চীনত ভাৰতৰ বিজয়ী ধ্বজা উৰুওৱা কোন এই অনুৰাধা?
মিচেছ গ্ল’ব ইন্টাৰনেশ্যনেল প্ৰতিযোগিতা হৈছে এক আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতা, য’ত বিবাহিত মহিলাসকলে অংশগ্ৰহণ কৰে । এইবাৰ ভাৰতৰ পৰা মিচেছ ইণ্ডিয়া গ্ল’ব ২০২৪ হিচাপে নিৰ্বাচিত হোৱা অনুৰাধা গাৰ্গে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

চীনত সফলতা অৰ্জন কৰি ভাৰতৰ ত্ৰিৰংগা উৰুৱালে অনুৰাধা গাৰ্গে । শ্বেনজেনত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতৰ প্ৰথমগৰাকী মিচেছ গ্ল’ব ইণ্টাৰনেশ্যনেলৰ থিতাপ দখল কৰে অনুৰাধাই । ৮০খনতকৈও অধিক দেশৰ প্ৰতিযোগীৰ মাজত এই স্থান অৰ্জন কৰিছে ভাৰতীয় সুন্দৰীগৰাকীয়ে । ৪ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত অনুৰাধাই জয়ী হৈ ইতিহাস ৰচনা কৰে ।
মিচেছ গ্ল’ব ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতা হৈছে এক আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতা, য’ত বিবাহিত মহিলাসকলে অংশগ্ৰহণ কৰে । এইবাৰ ভাৰতৰ পৰা মিচেছ ইণ্ডিয়া গ্ল’ব ২০২৪ হিচাপে নিৰ্বাচিত হোৱা অনুৰাধা গাৰ্গে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত সৌন্দৰ্যৰ বাহিৰেও মহিলাৰ ব্যক্তিত্ব, বুদ্ধিমত্তা, আত্মবিশ্বাস আৰু প্ৰেৰণাদায়ক জীৱন যাত্ৰাৰ ভিত্তিত প্ৰতিযোগীসকলক বাচনি কৰা হয় ।
অনুৰাধা গাৰ্গ কোন?
অনুৰাধা গাৰ্গ মূলতঃ গুৰুগ্ৰামৰ । ছ’চিয়েল মিডিয়াত অনুৰাধা কাপুৰ নামেৰেও পৰিচিত তেওঁ । এতিয়ালৈকে তেওঁ কেবাটাও বেংক আৰু বীমা কোম্পানীত কাম কৰি আহিছে । ২০২৪ চনত মিচেছ ইণ্ডিয়া গ্ল’বৰ খিতাপ লাভ কৰাৰ লগতে মিচেছ গ্ল’ব ইণ্টাৰনেশ্যনেলৰ বাবে নিজৰ দাবী আৰু অধিক শক্তিশালী কৰে । কেৰিয়াৰৰ বাহিৰেও মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ এক ৰুটিন মানি চলে তেওঁ । অনুৰাধাই নাচ-ভ্ৰমণ কৰি ভাল পায় । দৈনন্দিন কাম-কাজৰ লগতে যোগ আৰু ধ্যানক অধিক গুৰুত্ব দিয়ে, ইয়াৰ দ্বাৰা মানসিক আৰু শাৰীৰিক ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হয় বুলি তেওঁ কয় ।
অনুৰাধা গাৰ্গৰ জীৱন যাত্ৰা
অনুৰাধা গাৰ্গৰ এই পৰ্যন্ত জীৱন যাত্ৰা বিচিত্ৰ, যোৱা ১৫ বছৰ ধৰি বিত্তীয় খণ্ডত কাম কৰি আহিছে । যোৱা বছৰ মিচেছ ইণ্ডিয়া গ্ল’ব ২০২৪ হিচাপে নিৰ্বাচিত হৈ তেওঁ এক ডাঙৰ অগ্ৰগতি লাভ কৰিছিল । এই জয়ৰ বাবেই তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি মিচেছ গ্ল’ব ইণ্টাৰনেশ্যনেল ২০২৫ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পায় । অনুৰাধাই প্ৰতিযোগিতাৰ সময়ত মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছিল । মিচেছ গ্ল’ব ইণ্টাৰনেশ্যনেলৰ মঞ্চৰ পৰা মহিলাৰ পুষ্টি, শাৰীৰিক ব্যায়াম আৰু মানসিক স্বাস্থ্যৰ বিষয়ে কয় অনুৰাধাই ।
৫ টা ৰাউণ্ডত সফলতা লাভেৰে জিলিকিল
মিচেছ গ্ল’ব ইণ্টাৰনেশ্যনেলৰ মঞ্চত অনুৰাধা গাৰ্গক ৫ টা ভিন্ন পেৰামিটাৰত বাচনি কৰা হৈছিল । এইটোৱেই আছিল প্ৰথম টেলেণ্ট ৰাউণ্ড য’ত তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল । ইয়াৰ পিছত তেওঁ ইভিনিং গাউন ৰাউণ্ডতো নিজৰ সৌন্দৰ্য প্ৰমাণ কৰিলে । তৃতীয় ৰাউণ্ডৰ সাক্ষাৎকাৰত প্ৰতিযোগীসকলৰ চিন্তা আৰু ব্যক্তিত্বৰ পৰীক্ষা কৰা হয় । জাতীয় সাজ-পোছাকৰ চতুৰ্থ ৰাউণ্ডৰ প্ৰতিযোগিতাত দেশৰ সংস্কৃতিৰ আভাস দেখা গৈছিল । পঞ্চম ৰাউণ্ডৰ প্ৰতিযোগিতাখন সামাজিক দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হয়, য’ত মিচেছ গ্ল’ব বিজয়ীগৰাকীয়ে সামাজিক অভিযানৰ অংশ হোৱাৰ সুযোগ লাভ কৰে । যদি আমি এই প্ৰতিযোগিতাৰ ইতিহাস চাওঁ তেন্তে ১৯৯০ চনৰ পৰা আৰম্ভ হৈছিল । যিসকল মহিলা বিবাহিত আৰু কিবা এটা লাভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই প্ৰতিযোগিতাখন এক ডাঙৰ মঞ্চ ।