শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাজিয়াত লিপ্ত ৰণবীৰ-ভাঞ্চালী! বন্ধ হ’ল নেকি এই বিগ বাজেটৰ ছবিৰ শ্বুটিং?

পোহৰলৈ আহিছিল ছবিখনৰ ছেটত অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে সঞ্জয় লীলা ভাঞ্চালীৰ মনোমালিন্যৰ খবৰ। আৰু এই খবৰে যোৱা কিছুদিন ধৰি বলীউড জগত একপ্ৰকাৰে উত্তাল কৰি ৰাখিছিল। এতিয়া পোহৰলৈ আহিছে আন এক খবৰ।

কাজিয়াত লিপ্ত ৰণবীৰ-ভাঞ্চালী! বন্ধ হ’ল নেকি এই বিগ বাজেটৰ ছবিৰ শ্বুটিং?
ৰণবীৰ আৰু ভাঞ্চালীৰ মাজত কাজিয়াৰ খবৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 04 Jan 2026 13:03 PM

প্ৰখ্যাত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ‘ড্ৰিম প্ৰজেক্ট’ ‘লাভ এণ্ড ৱাৰ’ৰ ছেটৰ পৰা অহা এক খবৰে শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰিছে। পোহৰলৈ আহিছিল ছবিখনৰ ছেটত অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে সঞ্জয় লীলা ভাঞ্চালীৰ মনোমালিন্যৰ খবৰ। আৰু এই খবৰে যোৱা কিছুদিন ধৰি বলীউড জগত একপ্ৰকাৰে উত্তাল কৰি ৰাখিছিল। অৱশ্যে শেহতীয়া খবৰ অনুযায়ী, এই খবৰৰ আঁৰৰ কাণ কিছু সুকীয়া। কোনো বিবাদ বা মতভেদৰ বাবে নহয়, বৰঞ্চ ছবিখনৰ কাম বাকী থকাৰ বাবেহে শ্বুটিং আৰু মুক্তিৰ সময়সীমা পিছুৱাই দিয়া হৈছে।

‘মিড-ডে’ৰ এক প্ৰতিবেদন অনুসৰি, ছবিখনৰ শ্বুটিং বন্ধ হোৱাৰ কাৰণ কোনো বিতৰ্ক নহয়। প্ৰডাকচনৰ ঘনিষ্ঠ এক সূত্ৰই জানিবলৈ দিয়া মতে ছবিৰ সমগ্ৰ ইউনিট বৰ্তমান পূৰ্বপৰিকল্পি ছুটীত আছে। কেইমাহমান পূৰ্বেই এই ছুটীৰ পৰিকল্পনা কৰা হৈছিল। সাধাৰণতে ভাঞ্চালীৰ ছবি মানেই এক বিশাল কেনভাচ, সেয়েহে সামান্য বিৰতিকো বহুলোকে কামত বিলম্ব হোৱা বুলি ভুল ধাৰণা কৰিছে।

গুৰুত্বপূৰ্ণ অংশ এতিয়াও বাকী

জানিব পৰা মতে, ছবিখনৰ বহু কাম এতিয়াও বাকী আছে। যিহেতু ‘লাভ এণ্ড ৱাৰ’ এখন ‘পিৰিয়ড ড্ৰামা’, সেয়েহে VFX আৰু পেচৱৰ্কৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। তদুপৰি কিছুমান বিশেষ দৃশ্য আৰু গানৰ শ্বুটিং কৰিবলৈও বাকী আছে। ছবিৰ তিনি তাৰকা ক্ৰমে ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু বিকি কৌশল এই প্ৰকল্পৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকৰ মাজত কোনো বিৰোধ নাই বুলিও স্পষ্ট কৰি দিয়া হৈছে।

আগষ্টত মুক্তিৰ সম্ভাৱনা

নতুন পৰিকল্পনা অনুসৰি, চলিত বৰ্ষৰে মাৰ্চ মাহৰ ভিতৰত এই ছবিখনৰ শ্বুটিং শেষ কৰাৰ লক্ষ্য লৈছে নিৰ্মাতাসকলে। পূৰ্বে ছবিখন ২০২৬ চনৰ ঈদত মুক্তি পোৱাৰ কথা আছিল যদিও, বৰ্তমান মুক্তিৰ সময় পিছুৱাই আগষ্ট মাহত মুক্তি দিয়াৰ চিন্তা-চৰ্চা চলিছে। ইফালে, ‘লাভ এণ্ড ৱাৰ’-ৰ এই বিলম্বই ৰণবীৰৰ আন এক মেগা প্ৰজেক্ট ‘ৰামায়ণ’-ৰ নিৰ্মাতাসকলক চিন্তাত পেলাইছে।

দুয়োখন ছবিৰ মুক্তিৰ মাজত অন্ততঃ ছয় মাহৰ ব্যৱধান থাকিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু ভাঞ্চালীৰ ছবিখন আগষ্ট বা ছেপ্টেম্বৰলৈ পিছুৱাই যোৱাৰ বাবে সেই ব্যৱধান হ্ৰাস পাইছে। বহুচৰ্চিত ‘ৰামায়ণ’ ছবি এই বৰ্ষৰে দীপাৱলীত মুক্তি পোৱাৰ কথা। বলীউডৰ ভিতৰুৱা খবৰ অনুসৰি, এইদৰে বাৰে বাৰে তাৰিখ সলনি হোৱাৰ বাবে ছবিখনৰ বাজেটৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে।