শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Allu Arjun: অনুৰাগীৰ মৃত্যুত শোকত ম্ৰিয়মান ‘পুষ্পা’ আল্লুঃ আগবঢ়ালে ২৫ লাখ টকাৰ আৰ্থিক সহায়

পুষ্পা ২ৰ বাবে সৃষ্টি হোৱা অপাৰ উন্মাদনাৰ পৰিপ্ৰেক্ষিতত যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ এক ছবিগৃ্হৰ সমুখত বিশাল জনসমাগম হৈছিল। এনে বিশাল জনসমাগমত পদপিষ্ট হৈ মৃত্যু ঘটিছিল এগৰাকী মহিলাৰ। এই ঘটনাত লগতে তেওঁৰ ১৩ বছৰীয়া পুত্ৰ সন্তানো আঘাতপ্ৰাপ্ত হয়। হায়দৰাবাদৰ এই ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি আল্লু অৰ্জুনে নিহত মহিলাগৰাকীৰ পৰিয়ালটোক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

Allu Arjun: অনুৰাগীৰ মৃত্যুত শোকত ম্ৰিয়মান ‘পুষ্পা’ আল্লুঃ আগবঢ়ালে ২৫ লাখ টকাৰ আৰ্থিক সহায়
আল্লু অৰ্জুন
monjit-dutta
Monjit Dutta | Updated On: 07 Dec 2024 08:28 AM

সমগ্ৰ দেশতে এতিয়া পুষ্পাৰ চৰ্চা। দেশজুৰি সফলতাৰ বন্যা তুলিছে পুষ্পা ২ ছবিয়ে। লাভ কৰিছে অপাৰ জনপ্ৰিয়তা। দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্ধান্না অভিনীত এই ছবিখনক লৈ মুক্তিৰ পূৰ্বৰে পৰা দেখিবলৈ পোৱা গৈছিল অপাৰ উৎকণ্ঠা। আৰু ছবিগৃ্হত পুষ্পা ২ মুক্তি পোৱাৰ লগে লগে এই উৎকণ্ঠা তথা উছাহ স্পষ্ট হৈ পৰিছে। পুষ্পাৰ উন্মাদনাই চিনে প্ৰেমীক বাৰুকৈয়ে স্পৰ্শ কৰিছে। যোৱা ৫ ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰাৰ পিছতে বক্স অফিচত খলকনি তুলিছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি লাভ কৰিছে বিপুল উপাৰ্জন।

বক্স অফিচৰ সমান্তৰালকৈ এতিয়া অনুৰাগীৰো হৃদয় জিনিছে ‘পুষ্পা’ আল্লু অৰ্জুনে। এক ভিডিঅ’ বাৰ্তা যোগে অনুৰাগীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু নিষ্ঠা প্ৰকাশ কৰি সকলোকে মুগ্ধ কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। পুষ্পাৰ মুক্তিৰ আগদিনা দক্ষিণৰ বহু অঞ্চলত দেখিবলৈ পোৱা গৈছিল ছবিখনৰ প্ৰতি অনুৰাগীৰ উন্মাদনা। যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ এক ছবিগৃ্হৰ সমুখত বিশাল জনসমাগম হৈছিল।

এনে বিশাল জনসমাগমত পদপিষ্ট হৈ মৃত্যু ঘটিছিল এগৰাকী মহিলাৰ। নিহত মহিলাগৰাকীক ৰেৱতী (৩৫) বুলি চিনাক্ত কৰা হৈছিল। এই ঘটনাত লগতে তেওঁৰ ১৩ বছৰীয়া পুত্ৰ সন্তানো আঘাতপ্ৰাপ্ত হয়। এই ঘটনাৰ খবৰ সমগ্ৰ দেশৰ সংবাদ মাধ্যমতে প্ৰকাশ পাইছিল। এই শোকাৱহ ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা যোগে শোক প্ৰকাশ কৰিছে আল্লু অৰ্জুনে। তেওঁ লগতে নিহত মহিলাগৰাকীৰ পৰিয়ালটোক সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিছে।

নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি আল্লু অৰ্জুনে হায়দৰাবাদত সংঘটিত এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। এই আবেগিক বাৰ্তাটোত অভিনেতাগৰাকীয়ে লগতে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি উল্লেখ কৰি উক্ত পৰিয়ালটোক সকলো ধৰণৰ সহায়ৰ বাবে চেষ্টা কৰিব বুলিও আশ্বাস দিয়ে।

আল্লু অৰ্জুনে ভিডিঅ’ বাৰ্তাটোত কয় যে সন্ধ্যা থিয়েটাৰত সংঘটিত এই ঘটনাৰ কথা জানিব পাৰি তেওঁলোক হতভম্ব হৈ পৰিছে। এই দুখজনক খবৰৰ পিছত তেওঁলোকে পুষ্পাৰ সফলতাৰ উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰা নাই বুলি বুলিও আল্লু অৰ্জুনে উল্লেখ কৰে। নিহত মহিলাগৰাকীৰ পৰিয়াললৈ আল্লু অৰ্জুনে নিজাকৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে।

লগতে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালক তেওঁলোকৰ দলৰ পৰা যিকোনো সহায় আগবঢ়াবলৈ সাজু বুলিও জনপ্ৰিয় অভিনেতাগৰাকীয়ে আশ্বাস দিয়ে। এই কঠিন সময়ত পৰিয়ালটো অকলশৰীয়া নহয় বুলি আশ্বস্ত কৰি আল্লু অৰ্জুনে লগতে পৰিয়ালটোক সাক্ষাৎ কৰাৰো প্ৰতিশ্ৰুতি দিছে। সমান্তৰালকৈ ছবিগৃ্হলৈ আহি পুষ্পা ২ ছবিখন উপভোগ কৰিবলৈও অনুৰাগীক আহ্বান জনায় ছুপাৰষ্টাৰগৰাকীয়ে।