শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গোপনে হৈ গ’ল বাগদান! কেতিয়া বিয়াত বহিব ‘ডিয়েৰ কমৰেড’ বিজয়-ৰশ্মিকা?

প্ৰকাশিত খবৰ অনুসৰি চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দক্ষিণৰ চিনেমা জগতৰ জনপ্ৰিয় দম্পতীহালে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। ইতিমধ্যে দুয়োৰে বাগদানো সম্পন্ন হৈছে বুলি খবৰ পোহৰলৈ আছে।

গোপনে হৈ গ’ল বাগদান! কেতিয়া বিয়াত বহিব ‘ডিয়েৰ কমৰেড’ বিজয়-ৰশ্মিকা?
বিয়াত বহিব বিজয় আৰু ৰশ্মিকা!Image Credit source: TV9 Network / PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Oct 2025 14:27 PM

দীৰ্ঘদিন ধৰি চিনে জগতত বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মন্দান্নাৰ প্ৰেমৰ সম্পৰ্কক লৈ জল্পনা-কল্পনা চলি আহিছে। অনুৰাগীৰ মাজত চৰ্চা চলিলেও অৱশ্যে এই সন্দৰ্ভত মুকলিকৈ কোনো স্পষ্ট বাৰ্তা দিয়া নাই বহুচৰ্চিত অভিনেতা তথা অভিনেত্ৰীগৰাকীয়ে সততে তেওঁলোকে এনে চৰ্চাৰ পৰা আঁতৰি থকাই পৰিলক্ষিত হয় তাৰ মাজতে এতিয়া বিজয় আৰু ৰশ্মিকাৰ বিয়াৰ খবৰ চৰ্চালৈ আহিছে। আজি পুৱাই পোহৰলৈ আহিছে এই খবৰ স্বাভাৱিকতেই এই খবৰে এফালে অনুৰাগীসকলক আচৰিত কৰি তোলাৰ সমান্তৰালকৈ আনফালে আনন্দিতও কৰি তুলিছে

প্ৰকাশিত খবৰ অনুসৰি চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দক্ষিণৰ চিনেমা জগতৰ জনপ্ৰিয় দম্পতীহালে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। ইতিমধ্যে দুয়োৰে বাগদানো সম্পন্ন হৈছে বুলি খবৰ পোহৰলৈ আছে শুকুৰবাৰে তেওঁলোকৰ বাগদানৰ খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰে

ইয়াৰ পিছত আজি পুৱা বিজয়ৰ ঘনিষ্ঠ সূত্ৰই সংবাদ সংস্থা হিন্দুস্তান টাইমছৰ আগত এই খবৰ নিশ্চিত কৰে। অৱশ্যে দম্পতীহালে এতিয়ালৈকে বাগদানৰ কোনো ছবি পোষ্ট কৰা নাই বা কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। কিন্তু বিজয়ৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি এতিয়া তেওঁলোকৰ বাগদান হৈছে আৰু অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে দুয়োৰে বিবাহ সম্পন্ন হ’ব।

উল্লেখ্য যে ২০১৮ চনৰ পৰাই ৰশ্মিকা আৰু বিজয়ৰ প্ৰেম সন্দৰ্ভত নানা খবৰ পোহৰলৈ আহিছিল। তেওঁলোকে একেলগে কৰা প্ৰথমখন ছবি ‘গীতা গোবিন্দম’ৰ সময়ৰ পৰাই প্ৰেম সন্দৰ্ভত খবৰ প্ৰকাশ পাইছিল। পিছত ২০১৯ চনত মুক্তি পোৱা ‘ডিয়েৰ কমৰেড’ত এই যুটিয়ে অনুৰাগীৰ অধিক দৃষ্টি আকৰ্ষণ কৰে।

তেতিয়াৰ পৰা বিজয় আৰু ৰশ্মিকাক বহুবাৰ একেলগে দেখা পোৱা গৈছে। যোৱা আগষ্ট মাহত নিউয়ৰ্কত অনুষ্ঠিত ৪৩ সংখ্যক ভাৰত দিৱস পেৰেডতো দুয়োকে একেলগে দেখা গৈছিল। শেহতীয়াকৈ বিমানবন্দৰত একেখন বাহনত দুয়োকে দেখিবলৈ পোৱা গৈছিল। অৱশ্যে ক’ভিডৰ সময়ত পোহৰলৈ অহা ৰশ্মিকা আৰু বিজয়ৰ ছবিৰ দ্বাৰা দুয়ো লিভ-ইন ৰিলেচনত থকা বুলি চৰ্চিত হৈছিল

তেতিয়াৰ পৰা অনুৰাগীসকল বিজয় আৰু ৰশ্মিকাৰ বিবাহ সন্দৰ্ভত যথেষ্ট উদগ্ৰীৱ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু আজি অৱশেষত পোহৰলৈ আহিছে এই ভাল খবৰ। অনুৰাগীৰ আগত ৰীলত একেলগে অনন্য ৰোমাঞ্চৰ দৃশ্য উপভোগৰ সুযোগ দিয়া বিজয় আৰু ৰশ্মিকাই এতিয়া ৰিয়েলতো সাংসাৰিক জীৱনৰ বাবে সাজু হৈছে