শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দৰ্শকলৈ সুখবৰঃ আহি আছে হাথীৰাম চৌধুৰী; কেতিয়া মুক্তি পাব পাতাল লোক ২, চাওক…

২০২০ চনত মুক্তিপ্ৰাপ্ত ক্ৰাইম থ্ৰিলাৰ ৱেব ছিৰিজ পাতাল লোকে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল। সেয়ে ‘পাতল লোক’ ছিজন ২ৰ বাবে দৰ্শকৰ মাজত দেখিবলৈ পোৱা গৈছিল বহু প্ৰতীক্ষা। অৱশেষত দৰ্শকৰ এই প্ৰতীক্ষা ক্ৰমশঃ অন্ত পৰাৰ দিশত। ‘পাতল লোক’ ছিজন ২ সন্দৰ্ভত আহিছে এক নতুন আপডেট।

দৰ্শকলৈ সুখবৰঃ আহি আছে হাথীৰাম চৌধুৰী; কেতিয়া মুক্তি পাব পাতাল লোক ২, চাওক…
আহি আছে পাতাল লোক ছিজন ২
Monjit Dutta
Monjit Dutta | Published: 13 Dec 2024 20:06 PM

ক’ভিডৰ সময়ছোৱাত চৰকাৰী নীতি-নিৰ্দেশনা মানি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল সমগ্ৰ দেশৰ জনসাধাৰণ। সেই সময়তে দৰ্শকৰ অধিক কাষ চাপি আহিছিল অ’টিটি প্লেটফৰ্মসমূহ। দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল প্ৰাইম ভিডিঅ’ত সম্প্ৰচাৰিত হোৱা এখন বিশেষ ৱেব ছিৰিজে। নাম- পাতাল লোক। ছিৰিজখনৰ দুই চৰিত্ৰ হাথীৰাম চৌধুৰী আৰু হাথোড়া ত্যাগীয়ে অনন্য জনপ্ৰিয়তা লাভ কৰিছিল। ২০২০ চনত মুক্তিপ্ৰাপ্ত এই ক্ৰাইম থ্ৰিলাৰ ৱেব ছিৰিজটোৰ দ্বিতীয়টো ছিজনো মুক্তি পাব বুলি তেতিয়াই জানিব পৰা গৈছিল।

সেয়ে ‘পাতল লোক’ ছিজন ২ৰ বাবে দৰ্শকৰ মাজত দেখিবলৈ পোৱা গৈছিল বহু প্ৰতীক্ষা। অৱশেষত দৰ্শকৰ এই প্ৰতীক্ষা ক্ৰমশঃ অন্ত পৰাৰ দিশত। ‘পাতল লোক’ ছিজন ২ সন্দৰ্ভত আহিছে এক নতুন আপডেট। প্ৰাইম ভিডিঅ’ই সামাজিক মাধ্যম যোগে মুকলি কৰিছে আগন্তুক এই ৱেব ছিৰিজটোৰ নতুন পোষ্টাৰ। অৰ্থাৎ শীঘ্ৰেই নতুন ছিজনৰ জৰিয়তে দৰ্শকৰ মাজলৈ পুনৰ ঘূৰি আহিব হাথীৰাম চৌধুৰী।

প্ৰাইম ভিডিঅ’ই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টাৰখনত দেখা গৈছে হাথীৰাম চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰা জয়দীপ আহলাৱটক। চকুৰ ঠিক সন্মুখতে এখন ৰক্তাক্ত ছুৰী আৰু তাৰ পৰা টুপ টুপকৈ বৈ আছে তেজ টোপাল। এই পোষ্টাৰখন শ্বেয়াৰ কৰি প্লেটফৰ্মটোৱে লগতে লিখিছে, “পাতল লোক, নতুন ছিজন অতি সোনকালে আহি আছে।” এই অভিনৱ পোষ্টাৰখনৰ জৰিয়তেই যেন দেখুৱাই দিয়া হৈছে আগন্তুক ছিৰিজটোৰ শিহৰণ।

 

 

View this post on Instagram

 

A post shared by prime video IN (@primevideoin)

এই পোষ্টাৰখনৰ জৰিয়তে পাতাল লোকৰ দ্বিতীয় খণ্ড আহিব বুলি নিশ্চিত কৰা হৈছে যদিও কেতিয়া আহিব সেই সম্পৰ্কে কোনো তথ্য দিয়া হোৱা নাই। উল্লেখ্য যে ২০২০ চনত সম্প্ৰচাৰিত পাতাল লোকৰ প্ৰথম খণ্ডত মুখ্য চৰিত্ৰত অভিনয় কৰা জয়দীপ আহলাৱটৰ লগতে অভিষেক বেনাৰ্জী, নীৰজ কবি, গুল পানাগ, ইশ্বাক সিং, স্বস্তিকা মুখাৰ্জী, বোধিসত্ত্ব শৰ্মাৰ দৰে অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা গৈছিল।

প্ৰথমটো খণ্ডত মুখ্য চৰিত্ৰ হাথীৰাম চৌধুৰী আৰু ভিলেইন হাথোড়া ত্যাগীৰ মাজত হোৱা যুঁজে দৰ্শকক শিহৰিত কৰি তুলিছিল। কিন্তু সেই ছিজনতে অন্ত পৰিছে হাথোড়া ত্যাগীৰ ভূমিকা। এতিয়া নতুন ৰূপেৰে দৰ্শকৰ মাজলৈ আহিব পাতাল লোক। কিছুদিন পূৰ্বে অভিনেতা জয়দীপ আহলাৱটে এক সাক্ষাৎকাৰত ছিজন ২ অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰিছিল। তেতিয়াৰ পৰাই এই ছিজনক লৈ অধিক উৎসুক হৈ আছে অনুৰাগীসকল।

কিন্তু নতুন ছিজনৰ ঘোষণাৰ পিছতো প্ৰাইম ভিডিঅ’ই মুক্তিৰ তাৰিখ প্ৰকাশৰ পৰা বিৰত আছে। সেয়ে উৎসুক অনুৰাগীয়ে এনে কাৰ্যক প্ৰৱঞ্চনা বুলি অভিহিত কৰিছে। মুক্তিৰ তাৰিখ ঘোষণা নকৰাৰ বাবে সামাজিক মাধ্যমত অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্নজনে। এগৰাকী নেটিজেনে প্ৰাইম ভিডিঅ’ই ইতিমধ্যেই বহুদিন অপেক্ষা কৰালে বুলি উল্লেখ কৰি এতিয়া পোনপটীয়াকৈ তাৰিখটো ক’ব লাগে বুলি মন্তব্য কৰিছে।

আন এজন ব্যৱহাৰকাৰীয়ে আকৌ দ্বিতীয় খণ্ডৰ বাবে ইমান দেৰি কৰাৰ বাবে প্ৰথম খণ্ডৰ কাহিনীটো পাহৰি যোৱা বুলিয়েই উল্লেখ কৰিছে। আনহাতে আন একাংশ লোকে বহুদিনৰ পিছত হ’লেও এতিয়া পাতাল লোক ছিজন ২ মুক্তিৰ দিশত বুলি জানি সুখী হোৱা বুলি উল্লেখ কৰিছে। এনে সঁহাৰিয়ে প্ৰতিফলিত কৰিছে ৱেব ছিৰিজটোৰ প্ৰতি দৰ্শকৰ আশা আৰু বহুদিনীয়া প্ৰতীক্ষা।