সন্ত্ৰাসবাদীৰ বাবে হিন্দু নাম ব্যৱহাৰ! কিয় নিষিদ্ধ কৰাৰ দাবী উঠিছে IC 814 ৱেব ছিৰিজখন
সন্ত্ৰাসবাদীসকলে ৱেব ছিৰিজখনত বাৰ্গৰ, ছীফ, শংকৰ আৰু ভোলা নাম ব্যৱহাৰ কৰিছে। অভিযোগ কৰা হৈছে যে ৱেব ছিৰজখনত প্ৰকৃত নাম লুকুৱাই ৰখাৰ চেষ্টা কৰা হৈছে।সন্ত্ৰাসবাদীসকলৰ প্ৰকৃত নাম আছিল - ইব্ৰাহিম, ছাহিদ আখতাৰ ছৈয়দ,ছনী আহমেদ কাজী, মিস্ত্ৰী জহুৰ ইব্ৰাহিম আৰু চাকিৰ।
বিতৰ্কত সোমাই পৰিছে নেটফ্লিক্সত মুক্তি লাভ কৰা ‘আই চি ৮১৪: দ্য কণ্ডাহাৰ হাইজেক’ নামৰ ৱেব ছিৰিজখন। কিয়নো ৱেব ছিৰিজখন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ (পিআইএল) দাখিল কৰা হৈছে। আবেদনখনত ন্যায়ালয়ক দাবী জনাই মিনি ছিৰিজ ‘আই চি ৮১৪: দ্য কণ্ডাহাৰ হাইজেক’ নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে। পিআইএলত অভিযোগ উত্থাপন কৰা হৈছে যে অপহৰণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ প্ৰকৃত পৰিচয় ধাৰাবাহিকখনত লুকাই ৰখাৰ চেষ্টা কৰা হৈছে।
আবেদনখনত উল্লেখ কৰা হৈছে যে, অনুভৱ সিনহাৰ দ্বাৰা নিৰ্দেশিত ৱেব ছিৰিজখনত সন্ত্ৰাসবাদীজনক হিন্দু নাম দি তেওঁলোকৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰখা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, অনুভৱ সিনহাৰ দ্বাৰা নিৰ্দেশিত এই ৱেব ছিৰিজখনত বিমান হাইজেক কৰা সন্ত্ৰাসবাদীসকলৰ বিষয়ে দেখুওৱা হৈছে। কিন্তু মুক্তিৰ পাছতেই এই ছিৰিজখনৰ বিতৰ্কত সোমাই পৰিছে।
A Public Interest Litigation (PIL) has been filed in the Delhi High Court seeking a ban on the mini-series 'IC 814: The Kandahar Hijack'. The PIL alleges that the series distorts the actual identities of the terrorists involved in the hijacking. pic.twitter.com/Ezvhrt6dDn
— ANI (@ANI) September 2, 2024
জানিব পৰা মতে ৱেব ছিৰিজখনৰ বিতৰ্ক সন্দৰ্ভত চৰকাৰেও হস্তক্ষেপ কৰিছে। এই সন্দৰ্ভত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নেটফ্লিক্সৰ কন্টেন্ট মুৰব্বীক মাতি পঠিয়াইছে। ছবিখনত সন্ত্ৰাসবাদীৰ নাম সলনি কৰাৰ সমান্তৰালকৈ চৰকাৰে অন্য দিশতো উত্তৰ বিচাৰিব বুলি জানিব পৰা গৈছে। এনেবোৰ কাৰণতে ৱেব ছিৰিজখনৰ সমস্যা এতিয়া বৃদ্ধি পাইছে।
ৱেব ছিৰিজখন সন্দৰ্ভত বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালবিয়াই এক্সত লিখিছিল যে “আইচি-৮১৪ৰ হাইজেকাৰসকল ভয়ংকৰ সন্ত্ৰাসবাদী। যিয়ে নিজৰ মুছলমান পৰিচয় লুকুৱাবলৈ কাল্পনিক নাম গ্ৰহণ কৰিছিল। চলচ্চিত্ৰ পৰিচালক অনুভৱ সিনহাই হিন্দু নাম প্ৰচাৰ কৰি তেওঁলোকৰ অপৰাধমূলক উদ্দেশ্যক বৈধতা প্ৰদান কৰিছে”।
উল্লেখ্য যে, “IC 814” ১৯৯৯ চনৰ ডিচেম্বৰ মাহত সংঘটিত হোৱা এটা প্ৰকৃত ঘটনাৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে। নেপালৰ কাঠমাণ্ডুৰ পৰা দিল্লীলৈ আহিবলগীয়া ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান IC 814 খন সন্ত্ৰাসবাদীয়ে হাইজেক কৰিছিল। পাছত বিমানখনত বিভিন্ন পথেৰে লৈ গৈ কণ্ডাহাৰ, আফগানিস্তানলৈ নিছিল।
এই ঘটনাত যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে সন্ত্ৰাসবাদীসকলৰ দাবী মানি ল’ব লগা হৈছিল। এই দাবীসমূহৰ ভিতৰত এটা আছিল , ৩ সন্ত্ৰাসবাদী- মৌলানা মছুদ অহজৰ, ওমৰ ছৈয়দ শেখ আৰু মুস্তাক আহমেদক মুকলি কৰি দিয়া। তাৰ পাছতে ভাৰত চৰকাৰে এই সন্ত্ৰাসবাদী কেইজনক মুকলি কৰি দিছিল। ভাৰতত এই ৩ সন্ত্ৰাসবাদীয়ে সবাতোকৈ বেছি সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে।
কিন্তু ৱেব ছিৰিজখনত সন্ত্ৰাসবাদীসকলে প্ৰকৃত নামৰ বিপৰীতে কোড ব্যৱহাৰ কৰা দেখা গৈছে। সন্ত্ৰাসবাদীসকলে ৱেব ছিৰিজখনত বাৰ্গৰ, ছীফ, শংকৰ আৰু ভোলা নাম ব্যৱহাৰ কৰিছে। অভিযোগ কৰা হৈছে যে ৱেব ছিৰজখনত প্ৰকৃত নাম লুকুৱাই ৰখাৰ চেষ্টা কৰা হৈছে। ২০০০ চনৰ ৬ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি সন্ত্ৰাসবাদীসকলৰ প্ৰকৃত নাম আছিল – ইব্ৰাহিম, ছাহিদ আখতাৰ ছৈয়দ,ছনী আহমেদ কাজী, মিস্ত্ৰী জহুৰ ইব্ৰাহিম আৰু চাকিৰ। যাৰ বাবে এতিয়া বিতৰ্কত আছে ৱেব ছিৰিজখন।