম আছিল। বিয়া হোৱাটো প্ৰায় নিশ্চিত আছিল। ৰেখায়ো বিনোদক অন্তৰৰ পৰা বিচাৰিছিল। কিন্তু সেই সময়ত ৰেখাৰ ওপৰত এটা বেয়া খ্যাতিৰ বোজা আছিল। তেওঁ চৰিত্ৰত ‘বেয়া ছোৱালী’ৰ লেবেল আঁৰি দিয়া হৈছিল। তেওঁ যৌন উন্মাদ বুলিও চৰ্চিত হৈছিল। বিনোদৰ মাতৃয়ে বিচৰা নাছিল যে পুত্ৰই ৰেখাক বিয়া কৰাওক। কিন্তু প্ৰেমক জানো বান্ধি ৰাখিব পাৰি?
ৰেখাই মৰমতে বিনোদক বিন-বিন বুলি মাতিছিল। এটা পুৰণি সাক্ষাৎকাৰত ৰেখাই বিনোদৰ পৰিয়ালৰ বিষয়ে কয়, ” তেওঁৰ মাতৃ বাবে মই অভিনেত্ৰী নহয়, মই এগৰাকী বদনাম অভিনেত্ৰী।” পিছত তেওঁ কৈছিল যে, “মোৰ এটা বেয়া অতীত আছে। তেওঁ বিনোদক ভাল পাইছিল। এতিয়া ভাল নাপায়। যিয়েই নহওক কিতাপখনৰ মতে ১৯৭৩ চনত কলকাতাত দুয়োৰে বিয়া হৈছিল।বিয়া হোৱাৰ পিছত বিনোদে ৰেখাক নিজৰ ঘৰলৈ লৈ গৈছিল। তেতিয়াৰ পৰাই ঘটনাটো আৰম্ভ হৈছিল।
প্ৰত্যক্ষদৰ্শীৰ এজন ব্যক্তিৰ মতে, “ৰেখাই মাত্ৰ শাহুৱেকৰ ভৰি চুবলৈ আগবাঢ়ি আহিছিল। তেতিয়া বিনোদৰ মাতৃ কমলাৰ খং উঠিছিল। তেওঁ ৰেখাক এনে কৰাৰ অনুমতি নাই বুলি কৈ অপমান কৰি থাকিল। বিনোদে মাতৃক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ ব্যৰ্থ হৈছিল। হঠাতে কমলাই চেণ্ডেল খুলি ৰেখাক মাৰিবলৈ ধৰিলে। মানুহ গোট খাবলৈ ধৰিলে।”
তেওঁ আকৌ কয়, “ৰেখাই ভয়তে কপিবলৈ ধৰিলে। তেওঁ লিফ্টৰ ফালে দৌৰি গ’ল। বিনোদে ঘৰলৈ যাবলৈ অনুৰোধ জনলে। কিন্তু মাতৃ নিজৰ সিদ্ধান্তত অটল থাকি।” সিহঁত আৰু একেলগে নাথাকিল। পিছত ছিমি গৰেৱালে ৰেখাক বিনোদৰ কথা সুধিলে, লগতে বিয়াৰ কথাও সুধিলে। অৱশ্যে ৰেখাই পিছলৈ ঘূৰি চাই উত্তৰ দিবলৈ মন নকৰিলে।
লগতে পঢ়ক: বৰ্তমান কিমান সম্পত্তিৰ মালিক অভিনেত্ৰী দীপিকা পাডুকন? প্ৰথম দৰমহা জানিলে আচৰিত হ’ব…