আহি আছে ‘SSMB 29’, তাৰ পূৰ্বে দুৰ্গা পূজাত দেখা গ’ল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক…
হঠাত দেশত উপস্থিত হৈছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। সাধাৰণতে তেওঁ আমেৰিকাত থাকে যদিও শেহতীয়াকৈ তেওঁ দুৰ্গা পূজাত অংশ লোৱা দেখা গৈছে। ইফালে তেওঁৰ এখন নতুন ছবিও আহি আছে।

দীৰ্ঘদিন ধৰি দেশৰ বাহিৰত বসবাস কৰি আহিছে এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে। বলীউডৰ পৰাও প্ৰায় দূৰৈত অৱস্থান তেওঁৰ। স্বামী, কন্যা আৰু পৰিয়ালৰ সৈতে আমেৰিকাতে থাকিবলৈ ল’লে তেওঁ। গতিকে, দুৰ্গা পূজাৰ সময়তো আমেৰিকাতেই থাকে। কিন্তু এইবাৰ ইয়াৰ বিপৰীত এক দৃশ্য দেখা গ’ল। হঠাৎ বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাক দেখা গ’ল ৰাণী আৰু কাজলৰ দুৰ্গা পূজাত!
নীলা আৰু ৰূপালী ৰঙৰ চেলৱাৰ পিন্ধি পূজাস্থলীলৈ আহিল প্ৰিয়ংকা। খৰধৰকৈ আহি মঞ্চত উঠি দুৰ্গা দেৱীৰ প্ৰতিমা দৰ্শন কৰে তেওঁ। কেমেৰাৰ সন্মুখত তেওঁ নিজেই পোজ দিলে। এই উপস্থিতিৰে সকলোৰে হৃদয় জয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে প্ৰিয়ংকাই নিজৰ স্বামী নিক জোনাছ আৰু কন্যাক লগত লৈ আহিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
প্ৰিয়ংকাক লগ কৰিবলৈ আহিছিল মুখাৰ্জী পৰিয়ালৰ পুত্ৰ তথা পৰিচালক অয়ন মুখাৰ্জী। অৱশ্যে ৰাণী বা কাজলৰ সৈতে লগ হোৱা নাছিল। কিন্তু ৰাণী আৰু কাজলৰ দুৰ্গা পূজাত প্ৰিয়ংকাৰ আগমনে যথেষ্ট আচৰিত কৰি তুলিছিল।
প্ৰসংগক্ৰমে যোৱা কেইবছৰমানৰ পৰা চিনেমাপ্ৰেমীৰ বাবে এটা কথা স্পষ্ট হৈ পৰিছে, সেয়া হ’ল পৰিচালক এছ এছ ৰাজামৌলিৰ ছবিবোৰ ছুপাৰ হিট হয়। গতিকে, এইবাৰ তেওঁ কি কি আচৰিত ধাৰণা কঢ়িয়াই আনে, সেয়া চাবলৈ সদায় সকলোৱেই উৎকণ্ঠিত হৈ আছে। তাৰ মাজতেই এইবাৰ তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে, কাৰণ ৰাজামৌলিয়ে নিৰ্মাণ কৰিছে তেওঁৰ আটাইতকৈ ডাঙৰ ছবি, তেওঁৰ সপোনৰ ছবি ‘SSMB 29’।
এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছুপাৰষ্টাৰ মহেশ বাবু, প্ৰিয়ংকা চোপ্ৰা আৰু পৃথ্বীৰাজ সুকুমাৰনে। সূত্ৰ অনুসৰি ছবিখনৰ এটা ডাঙৰ অংশ শেহতীয়াকৈ কেনিয়াৰ বিভিন্ন সুন্দৰ স্থানত শ্বুটিং কৰা হৈছে। মাছাই মাৰা, নাইভাছা হ্ৰদ, চাম্বুৰু আৰু কিলিমাঞ্জাৰো আদি ঠাইতো শ্বুটিং কৰা হৈছে। খবৰ অনুসৰি কেনিয়া চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলেও এই শ্বুটিঙৰ প্ৰশংসা কৰিছে।
অন্য খবৰ পঢ়কঃ কেনে আছিল শ্বাহৰুখৰ ব্যক্তিত্ব? জনালে দীপিকাই…