দ্য গ্ৰেট ইণ্ডিয়ান কপিল শৰ্মা শ্ব’ৰ গ্ৰেণ্ড কামবেক, বিনামূলীয়াকৈ মঞ্চত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব সকলোৱে…
যদি আপোনাৰ কথন, কৌতুক, অদ্ভুত নৃত্য বা কোনো অসাধৰণ প্ৰতিভা আছে, তেন্তে দ্য কপিল শৰ্মা শ্ব’ৱে আপোনাক আদৰণি জনাইছে। তৃতীয় ছিজন লৈ দৰ্শকৰ মাজলৈ উভতি আহিব দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ । পিছে এইবাৰ শ্ব’টো হ'ব কিছু বিশেষ। কিয়নো সাধাৰণ জনতাৰ প্ৰতিভা প্ৰকাশ পাব এই শ্ব’ত। ইয়াৰ বাবে মাত্ৰ কিছুমান নিয়ম মানি চলিব লাগিব।

দেশৰ বিখ্যাত কমেডিয়ান কপিল শৰ্মাই তেওঁৰ জনপ্ৰিয় অনুষ্ঠান দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ তৃতীয় ছিজনেৰে গ্ৰেণ্ড কামবেক কৰিবলৈ সাজু হৈছে। এতিয়া আপুনি নেটফ্লিক্সত এই অনুষ্ঠানটো উপভোগ কৰিব পাৰিব আৰু আপোনাৰ সকলো চিন্তা পাহৰি জোৰেৰে হাঁহিব পাৰিব। অৱশ্যে এইবাৰ ছিজনটোত দৰ্শকক কেৱল হাঁহিবলৈ নহয়, হহুৱাবলৈও সুযোগ দিয়া হ’ব। কিয়নো শ্ব’টোত দৰ্শকৰ বাবে ৰেড কাৰ্পেট প্ৰস্তুত কৰিছে নিৰ্মাতাসকলে।
যদি কপিল শৰ্মাৰ অনুষ্ঠান চোৱাৰ পিছত আপুনিও অনুভৱ কৰে যে আপুনিও মানুহক ভালকৈ মনোৰঞ্জন দিব পাৰে, তেন্তে এয়া আপোনাৰ বাবে সুন্দৰ সুযোগ। নতুন চমক লৈ ঘূৰি আহিছে কপিল শৰ্মাৰ দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ এই ছিজনটো। এইবাৰ শ্ব’টোৰ প্লেটফৰ্ম ছুপাৰ ফেনসকলৰ বাবে উৎসৰ্গা কৰা হৈছে। শ্ব’টোৱে ঘোষণা কৰিছে যে যিসকলৰ আচৰিত নৃত্য, অস্বাভাৱিক প্ৰতিভা বা কিছু ব্যতিক্ৰম তথা অনন্য প্ৰতিভা আছে, তেওঁ এতিয়া শ্ব’টোৰ অংশ হ’ব পাৰে।
View this post on Instagram
কেনেকৈ যোগদান কৰিব পাৰিব?
ইয়াৰ বাবে অনুৰাগীসকলে তিনিটা সহজ প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব। আপুনি কেনেকৈ কপিল শৰ্মা শ্ব’ৰ অংশ হ’ব পাৰিব জানো আহক। প্ৰথমে আপুনি @netflix_in আৰু @thegreatindiankapilshow অনুসৰণ কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ নিজৰ প্ৰতিভাৰে ১ মিনিটৰ ভিডিঅ’ বনাই ইনষ্টাগ্ৰামত আপলোড কৰিব লাগিব। লগতে @thegreatindiankapilshow ক #HarFunnyvaarBadhegaParivaar আৰু #thegreatindiansuperfan ৰে টেগ কৰিব লাগিব। ইয়াৰ লগতে নিজৰ নাম, চহৰৰ নাম কোৱাৰ উপৰিও ক’ব লাগিব যে আপুনি The Great Indian Kapil Show কিয় ভাল পায়। এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ বিনামূলীয়া।
এইবাৰ তৃতীয় ছিজনত কপিল শৰ্মা, অৰ্চনা পুৰাণ সিং, সুনীল, কৃষ্ণ অভিষেক আৰু কিকু শৰ্দাক অন্তৰ্ভুক্ত কৰা হ’ব। ২১ জুনৰ পৰা সকলোকে হাঁহিবলৈ বাধ্য কৰোৱা এই শ্ব’টো চাবলৈ পাব । প্ৰতি শনিবাৰে নিশা ৮ বজাত নেটফ্লিক্সত প্ৰচাৰ কৰা হ’ব এই অনুষ্ঠান। ছিজনটোৰ নতুন সংযোজনৰ কতা জনাৰ পিছত ইয়াক লৈ যথেষ্ট উৎসাহিত হৈ পৰিছে দৰ্শকসকল। এতিয়া চাবলগীয়া হ’ব যেতিয়া সাধাৰণ জনতাই ইমান ডাঙৰ মঞ্চলৈ আহি নিজৰ অনন্য প্ৰতিভা প্ৰদৰ্শন কৰিব।