‘মানুহে মানুহৰ বাবে…’ আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী
আজি ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন।
বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। সুধাকণ্ঠ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৪ বছৰ হ’ল। ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও আজীৱন থাকিব অসমীয়াৰ সত্বাত। প্ৰতিবছৰে সমগ্ৰ ৰাজ্যতে তেওঁৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়।
আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰা হ‘ব। লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কার্যসূচী অনুষ্ঠিত হ‘ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্রী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। হাজৰিকাৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ভাই-ভনী সকলো মিলি তেখেতসকলৰৰ মুঠ দহোটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ড॰ হাজৰিকাই সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। তেওঁৰ পিতৃয়ে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়।
শদিয়াত থাকোঁতে ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ খুউব মিলা-প্ৰীতি আছিল। তেখেতলোকৰ ঘৰৰপৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ মানুহে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল। তেওঁলোকে শান্তিপ্ৰিয়াক বৰ মৰম কৰিছিল। একোজনী আদিবাসী ছোৱালীয়ে পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিছদিন কাম কৰি দিছিল। বোধহয় তেওঁলোক বিনিময় প্ৰথাত বিশ্বাস কৰিছিল। ড’ ভূপেন হাজৰিকাৰ ঘৰত মৰমতে মতা নাম আছিল বৰ মইনা | ভূপেন হাজৰিকা ডাঙৰ হ‘লত ফুৰাবলৈ পেৰামবুলেটৰ (কেঁচুৱা ফুৰোৱা গাড়ী) কিনিবলৈ দেউতাক নীলকান্ত হাজৰিকাৰ ধন নাছিল। তেতিয়া ওচৰৰে চাহাব এজনে দেউতাকক মাতি নি তেওঁৰ ঘৰত থকা গাড়ী এখন উপহাৰস্বৰূপে দিছিল। সেইখন গাড়ীতে আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ঘূৰাই লৈ ফুৰাইছিল। মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল। পিছে ঘৰত সদায়েই ডাঙৰমইনা বুলি মাতিছিল। ভূপেন হাজৰিকা আছিল এনে এগৰাকী ব্যক্তি, যি সংগীতৰ জৰিয়তে আমাৰ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিলি।
ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেওঁ আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেওঁ সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল।
বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।