শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হঠাৎ মৃত্যু হ’ব! কেইমাহমান পূৰ্বে শ্বেফালী সন্দৰ্ভত কোনে কৰিছিল ভৱিষ্যদ্বাণী…

কাৰ কেতিয়া মৃত্যু হয় কোনোৱে নাজানে। কেতিয়াবা হঠাতে কোনোবা এজনৰ মৃত্যু হ’লে সেই মৃত্যুই বহুতক স্তম্ভিত কৰি তোলে। অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ মৃত্যুইও অনুৰাগীক জোকাৰি গৈছে।

হঠাৎ মৃত্যু হ’ব!  কেইমাহমান পূৰ্বে শ্বেফালী সন্দৰ্ভত কোনে কৰিছিল ভৱিষ্যদ্বাণী…
শ্বেফালীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 29 Jun 2025 15:47 PM

জন্ম,মৃত্যু, বিবাহ এই তিনি বস্তুৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। বিভিন্ন সময়ত ঘটি থকা ঘটনাবোৰে ইয়াকে প্ৰমাণ কৰে। বহু সময়ত মানুহে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত এই পৃথিৱী এৰি যায়, কিন্তু কেতিয়াবা হঠাতে কোনোবা এজনৰ মৃত্যু হ’লে সেই মৃত্যুই বহুতক স্তম্ভিত কৰি তোলে। অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ মৃত্যুইও অনুৰাগীক জোকাৰি গৈছে। মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৪২ বছৰ। কাৰ্ডিঅ এৰেষ্ট হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।

কিন্তু কেইমাহমানৰ আগতে এটা প’ডকাষ্টত বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী পাৰছ ছাব্ৰাই ভৱিষ্যদ্বাণী কৰিছিল যে তেওঁৰ হঠাত মৃত্যু হ’ব পাৰে। এই ভৱিষ্যতবাণীৰ কেইটামান মাহ পাছতেই অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়। যাৰ বাবে আৱেগিক হৈ পৰিছে পাৰছ ছাব্ৰা। পাৰছ ছাব্ৰা ছলমান খানৰ শ্ব’ বিগ বছ ১৩ ত ফাইনেলিষ্ট আছিল। একে ছিজনতে শ্বেফালীয়েও ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে শ্ব’ত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত দুয়োৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল।

কেইমাহমান আগৰ কথা। পৰাছ ছাব্ৰাৰ ইউটিউব প’ডকাষ্ট ‘আবৰা কা দাবৰা’ত উপস্থিত আছিল শ্বেফালী। সেই সময়ছোৱাত পৰাছে শ্বেফালীৰ ৰাশিফল ​​পঢ়া বুলি দাবী কৰিছিল আৰু তাৰ আধাৰত তেওঁ হঠাৎ মৃত্যুৰ কথা কৈছিল।

কি কৈছিল পাৰছে

প’ডকাষ্টটোৰ এটা ভিডিঅ’ ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত পাৰছে কৈছে- “মই তোমাৰ ৰাশিফল চাইছিলো। তোমাৰ অষ্টম স্থানত চন্দ্ৰ, কেতু আৰু বুধ আছে। চন্দ্ৰ আৰু কেতুৰ সংমিশ্ৰণেই আটাইতকৈ বেয়া। চন্দ্ৰ কি মন, কেতু কি? কেতুৰ মূৰ নাই, শৰীৰ আছে। গতিকে দুয়োটা একেলগে থকা বহুত বেয়া, আৰু ৮ম ঘৰটো ‘ক্ষতি’ৰ বাবে। ই হঠাৎ মৃত্যু, বিখ্যাত হোৱা, লুকাই থকা বস্তু, তান্ত্ৰিক বস্তু আদি। তোমাৰ চন্দ্ৰ আৰু কেতু কেৱল বেয়াই নহয়, বুধো তেওঁলোকৰ লগত বহি আছে। চন্দ্ৰ আৰু বুধৰ মাজত একেবাৰে মিল নাই। চন্দ্ৰ আৰু বুধ মুখামুখিকৈ ​​বহি থাকিলেও ইহঁতে বহুত উদ্বিগ্নতাৰ সৃষ্টি কৰে। একেলগে বহি থাকিলে স্নায়ুজনিত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে”।

 

 

View this post on Instagram

 

A post shared by The OG (@bigdaddyyyyy3)

পাৰছ ছাব্ৰাৰ এই ভৱিষ্যতদ্বাণী এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আনহাতে অভিনেত্ৰীগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে পাৰছে। দুয়ো ভাল বন্ধু আছিল। শ্বেফালীৰ স্বামী পৰাগ ত্যাগীক পাৰছে ভাতৃ বুলি গণ্য কৰে। কেৱল পাৰছেই নহয়, শ্বেফালীৰ মৃত্যুত তেওঁৰ আত্মীয় আৰু অনুৰাগীসকলো দুখী হৈছে।

 

অন্য খবৰ পঢ়কঃ পূৰ্বতে পিতৃ-মাতৃৰ পৰা পিটন খাইছিলো, এতিয়া সন্তানে…নিজৰ ল’ৰা-ছোৱালী সন্দৰ্ভত কি ক’লে আমিৰ খানে…