শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

The Family Man 3 Release Date: অপেক্ষাৰ অন্ত, উভতিবলৈ সাজু শ্ৰীকান্তঃ এই দিনটোত দৰ্শকৰ মাজলৈ আহিব ‘দ্য ফেমিলি মেন ছিজন ৩’

দৰ্শকৰ মাজত ইতিপূৰ্বে মুক্তি পোৱা দ্য ফেমিলি মেনৰ দুয়োটা ছিজন যথেষ্ট সমাদৃত হৈছে। এতিয়া দৰ্শকৰ মাজলৈ আহিব এই ৱেব ছিৰিজৰ তৃতীয়টো ছিজন। দ্য ফেমিলি মেন ছিজন ৩ৰ বাবে দৰ্শকৰ মাজত দেখা গৈছিল যথেষ্ট অপেক্ষা। এতিয়া এই অপেক্ষাৰ অন্ত পেলাই নতুন ছিজনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে।

The Family Man 3 Release Date: অপেক্ষাৰ অন্ত, উভতিবলৈ সাজু শ্ৰীকান্তঃ এই দিনটোত দৰ্শকৰ মাজলৈ আহিব ‘দ্য ফেমিলি মেন ছিজন ৩’
দৰ্শকৰ মাজলৈ আহি আছে দ্য ফেমিলি মেন ছিজন ৩
monjit-dutta
Monjit Dutta | Published: 28 Oct 2025 15:46 PM

পুনৰ দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে শ্ৰীকান্ত হাতত বন্দুক ধৰি পুনৰ এবাৰ নিজৰ বুদ্ধিদীপ্ত শৈলীৰে দেশ ৰক্ষাৰ বাবে আগবাঢ়ি আহিব কিয়নো পুনৰ এবাৰ দৰ্শকৰ মনত আলোড়ন সৃষ্টি কৰিবলৈ আহি আছে দ্য ফেমিলি মেন দেশৰ ছবি জগতৰ অন্যতম সুদক্ষ অভিনেতা মনোজ বাজপেয়ীয়েক শ্ৰীকান্ত ৰূপত দৰ্শকৰ হৃদয় জিনিবলৈ সম্পূৰ্ণ সাজু ইতিমধ্যে অ’টিটি প্লেটফৰ্মত এক ধুমুহাৰ সৃষ্টি কৰি গৈছে মনোজ বাজপেয়ীয়ে। দৰ্শকে আদৰি লৈছে তেওঁৰ ৱেব ছিৰিজ দ্য ফেমিলি মেন

দৰ্শকৰ মাজত ইতিপূৰ্বে মুক্তি পোৱা দ্য ফেমিলি মেনৰ দুয়োটা ছিজন যথেষ্ট সমাদৃত হৈছে এতিয়া দৰ্শকৰ মাজলৈ আহিব এই ৱেব ছিৰিজৰ তৃতীয়টো ছিজন দ্য ফেমিলি মেন ছিজন ৩ৰ বাবে দৰ্শকৰ মাজত দেখা গৈছিল যথেষ্ট অপেক্ষা এতিয়া এই অপেক্ষাৰ অন্ত পেলাই নতুন ছিজনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে।

কেতিয়া চাব পাৰিবদ্য ফেমিলি মেন ছিজন

দৰ্শকে প্ৰাইম ভিডিঅ’ত দ্য ফেমিলি মেন ছিজন উপভোগ কৰিব পাৰিব। ৱেব ছিৰিজৰ নিৰ্মাতা আৰু প্ৰাইম ভিডিঅ’ই ছিজন ৩ৰ মুক্তিৰ খবৰ অনুৰাগীৰ বাবে ছ’চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিছে। প্ৰাইম ভিডিঅ’ই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে এই ভিডিঅটোত উল্লেখ থকা মতেদ্য ফেমিলি মেন ছিজনঅহা ২১ নৱেম্বৰৰ পৰা প্ৰাইম ভিডিঅ’ত মুক্তি পাব

ভিডিঅ’টোত ৱেব ছিৰিজটোৰ মুখ্য অভিনেত্ৰী প্ৰিয়মণীয়ে সময়ৰ লগে লগে হোৱা পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰা দেখা গৈছে। প্ৰিয়মণীয়ে কয়, “চাৰি বছৰত ইমানখিনি হৈছে। ধৃতি এতিয়া কলেজত পঢ়ি আছে। অথৰ্বই বেলে ক্লাছ লৈছে। ভগৱানক ধন্যবাদ যে তেওঁ ভাল কাম এটা কৰিছে আৰু আমাৰ মৰমৰ তিৱাৰী জীয়ে চাৰি বছৰ ধৰি এটা কামতে মনোনিৱেশ কৰিছে।”

২০১৯ চনত আহিছিল প্ৰথম ছিজন

মনোজ বাজপেয়ী, প্ৰিয়মণি, শ্বৰীব হাছমীৰ উপৰিও নতুন ছিজনত জয়দীপ আহলাৱত আৰু নিমৰত কৌৰৰ দৰে অভিনেতাঅভিনেত্ৰীকো দেখা যাব। উল্লেখ্য যে ২০১৯ চনত প্ৰাইম ভিডিঅ’ত মুক্তি পাইছিল দ্য ফেমিলি মেন প্ৰথম ছিজন দুবছৰৰ পিছত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় ছিজনৰ প্ৰিমিয়াৰ হয় এতিয়া চাৰি বছৰতকৈও অধিক সময় অপেক্ষা কৰাৰ পিছত দৰ্শকৰ মাজলৈ আহিছে তৃতীয় ছিজন