শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰেমৰ বাবে ত্যাগ কৰিছিল নিজৰ কেৰিয়াৰ, ঋষি কাপুৰৰ সৈতে বিয়াত বহি এইদৰে সলনি হৈছিল নীতুৰ জীৱন…

প্ৰেমৰ বাবে নিজৰ কেৰিয়াৰক ত্যাগ কৰি সাত জনমৰ সম্পৰ্কত বান্ধ খাইছিল দুয়ো। কেৰিয়াৰৰ উচ্চ শিখৰত উপনীত হোৱাৰ পিছত সকলো ত্যাগ কৰি মাজে মাজে সৰু সৰু চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল নীতুক। অৱশ্যে নীতুৱে সেই সকলোবোৰ নিজাববীয়াকৈ কৰা নাছিল। বৰঞ্চ স্বামী ঋষি কাপুৰে জোৰ কৰাৰ বাবেই তেওঁ বাধ্য হৈছিল।

প্ৰেমৰ বাবে ত্যাগ কৰিছিল নিজৰ কেৰিয়াৰ, ঋষি কাপুৰৰ সৈতে বিয়াত বহি এইদৰে সলনি হৈছিল নীতুৰ জীৱন…
ঋষি কাপুৰ, নীতু কাপুৰ
trishna-kalita
Trishna Kalita | Published: 10 Jul 2025 12:38 PM

সেই সময়ত পূৰ্ণ গতিত আগবাঢ়িছিল নিতু সিঙৰ কেৰিয়াৰ। কিন্তু মাত্ৰ ২১ বছৰ বয়সতে নিজৰ কেৰিয়াৰৰ পৰা বিদায় ল’বলগীয়া হৈছিল নীতু সিঙে।কাৰণ কাপুৰ পৰিয়ালৰ সদস্যা হ’ব লাগিলে অভিনয় ত্যাগ কৰিব লগা হৈছিল। কাপুৰ পৰিয়ালৰ নিয়ম অনুসৰি বোৱাৰীসকলৰ অভিনয়ত প্ৰৱেশ নিষিদ্ধ আছিল। ইফালে সেই সময়ত ঋষিৰ প্ৰেমত পৰিছিল নীতু।

তাৰ পিছতো প্ৰেমৰ বাবে নিজৰ কেৰিয়াৰক ত্যাগ কৰি সাত জনমৰ সম্পৰ্কত বান্ধ খাইছিল দুয়ো। কেৰিয়াৰৰ উচ্চ শিখৰত উপনীত হোৱাৰ পিছত সকলো ত্যাগ কৰি মাজে মাজে সৰু সৰু চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল নীতুক। অৱশ্যে নীতুৱে সেই সকলোবোৰ নিজাববীয়াকৈ কৰা নাছিল। বৰঞ্চ স্বামী ঋষি কাপুৰে জোৰ কৰাৰ বাবেই তেওঁ বাধ্য হৈছিল। উদ্দেশ্য আছিল মাথোঁ এটা, স্বামীক সন্তুষ্ট কৰা।

তেওঁৰ ভাষাত, “মই পিছত মোৰ স্বামীৰ সৈতে কেইবাখনো ছবি কৰিলোঁ।” তেওঁ আহি মোক কয় – “বলা এইখন ছবি কৰোঁ। মই এই ছবিবোৰ নিজৰ ইচ্ছামতে কৰা নাছিলো।” সকলো ছবি যে ছুপাৰহিট আছিল সেয়া একেবাৰেই নহয়। তথাপিও নীতুৱে স্বামীৰ হৃদয়ক সন্মান জনাবলৈ এই সিদ্ধান্ত লৈছিল। এতিয়া অৱশ্যে তেওঁ নতুনকৈ কেৰিয়াৰ আৰম্ভ কৰিছে। বৃদ্ধ বয়সত পুনৰ কামলৈ ঘূৰি আহিছে নীতু সিং। এতিয়া নীতু হাতত বহু ছবিৰ অফাৰ আছে।

মন কৰিবলগীয়া যে এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, “যশ চোপ্ৰাই মাজে মাজে পাৰ্টি দিছিল। আমি তালৈ গৈ অন্টাক্ষৰী খেলিছিলো। কিন্তু পাৰ্টিতকৈ পিকনিক বুলি কোৱাটোৱেই ভাল। সেই সময়ত ঋষি মোৰ প্ৰেমিক আছিল। আৰু তেওঁৰ বাবেই আমাৰ আৰু কেতিয়াও তেনেকুৱা পাৰ্টি হোৱা নাছিল। তেওঁ মোক সদায় কয়, ‘এই কাম কৰিব নোৱাৰা, এইটো একেবাৰেই নকৰিবা। ঘৰলৈ উভতি আহা’। গতিকে মই কেতিয়াও পাৰ্টিৰ আচল ৰূপটো দেখা নাপালোঁ।”