৮ ঘন্টাত, ৩ টা অস্ত্ৰোপচাৰ…দুৰ্ঘটনাৰ ৪ দিনৰ অন্তত কণ্ঠশিল্পী পৱনদীপ ৰাজনৰ অৱস্থা কেনেকুৱা?
Pawandeep Rajan: ৫ মে'ত দুৰ্ঘটনাত পতিত হৈছিল 'ইণ্ডিয়ান আইডল ১২'ৰ বিজয়ী পৱনদীপ ৰাজন। পৱনদীপৰ টীমে দিছে স্বাস্থ্যৰ আপডেট । টীমে জনোৱা মতে তিনিটা অস্ত্ৰোপচাৰ কৰা হৈছে কণ্ঠশিল্পীগৰাকীৰ। এতিয়াও ভৰ্তি হৈ আছে ICU ত।

নিজৰ কণ্ঠৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰা পৱনদীপ ৰাজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যাৰ বাবে চিন্তিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল ৫ মে’ত দুৰ্ঘটনাত পতিত হৈছিল ‘ইণ্ডিয়ান আইডল ১২’ৰ বিজয়ী পৱনদীপ। নয়ডাৰ ফৰ্টিছ হাস্পতালত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী। তেওঁৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছে অনুৰাগীয়ে । ইয়াৰ মাজতে স্বাস্থ্যৰ আপডেট প্ৰকাশ কৰিছে টীমে ।
পৱনদীপ ৰাজনৰ স্বাস্থ্য সন্দৰ্ভত তথ্য দি তেওঁৰ টীমে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট কৰিছে। য’ত লিখিছে, “কালি পৱনৰ আৰু ৩টা অস্ত্ৰোপচাৰ হৈছিল। ৰাতিপুৱাই তেওঁক অপাৰেচন থিয়েটাৰলৈ লৈ যোৱা হৈছিল, ৮ ঘণ্টা সময় লাগিছিল আৰু তেওঁৰ হাড়ভঙাৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছিল।”
সুস্থ হৈ উঠিছে পৱনদীপ ৰাজন
দলটোৱে আৰু লিখিছে, “তেওঁ এতিয়াও আই চি ইউত পৰ্যবেক্ষণৰ অধীনত আছে আৰু আৰু কেইদিনমান তাতেই থাকিব।চিকিৎসকে কৈছে যে তেওঁ সুস্থ হৈ উঠিছে।এতিয়া তেওঁৰ বাবে প্ৰাৰ্থনা কৰক যাতে তেওঁ সোনকালে সুস্থ হৈ উঠে।” দলটোৱে পৱনদীপক দিয়া মৰম আৰু প্ৰাৰ্থনাৰ বাবে সকলো অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে।
কেনেকৈ সংঘটিত হৈছিল দুৰ্ঘটনাটো?
পৱনদীপ ৰাজনে নিশা বন্ধুৰ সৈতে উত্তৰাখণ্ডৰ নিজৰ ঘৰৰ পৰা নয়ডালৈ গৈ আছিল। ৰাহুল নামৰ এজন ব্যক্তিয়ে বাহনখন চলাই আছিল। তেওঁৰ অলপ টোপনি অহাত গাড়ীখনে ঘাইপথৰ কাষত ৰখাই থোৱা কেণ্টাৰ এটাৰ পিছফালে খুন্দা মাৰে। এই দুৰ্ঘটনাত আটাইকেইজন লোক আহত হয়।
বৰ্তমান সময়ত পৱনদীপৰ লাখ লাখ ফেন ফ’ল’ৱাৰ আছে। তেওঁৰ আশু আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে। যদিও পৱনে আগতেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ কণ্ঠৰে মানুহক মনোৰঞ্জন দিছিল, কিন্তু ‘ইণ্ডিয়ান আইডল ১২’ৰ পৰা তেওঁ প্ৰকৃত স্বীকৃতি লাভ কৰিছিল। এই শ্ব’টোৰ খিতাপ তেওঁ লাভ কৰিছিল। এই শ্ব’টোৰ জৰিয়তে তেওঁৰ কণ্ঠৰ যাদুই মানুহক মোহিত যে আজি অনুৰাগীসকল তেওঁৰ বাবে পাগল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত তেওঁৰ ফেন ফ’ল’ৱাৰ যথেষ্ট ভাল। ১৭ লাখ লোকে তেওঁক ইনষ্টাগ্ৰামত ফ’ল’ কৰে।