প্ৰিয়ংকাৰ ১৮ বছৰ বয়সত শিশু আছিল নিক, তেতিয়াৰ পৰাই সম্পৰ্ক আৰম্ভ!
নিক জোনাছে প্ৰথমে প্ৰিয়ংকা চোপ্ৰাক টিভিত দেখিছিল। প্ৰথম দেখাতেই প্ৰেমত পৰে নিক। এইটো তেওঁলোকৰ বিয়াৰ ২০ বছৰ আগৰ কথা। প্ৰিয়ংকাই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে ২০০০ চনত যেতিয়া প্ৰিয়ংকা মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়ী হৈছিল তেতিয়া নিকৰ পৰিয়ালটোও সেই মুহূৰ্তৰ সাক্ষী হৈছিল।
মনোৰঞ্জন জগতৰ দুগৰাকী ডাঙৰ তাৰকা নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰা। নিউয়ৰ্কৰ কণ্ঠশিল্পী নিক প্ৰিয়ংকাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা কেইবাবছৰো হ’ল। বৰ্তমান দুয়োৰে এটি সন্তানো আছে। অৱশ্যে একাংশই অনুমান কৰিছিল যে এই দম্পতী সম্পৰ্ক বেছি দিন নাথাকিব। প্ৰিয়ংকা নিকতকৈ ১০ বছৰ ডাঙৰ। বহুতে ভাবে যে নিক-প্ৰিয়ংকাৰ সম্পৰ্ক হঠাতে গঢ় লৈ উঠিছিল। পিছে এইটো একেবাৰেই নহয়। নিকে সাত বছৰ বয়সৰ পৰাই প্ৰিয়ংকাক দেখি প্ৰেমত পৰিছিল।
নিকে প্ৰথমে প্ৰিয়ংকা চোপ্ৰাক টিভিত দেখিছিল। প্ৰথম দেখাতেই তেওঁৰ প্ৰেমত পৰে। বিয়াৰ ২০ বছৰ আগৰ কথা। প্ৰিয়ংকাই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে, ২০০০ চনত যেতিয়া তেওঁ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়ী হৈছিল তেতিয়া নিকৰ পৰিয়ালটোও সেই মুহূৰ্তৰ সাক্ষী হৈছিল। অৰ্থাৎ গোটেই পৰিয়ালটোৱে বহি টিভিত অনুষ্ঠানটো চাইছিল। প্ৰিয়ংকাই কয়, ‘মই যেতিয়া ১৮ বছৰ সম্পূৰ্ণ কৰিছিলো তেতিয়াই জয়ী হৈছিলো। তেতিয়া কি হৈছিল মোৰ তাৰ কোনো ধাৰণা নাছিল। মোৰ শাহু মাই মোক পিছত কয় যে, ‘সেই দিনটো তেওঁৰ স্পষ্টকৈ মনত আছে। সেই সময়ত নিকৰ বয়স আছিল মাত্ৰ ৭ বছৰ। সেইদিনা নিকে শ্ব’ চাবলৈ বহে।’ প্ৰিয়ংকাই সেইদিনা হাঁহি এটা মাৰি বুজাই দিলে যে সম্পৰ্কটো চাগে তেতিয়াৰ পৰাই আৰম্ভ হৈছিল।
প্ৰিয়ংকাৰ কেৰিয়াৰ দীঘলীয়া। জীৱন বাটত একাধিক প্ৰেমৰ সন্মুখীন হৈছে । শেষত প্ৰিয়ংকাই নিকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সম্প্ৰতি প্ৰিয়ংকা ৰাজামৌলীৰ সৈতে ছবিৰ শ্বুটিঙত ব্যস্ত।