Pushpa 2 Box Office Collection Day 3: ধুমুহাৰ গতিৰে আগবাঢ়িছে আল্লু অৰ্জুনৰ ‘পুষ্পা ২’! মুক্তিৰ ৩ দিনৰ অন্তত ছবিখনৰ উপাৰ্জন কিমান?
পুষ্পা: দ্য ৰুল'য়ে বক্স অফিচত সম্পূৰ্ণৰূপে নিজৰ ছাপ ৰাখিবলৈ সক্ষম হৈছে। ছবিখনে দুদিনৰ উপাৰ্জনে ২৫০কোটি ক্লাবত যোগদান কৰিছিল, তৃতীয় দিনা ৪০০ কোটিৰ ওচৰত উপনীত হৈছে। ছবিখন চোৱা উপৰিও এই ছবিখনৰ বাবে দৰ্শকৰ মাজত সৃষ্টি হোৱা উন্মাদনাই হৈ পৰিছে আধিক ৰোমাঞ্চকৰ।

তৃতীয় দিনাও প্ৰচণ্ড ধুমুহাৰ গতিত আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনা অভিনীত ‘পুষ্পা: দ্য ৰুল’। ছবিখনৰ প্ৰথম অংশৰ দৰে, এই চিকুৱেলেও দৰ্শকৰ হৃদয় জয় কৰিছে। সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে আন এক আলোড়নৰ সৃষ্টি কৰিছে। মুক্তিৰ পিছতে বক্স অফিচত খলকনি তুলিছে পুষ্পা ২-এ। বক্স অফিচত খেলিছে উপাৰ্জনৰ অভিলেখ ভঙা-পতাৰ খেল।
পুষ্পা ২-য়ে যে সফলতা লাভ কৰিব, সেয়া হয়তো সকলোৱেই পূৰ্বানুমান কৰিছিল। প্ৰত্যাশিতভাৱেই মুক্তিৰ লগে লগে ছবিখনে চিনেমাগৃহত আলোড়নৰ সৃষ্টি কৰিছে। ভাৰতৰ লগতে এই ছবিখনৰ উন্মাদনা বিদেশতো দেখা গৈছে। ভাৰতত ‘পুষ্পা ২’ৰ উপাৰ্জনৰ পৰিমাণ প্ৰায় ৪০০ কোটিত ঘৰত উপনীত হৈছে। ছবিখনে ভাৰতত প্ৰথম দিনাই ১৬৪.২০ কোটি টকা সংগ্ৰহ কৰিছিল।
৫ ডিচেম্বৰত ছবিগৃহত ‘পুষ্পা: দ্য ৰুল’ প্ৰদৰ্শিত হৈছিল। তাৰ পিছত আন সকলো চলচ্চিত্ৰ ম্লান হৈ গৈছিল। মুক্তিৰ পূৰ্বে ছবিখনে নিৰন্তৰ নতুন অভিলেখ গঢ়ি থকাৰ বিষয়ে আলোচনা হৈছিল। কিন্তু ডাঙৰ পৰ্দাত মুক্তি পাব দিনা ছবিখনে বহুতো প্ৰবীণ অভিনেতাসকলৰ ছবিক অতিক্ৰম কৰি গৈছিল। প্ৰথম দিনাই, ‘পুষ্পা 2’ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয়। অৱশ্যে, মুক্তিৰ দ্বিতীয় দিনা, ছবিখনৰ উপাৰ্জন সামান্য হ্ৰাস পায়, কিন্তু তৃতীয় দিনা এই গতি আকৌ উভতি আহিছে।
হিন্দীতো অব্যাহত ‘পুষ্পা ২’ খেল
তৃতীয় দিনা আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ৰ উপাৰ্জনৰ বিষয়ে ক’বলৈ গ’লে ছেকনিলকৰ প্ৰতিবেদন অনুসৰি, ছবিখনে তৃতীয় দিনটোত ১১৫ কোটি টকা উপাৰ্জন কৰিছে (আনুমানিক উপাৰ্জন)। আমোদজনকভাৱে, তেলেগুতকৈ হিন্দীত ‘পুষ্পা 2’ৰ উন্মাদনা অধিক দেখা গৈছে। তেলেগু, হিন্দী, কানাড়া, তামিল, মালায়ালম ভাষাত ‘পুষ্পা ২’ মুকলি কৰা হৈছে। তৃতীয় দিনা, য’ত ছবিখনৰ তেলেগু সংস্কৰণে ৩১.৫ কোটি টকা উপাৰ্জন কৰিছে, হিন্দী ভাষাত ছবিখনে ৭৩.৫কোটি টকা সংগ্ৰহ কৰিছে।
বিশ্বজুৰি ৪০০ কোটি অতিক্ৰম
২০২১ চনত মুক্তি দিয়া হৈছিল ‘পুষ্পা: দ্য ৰাইজ’ । সেই সময়ত দৰ্শকে ছবিখন যথেষ্ট পচন্দ কৰিছিল। এতিয়া তিনি বছৰৰ অপেক্ষাৰ অন্তত ছবিখনৰ চিকুৱেল মুকলি কৰা হৈছে। ছবিখনত অন্তৰ্ভুক্ত কৰা হৈছে আল্লু অৰ্জুন, ৰশ্মিকা মান্দন্না, ফাহাদ ফাজিলৰ দৰে অভিনেতাক।‘ফায়াৰ নহী, ৱাইল্ড ফায়াৰ‘- পুষ্পা ২ মুক্তি পোৱাৰ পূৰ্বেই ট্ৰেইলাৰ থকা এই সংলাপে সকলোকে আকৰ্ষিত কৰিছিল। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ অনুৰাগীৰ মুখে মুখে প্ৰচলিত হৈছিল এই সংলাপ। ছবিখনৰ বিশ্বজুৰি সংগ্ৰহৰ বিষয়ে ক’বলৈ গ’লে, ‘পুষ্পা 2’য়ে দ্বিতীয় দিনটোত সহজে ৪০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। আকৌ এবাৰ, এই ছবিখনে জনসাধাৰণৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।