শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধুনীয়া হ’বলৈ গৈ বিপদ! শ্বেফালী জাৰিৱালাৰ মৃত্যুত শোকস্তব্ধ ৰাখী সাৱন্ত, ক’লে এইদৰে…

Rakhi Sawant: ‘কাটা লাগা গাৰ্ল’ শ্বেফালী জাৰিৱালা আছিল এক চিনাকি মুখ। হঠাৎ মৃত্যুৰ খবৰে পৰিয়ালটোক স্তম্ভিত কৰিছে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই অভিনেত্ৰীগৰাকীৰ মৃত্যু হৈছে। ইফালে এই কথাও পোহৰলৈ আহিছে যে সেইদিনা অভিনেত্ৰীগৰাকীৰ ঘৰত পূজা আছিল যাৰ বাবে গোটেই দিনটো ভোকত আছিল।

ধুনীয়া হ’বলৈ গৈ বিপদ! শ্বেফালী জাৰিৱালাৰ মৃত্যুত শোকস্তব্ধ ৰাখী সাৱন্ত, ক’লে এইদৰে…
বয়স কমোৱাই হ’ল কাল!
barasha-misra
Barasha Misra | Updated On: 01 Jul 2025 16:12 PM

‘কাটা লাগা গাৰ্ল’ শ্বেফালী জাৰিৱালাৰ ২৮ জুনত হঠাৎ মৃত্যু হয়। কোৱা হৈছে যে অভিনেত্ৰীগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। শ্বেফালীৰ মৃত্যুৰ বাবে পৰিয়াল আৰু স্বামী পৰাগ স্তব্ধ হৈ পৰিছে। ৪২ বছৰ বয়সত সকলোকে এৰি যোৱা অভিনেত্ৰীগৰাকীয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। এতিয়াও অভিনেত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা নাই যদিও ৰক্তচাপ কম হোৱাৰ বাবে অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি কোৱা হৈছে। সেইদিনা তেওঁৰ ঘৰত পূজা হৈছিল, যাৰ বাবে গোটেই দিনটো ভোকত আছিল। শ্বেফালীৰ মৃত্যুত ৰাখী সাৱন্ত বৰ ভয় খাইছে। ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে ছানীয়ে।

ভিডিঅ’টোৰ আৰম্ভণিতে ৰাখী সাৱন্তে কৈছে যে, মোৰ ইমানেই ভয় যে ভোকত লাগিলে খাদ্য খাব লাগে। শ্বেফালীক বহুত মিছ কৰিছো। গোটেই দিনটো শ্বেফালীয়ে ভোকত থকাত ৰাখীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শ্বেফালীৰ মৃত্যুত ভয় খাইছে ৰাখীয়ে

ৰাখী সাৱন্তে ভিডিঅ’টো শ্বেয়াৰ কৰি কয় যে, তেওঁ শ্বেফালী জাৰিৱালাক বহুত মনত কৰিছে। তেওঁ কয়- “গোটেই দিনটো শ্বেফালী ভোকত আছিল, বলীউডত ধুনীয়া দেখাবলৈ আমি কি কৰিব লাগে। মই গোটেই জীৱনটো এ ভোকত আছিলো, কিন্তু এতিয়া মই পেট ভৰাই ভৰাই খাও। ভোকত থাকিব নোখোজো, এতিয়া হয়তো মোক শকত দেখা যাব, মোৰ চেহেৰা যিয়েই নহওক, আপোনালোকে এয়া সহ্য কৰি ল’ব। এতিয়া নকব যে আপুনি শকত হৈছে, ক্ষীণ হোৱাৰ চেষ্টাত ৰক্তচাপ কম হৈ যায়।”

 

View this post on Instagram

 

A post shared by Rakhi Sawant (@rakhisawant2511)

অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে, কাৰো বডি শ্বেমিং হ’ব নালাগে। সকলোৰে হৰম’ন বেলেগ বেলেগ। মই ছোৱালীসকলক কওঁ, ভোক লাগিলে খাদ্য খাওক। শ্বেফালীৰ যি হ’ল তাৰ পিছত মোৰ ভয় লাগিছে। কাৰণ মই ডুবাইত অকলে বাস কৰো। বি পি কম বা বেছি হ’ব নালাগে।

ৰাখী সাৱন্তে ভিডিঅ’টোত লগতে কৈছে, আমি কিয় ইমান ক্ষীণ হ’ব লাগে… কাৰ কাৰণে আমি আমাৰ জীৱন ত্যাগ কৰিব লাগে। যিয়ে কাৰোবাক ভাল পাব বিচাৰে কাৰোবাক ভাল পায়, শকত হ’লেও কৰিব। আমি কিমান দিন ডায়েটিং কৰি থাকিম? মই এতিয়া ডায়েট নকৰো, কেৱল জিম কৰিম।