শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাপুৰ পৰিয়ালৰ কোনো এটাও গুণ নাই! ৰণবীৰ কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বলীউডৰ অভিনেতাৰ….

তেওঁ লগতে কয়, "কেমেৰাৰ আগত থকা সময়ত তেওঁ এজন বেলেগ মানুহ। কেমেৰা বন্ধ হ’লে তেওঁ আন এজন মানুহ হৈ পৰে। তেওঁৰ দৰে অভদ্ৰ, অশালীন হিৰো খুব কম। তেওঁ কাপুৰ বংশৰ কোনো পৰম্পৰা আগবঢ়াই নিয়া নাই। আৰু সেইবাবেই ৰণবীৰ ইমান ডাঙৰ অভিনেতা। তেওঁ নিজৰ ধৰণেৰে আগবাঢ়িছে।"

কাপুৰ পৰিয়ালৰ কোনো এটাও গুণ নাই! ৰণবীৰ কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বলীউডৰ অভিনেতাৰ….
ৰণবীৰ কাপুৰ
trishna-kalita
Trishna Kalita | Published: 10 Dec 2025 14:09 PM

অভদ্ৰ, অশালীন, তেওঁৰ গাত কাপুৰ পৰিয়ালৰ কোনো সভ্যতা, ভদ্ৰতা নাই!  ৰণবীৰ কাপুৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বলীউডৰ জনপ্ৰিয় গীতিকাৰ, লেখক তথা অভিনেতা পীযূষ মিশ্ৰই। তেওঁ স্পষ্টকৈ কয় যে, ৰণবীৰৰ শৰীৰত কাপুৰ পৰিয়ালৰ তেজ থাকিলেও ৰণবীৰ কাপুৰ পৰিয়ালৰ দৰে একেবাৰেই নহয়।

শেহতীয়াকৈ লালন টপকেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পীযূষে কয়, “এই প্ৰজন্মৰ বলীউডৰ অভিনেতাসকলৰ যদি এজন আটাইতকৈ প্ৰতিভাৱান অভিনেতা আছে তেন্তে সেয়া হ’ল ৰণবীৰ কাপুৰ। বলীউডত ইমান শক্তিশালী অভিনেতা খুব কম। মই তেওঁক তাৰকা হোৱাৰ আগতে ওচৰৰ পৰা দেখিছো। কোনো চাপে ৰনবীৰক ভাগৰুৱা কৰিব নোৱাৰে।”

তেওঁ লগতে কয়, “কেমেৰাৰ আগত থকা সময়ত তেওঁ এজন বেলেগ মানুহ। কেমেৰা বন্ধ হ’লে তেওঁ আন এজন মানুহ হৈ পৰে। তেওঁৰ দৰে অসভ্য, অভদ্ৰ হিৰো খুব কম আছে। তেওঁ কাপুৰ বংশৰ কোনো পৰম্পৰা আগবঢ়াই নিয়া নাই। আৰু সেইবাবেই ৰণবীৰ ইমান ডাঙৰ অভিনেতা। তেওঁ নিজৰ ধৰণেৰে আগবাঢ়িছে।”

পীযূষ মিশ্ৰই লগতে কয়, ৰণবীৰৰ আটাইতকৈ ভাল কথাটো হ’ল অভিনয় কৰি থাকোঁতে তেওঁ কাপুৰ পৰিয়ালৰ কোনো বোজা কান্ধত নলয়। শ্বুটিঙৰ সময়ত ৰণবীৰ আন পাঁচজন অভিনেতাৰ দৰে। তেওঁৰ কোনো বিশেষ আচৰণ নাই। কেমেৰা অন থাকিলে তেওঁ কেৱল ৰণবীৰ, কাপুৰ উপাধিটো বহু দূৰতে থাকে।

সম্প্ৰতি সঞ্জয় লীলা ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’ ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ আছে ৰনবীৰ কাপুৰ। ৰণবীৰৰ উপৰিও ছবিখনত অভিনয় কৰিছে বিকি কৌশল আৰু আলিয়া ভাটে। পীযূষ মিশ্ৰকো ছবিখনত অভিনয় কৰা দেখা যাব।