শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘যৌন সুখ প্ৰদান কৰাটো নাৰীৰ কৰ্তব্য!’, শৈশৱত অভিনেত্ৰী নীনাই কি কি সমস্যাৰ সন্মুখীন হৈছিল?

নীনা গুপ্তাৰ মতে আজিও বহু পৰিয়ালে নিজৰ সন্তানৰ সৈতে এনে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মুকলিকৈ আলোচনা নকৰে। তেওঁৰ বিশ্বাস যে যদি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে—বিশেষকৈ ককা-আইতাহঁতে এই বিষয়বোৰ সহজভাৱে উপস্থাপন কৰে, তেন্তে সমাজৰ পৰিৱৰ্তন হ’ব।

‘যৌন সুখ প্ৰদান কৰাটো নাৰীৰ কৰ্তব্য!’, শৈশৱত অভিনেত্ৰী নীনাই কি কি সমস্যাৰ সন্মুখীন হৈছিল?
শৈশৱত অভিনেত্ৰী নীনাই কি কি সমস্যাৰ সন্মুখীন হৈছিল?
barasha-misra
Barasha Misra | Published: 07 Oct 2025 17:53 PM

জনপ্ৰিয় অভিনেত্ৰী নীনা গুপ্তাক কেইবাবাৰো স্পষ্টবাদী মন্তব্যৰ বাবে ট্ৰোল কৰিছে একাংশই। তেওঁৰ মন্তব্যই কেতিয়াবা বিতৰ্কৰ সৃষ্টি কৰে, কেতিয়াবা গধুৰ সমালোচনাৰ সন্মুখীন হয়। তেওঁৰ বল্ড আউটফিটবোৰো এই চৰ্চাৰ বাহিৰত ৰখা হোৱা নাই। অৱশ্যে যৌন সম্পৰ্ক সন্দৰ্ভত তেওঁৰ মন্তব্যই কেইবাবাৰো সকলোকে আচৰিত কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে সমাজত যৌনতাৰ ওপৰত থকা নিষেধাজ্ঞা ভংগ কৰাৰ প্ৰয়োজনীয়তাৰ কথা কৈ পুনৰবাৰ দৃষ্টি নিজৰফাললৈ কেন্দ্ৰ কৰিছে। তেওঁ কয়, “আপুনি বা মই যদি এইবোৰ কথা কওঁ, তেন্তে কোনেও নুশুনিব। কিন্তু যদি কোনো গুৰুৱে কয় তেন্তে সঁচাকৈয়ে ইয়াৰ প্ৰভাৱ পৰে।”

নীনাৰ মতে যৌনতা, ঋতুস্ৰাৱ বা শাৰীৰ চৰ্চা সন্দৰ্ভত সমাজত শিক্ষাৰ অভাৱ এতিয়াও আছে। তেওঁ কয়, “মোৰ মায়ে মোক কেতিয়াও কোৱা নাছিল যে যৌনতা কি, ঋতুস্ৰাৱ কি, শৰীৰ কেনেকৈ সলনি হয়। মই কলেজত পঢ়ি থাকোঁতে মাৰ ইমান কঠোৰ নিয়ম আছিল, আনকি বন্ধুৰ সৈতে চিনেমা চাবলৈ যোৱাটোও নিষিদ্ধ কৰিছিল।”

অভিনেত্ৰীগৰাকীয়ে আৰু কয়, “পুৰণি দিনত ছোৱালীক বিয়াৰ আগতে কিছু পৰামৰ্শ দিয়া হৈছিল, যাতে তেওঁলোকে প্ৰথম নিশাই ভয় নকৰে বা ল’ৰাটোৱে পলাই নাযায়। অৱশ্যে সেই সময়ত ছোৱালীক কেৱল এই কথা কোৱা হৈছিল – যদি স্বামীয়ে বিচাৰে তেন্তে নিজৰ ‘দায়িত্ব’ পালন কৰক, সন্তান জন্ম দিয়ক। ছোৱালীৰ নিজৰ ইচ্ছা বা কোনো মানসিক প্ৰস্তুতিক মূল্য দিয়া হোৱা নাছিল।”

নীনা গুপ্তাৰ মতে আজিও বহু পৰিয়ালে নিজৰ সন্তানৰ সৈতে এনে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মুকলিকৈ আলোচনা নকৰে। তেওঁ বিশ্বাস কৰে যে, যদি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে—বিশেষকৈ ককা-আইতাহঁতে—এই বিষয়বোৰ সহজভাৱে উপস্থাপন কৰে, তেন্তে সমাজৰ পৰিৱৰ্তন হ’ব।

এখন ধাৰাবাহিকত নীনা গুপ্তাই স্পষ্ট ভাষাত যৌনতাৰ কথা কয়। যাৰ বাবে দৰ্শকৰ মাজত যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছিল। তেওঁৰ মতে, “এই ভূমিকা সমাজৰ প্ৰতি মহিলাৰ স্থান আৰু আস্থাৰ প্ৰতীক হ’ব পাৰে।” নীনাৰ এই বক্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত প্ৰশংসাও কৰে বহুতে। বহুতে বিশ্বাস কৰে যে বয়স বা প্ৰজন্ম নহয়, প্ৰকৃত পৰিৱৰ্তনৰ মূল চাবিকাঠি হ’ল সজাগতা আৰু সাহস।