ধৰ্মেন্দ্ৰৰ পুত্ৰ কন্যাই নহয়, এই পৰিয়ালটোৱেহে পাব ধৰ্মেন্দ্ৰৰ কোটি টকীয়া সম্পত্তি!
ধৰ্মেন্দ্ৰৰ দুই পুত্ৰ ছানী আৰু ববি দেউল, আনহাতে দুগৰাকী কন্যা এছা আৰু আহানাই নিশ্চিতভাৱে সম্পত্তিৰ অংশ পাব। অৱশ্যে শুনা গৈছে যে ধৰ্মেন্দ্ৰৰ পৰিয়ালে পঞ্জাৱত থকা বহু পৰিমাণৰ মাটিৰ অংশ নাপাব। বৰঞ্চ মৃত্যুৰ বহু আগতেই বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে ইতিমধ্যে এই সম্পত্তি পৰিয়ালৰ আন সদস্যৰ হাতলৈ হস্তান্তৰ কৰিছিল।
ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ মূল্য প্ৰায় ৪৫০ কোটি টকা। য’ত আছে এটা ফাৰ্ম হাউচ, এটা বিলাসী ৰিজ’ৰ্ট, আৰু কেইবাখনো ৰেষ্টুৰেণ্ট। ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত সেই কোটি কোটি টকাৰ সম্পত্তিৰ ভিতৰত সন্তানৰ অংশৰ বিষয়ে আলোচনা আৰম্ভ হৈছে। শুনা গৈছে যে তেওঁৰ দ্বিতীয় পত্নী হেমা মালিনীয়ে ধৰ্মেন্দ্ৰৰ এই বহুল পৰিমাণৰ সম্পত্তিৰ পৰা এটকাও নাপাব। ধৰ্মেন্দ্ৰৰ দুই পুত্ৰ ছানী, ববি আৰু দুগৰাকী কন্যা এছা আৰু আহানাই নিশ্চিতভাৱে সম্পত্তিৰ অংশ পাব। অৱশ্যে এতিয়া শুনা গৈছে যে তেওঁৰ পৰিয়ালে পঞ্জাৱৰ ধৰ্মেন্দ্ৰৰ বিপুল পৰিমাণৰ মাটিৰ অংশ নাপাব। বৰঞ্চ বলীউডৰ অভিনেতাগৰাকীয়ে মৃত্যুৰ বহু আগতেই সেই সম্পত্তি পৰিয়ালৰ আন সদস্যক হস্তান্তৰ কৰি দিছিল।
অভিনেতা হোৱাৰ সপোন লৈ পঞ্জাৱৰ নছৰালী গাঁৱৰ পৰা মুম্বাইলৈ আহিছিল ধৰ্মেন্দ্ৰ। দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সফলতা লাভ কৰিছিল। সেই সময়ত ধৰ্মেন্দ্ৰৰ বাবে পঞ্জাৱলৈ গৈ নিজৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ যত্ন লোৱাটো সম্ভৱ নাছিল। বলীউডত সুদৃঢ় ভেটি গঢ়িবলৈ যথেষ্ঠ উপাৰ্জন কৰিছিল। শুনা যায় যে সেই সময়ত ধৰ্মেন্দ্ৰই এই কোটি টকীয়া মাটি খুৰাক আৰু খুৰাকৰ পৰিয়ালক দিবলৈ সিদ্ধান্ত লৈছিল। আশা কৰা মতে, তেনেকুৱাই হৈছে। এই মুহূৰ্তত ধৰ্মেন্দ্ৰৰ খুৰাকৰ নাতিনীয়েকহঁতে পঞ্জাৱৰ সেই মাটি চোৱাচিতা কৰি আছে।
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰৰ ভতিজা বুটা সিঙে কয় যে, আত্মীয়ৰ মাজত মাটিৰ বিবাদ আৰম্ভ হোৱাৰ আগতেই এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ জন্মস্থানক শ্ৰদ্ধা কৰিছিল, বলীউডৰ অভিনেতাজনে হৈও কেতিয়াও নিজৰ শিপা পাহৰা নাছিল।