শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৭৫০ টকা খৰচ কৰি পাতিলে বিয়া! পিছে আয় কৰে কোটি কোটি টকা, কোন এই জনপ্ৰিয় অভিনেতা?

বলীউডৰ বিভিন্ন খবৰে বহু সময়ত বাতৰিৰ শিৰোনাম দখল কৰি ৰাখে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে যে, এজন অভিনেতাই তেওঁৰ বিয়াৰ বাবে মাত্ৰ ৭৫০ টকা খৰচ কৰিছিল।

৭৫০ টকা খৰচ কৰি পাতিলে বিয়া! পিছে আয় কৰে কোটি কোটি টকা, কোন এই জনপ্ৰিয় অভিনেতা?
নানা পাটেকাৰImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 07 Jul 2025 13:24 PM

বলীউডৰ বহু ঘটনাই বিভিন্ন সময়ত বাতৰিৰ শিৰোনাম দখল কৰি ৰাখে। বলীউডৰ বিয়াবোৰ সাধাৰণতে ব্যয়বহুল হয়। বিয়াৰ নামত একাংশ অভিনেতা-অভিনেত্ৰীয়ে লাখ লাখ টকা খৰচ কৰে।  কিন্তু ইয়াৰ মাজতো এনে কিছুমান অভিনেতা বা অভিনেত্ৰী আছে যিয়ে অতি সাধাৰণভাৱে বিয়াত বহে। কেতিয়াবা কোনোবাই যদি আলহী কমকৈ আমন্ত্ৰণ কৰে আন কিছুমানে আকৌ বিয়াৰ খৰচ কম কৰে। আজি আমি এই লেখাটোত এনে এখন বিয়াৰ কথা উল্লেখ কৰিম যাৰ বাবে এজন কিংবদন্তি অভিনেতাই খৰচ কৰিছিল মাত্ৰ ৭৫০ টকা।

আচৰিত হ’লেও এয়াই সত্য। অভিনেতাগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে এই কথা। এইগৰাকী অভিনেতাৰ নাম হৈছে নানা পাটেকাৰ। প্ৰায় চাৰি দশক ধৰি বলীউডত কৰ্মৰত নানা পাটেকাৰ। তেওঁৰ অভিনয়ৰ অনুৰাগী বহুত। তেওঁৰ প্ৰায় প্ৰতিখন ছবিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ নানা পাটেকাৰ অভিনীত হাউচফুল-৫ নামৰ ছবিখন মুক্তি লাভ কৰিছে। কিন্তু বহু অনুৰাগীয়ে হয়তো নাজানে তেওঁৰ বিয়াত কিমান টকা খৰচ হৈছিল।  তেওঁৰ বিয়াৰ বাবে হোৱা খৰচ আৰু আলহীৰ বাবে কৰা খৰচৰ কথা শুনিলে আচৰিত হ’ব আপুনি।

৭৫০ টকাত বিয়া

দিগ্বজ অভিনেতা নানা পাটেকাৰৰ জন্ম হৈছিল ১৯৫১ চনৰ ১ জানুৱাৰীত। তেওঁ ১৯৭৮ চনত নীলাকান্তি পাটেকাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথম অৱস্থাত নীলাকান্তি থিয়েটাৰৰ শিল্পী আছিল আৰু পাছত তেওঁ মাৰাঠী ছবিত কাম কৰা আৰম্ভ কৰিছিল। এটা সাক্ষাৎকাৰত নানাই কৈছিল যে তেওঁৰ বিয়াত কিমান টকা খৰচ হৈছিল।

অভিনেতাগৰাকীয়ে কয় যে, “মই আগতে বিয়াৰ কথা ভবা নাছিলো। কিন্তু নীলাকান্তিক লগ পোৱাৰ পাছত ধাৰণা সলনি হৈছিল। থিয়েটাৰত তেওঁক প্ৰথম লগ পাইছিলো আৰু পাছত বিয়া কৰাইছিলো। সেয়া ৭০ দশকৰ কথা। তেতিয়া মাত্ৰ ২০০ টকাত ঘৰৰ সকলো সা-সামগ্ৰী আহিছিল। আমি আমাৰ বিয়াত মাত্ৰ ৭৫০ টকা খৰচ কৰিছিলো”।

Nana Patekar1 1

নানা পাটেকাৰ

নানা পাটেকাৰৰ মতে, যেতিয়া তেওঁ আৰু নীলু নাট্যশিল্পী আছিল, তেতিয়া নীলুৱেও বেংকত কাম কৰিছিল। সেই সময়ত নীলুই মাহে ২৫০০ টকা লাভ কৰিছিল। ইয়াৰ বিপৰীতে নানাই বিভিন্ন শ্বৰ জৰিয়তে টকা লাভ কৰিছিল। সেই সময়ত বয়-বস্তুৰ দাম যথেষ্ঠ কম আছিল। যাৰ বাবে তেওঁলোকৰ বিয়াত মাত্ৰ ৭৫০ টকা খৰচ হৈছিল। ইয়াৰ পাছত দুয়ো গোল্ড স্পট (শীতল পানীয়)ৰ সৰু পাৰ্টি এটাৰ আয়োজন কৰিছিল, য’ত খৰচ হৈছিল মাত্ৰ ২৪ টকা।

 

অন্য খবৰ পঢ়কঃ তুমি ডাঙৰ অভিনেত্ৰী হ’ব নোৱাৰা, কাৰণ একেবাৰে সৰু তোমাৰ…ৰাধিকা আপ্তে প্ৰকাশ কৰিলে ভয়ংকৰ অভিজ্ঞতা…