শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীঘ্ৰে চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’, জানক কেতিয়া পাব মুক্তি…

শীঘ্ৰে চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’। আজি ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয়। এই ছবিখনক দৰ্শকে আদৰি ল'বনে?

শীঘ্ৰে চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’, জানক কেতিয়া পাব মুক্তি…
barasha-misra
Barasha Misra | Updated On: 18 Sep 2025 21:01 PM

অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। ভাইমন দা, ৰুদ্ৰ আৰু মালামাল বইজৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে অসমীয়া ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’। কিছু বছৰ পূৰ্বে এনেকুৱা এটা পৰ্যায় আহি পৰিছিল য’ত মানুহে অসমীয়া ছবি চাবলৈ যাব টান পাইছিল। কিন্তু এতিয়া সময় সলনি হৈছে আৰু মানুহে অন্য চিনেমাৰ দৰে অসমীয়া চিনেমা চাবলৈ ঢাপলি মেলা আৰম্ভ কৰিছে।

শীঘ্ৰে চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’। বৃহস্পতিবাৰে মহানগৰীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত অনুষ্ঠিত এক সংবাদমেলত নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰে। বহু অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিকৰ সম্পাদনা-পৰিচালনাৰ লগতে বহুকেইখন চুটিছবি আৰু মিউজিক ভিডিঅ’ পৰিচালনাৰে জনপ্ৰিয় হোৱা অনুপম কে বৰদলৈয়ে প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্যৰ চলচ্চিত্ৰ পৰিচালনা কৰিছে।

এই ছবিখনৰ বাবে ইতিমধ্যে ‘‘মোক্ষ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’’ত ক্ৰমে ‘শ্ৰেষ্ঠ নৱাগত পৰিচালক’ আৰু ‘শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ’ৰ বঁটা লাভ কৰাৰ লগতে ‘কান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত চলচ্চিত্ৰখনে মহোৎসৱখনিৰ চূড়ান্ত প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তদুপৰি ভাৰত তথা সমগ্ৰ বিশ্বৰ প্ৰায় ৩৮খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ ছবিখনি প্ৰেৰণ কৰা হৈছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে।

‘লাইফ বিহাইণ্ড দ্যা লাইফ’ৰ প্ৰযোজনা কৰিছে মহেশ ৰাজবংশীয়ে। কিছুদিনৰ পাছতে চিত্ৰগৃহলৈ ছবিখনি আহিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰযোজকে। পোষ্টাৰ মুকলি অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ড॰ জোনমণি দেৱী খাউণ্ড, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিল্পী তৰালী শৰ্মা, অভিনয় শিল্পীদ্বয় অসীম শৰ্মা আৰু সত্যেন শৰ্মা উপস্থিত থাকে।

উল্লেখ্য যে, ভৱৰঞ্জনী প্ৰডাকচনৰ বেনাৰত মহেশ ৰাজবংশীয়ে নিৰ্মাণ কৰা তথা অনুপম কে বৰদলৈয়ে পৰিচালনা কৰা ছবিখনিৰ কাহিনী-চিত্ৰনাট্যকাৰ বিশিষ্ট নাট্যকাৰ ৰাতুল ফুকন। সহকাৰী পৰিচালক হিচাপেও আছে নাট্যকাৰ ৰাতুল ফুকন।

কাহিনীৰ সাৰাংশ

সাধাৰণতে, আমাৰ সমাজত এনে কিছু অতিসংবেদনশীল ব্যক্তি থাকে যাৰ ভিতৰত একাধিক ব্যক্তিত্ব বা চিন্তাধাৰা বিকশিত হয়। এই ব্যক্তিত্ববোৰে নিজৰ স্বতন্ত্ৰ নাম, অভ্যাস, আচৰণ, আৰু চিন্তাৰ ধৰণক কেতিয়াবা নিয়ন্ত্ৰিত কৰি ৰাখিব নোৱাৰা হৈ পৰে। ফলত ব্যক্তিজনে কেতিয়াবা নিজকে চিনিব নোৱাৰে বা নিজৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। যাক কোৱা হয় Dissociative Identity Disorder (DID)৷ এই কাহিনীকে আধাৰ হিচাপে লৈ ছবিখন নিৰ্মাণ কৰা হৈছে।

কোনে কোনে কৰিছে অভিনয়?

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক প্ৰয়াস ফুকনে আৰু নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী আদ্ৰিতা পৰশা মহন্তই। অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰা শিল্পীসকল ক্ৰমে– চিমি গোস্বামী, অসীম শৰ্মা, হৰিপ্ৰসাদ বৰঠাকুৰ, অমৰ শৰ্মা, ৰাতুল ফুকন, নিজমণি বৰা, সুনীল কুমাৰ দাস, পাৰ্থ প্ৰতীম বৰদলৈ, নিকিতা বৰা (শিশু শিল্পী), মনু বৰা, দুলন বাহেক, মনজিৎ শৰ্মা, প্ৰদীপ হাজৰিকা, ৰত্নেশ্বৰ মৰাঙৰ লগতে বহু নবীন-প্ৰবীণ অভিনয় শিল্পীয়ে।

সম্পাদনা, ডি-আই আৰু গ্ৰাফিক্স কৰিছে পৰিচালক অনুপম কে বৰদলৈয়ে, সংগীত পৰিচালনা তৰালী শৰ্মা, নিবিড় জ্যোতি কলিতাৰ সুমধূৰ সুৰেৰে সজোৱা ছবিখনৰ মনপৰশা গীতদুটি ৰচনা কৰিছে প্ৰযোজক মহেশ ৰাজবংশীয়ে। সেই গীতত কণ্ঠদান কৰিছে বিশিষ্ট শিল্পী জুবিন গাৰ্গ আৰু তৰালী শৰ্মাই। শব্দ সংমিশ্ৰণ কৰিছে লৌকিক খাউণ্ডে,  ৰূপসজ্জাৰ দায়িত্বত আছে তীব্ৰ জ্যোতি বৈৰাগী, চিত্ৰগ্ৰহণ কৰিছে মূম্বাইৰ সঞ্জয় সিঙে।