শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Oscar 2026: অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘হোমবাউণ্ড’; কি ক’লে প্ৰযোজক কৰণ জোহৰে? চৰ্চা সৰ্বত্ৰে

দুৰ্ভাগ্যবশতঃ, প্ৰথম ১৫ খন ছবিৰ তালিকাত স্থান পালেও মূল পাঁচখন ছবিৰ তালিকাত ভাৰতৰ ‘হোমবাউণ্ড’ অন্তৰ্ভুক্ত নহ’ল। এই ছবিখনে মনোনয়ন লাভ কৰা হ’লে ‘লগান’ৰ ২৫ বছৰৰ পাছত এই বিভাগত মনোনীত হোৱা এয়া প্ৰথমখন ভাৰতীয় ছবি হ’লহেঁতেন।

Oscar 2026: অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘হোমবাউণ্ড’; কি ক’লে প্ৰযোজক কৰণ জোহৰে? চৰ্চা সৰ্বত্ৰে
কি ক’লে কৰণ জোহৰে!
Monjit Dutta
Monjit Dutta | Updated On: 24 Jan 2026 11:44 AM

বিশ্ব চলচ্চিত্ৰৰ আটাইতকৈ ডাঙৰ মঞ্চ অস্কাৰৰ যুঁজৰ পৰা বিদায় ল’লে ভাৰতীয় ছবি ‘হোমবাউণ্ড’-এ। বিগত কেইবামাহো ধৰি চলা ব্যাপক প্ৰচাৰ আৰু সমালোচকৰ ভূয়সী প্ৰশংসা স্বত্বেও ২০২৬ চনৰ একাডেমী বঁটাৰ ‘শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম’ বিভাগত চূড়ান্ত মনোনয়ন লাভ কৰাত ব্যৰ্থ হ’ল পৰিচালক নীৰজ ঘেৱানৰ এই ছবিখন। বৃহস্পতিবাৰে অস্কাৰৰ চূড়ান্ত মনোনয়ন তালিকা ঘোষণা কৰা হয়। এই তালিকাত ‘দ্য চিক্ৰেট এজেণ্ট’, ‘ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট’, ‘চেন্টিমেণ্টেল ভেল্যু’, ‘চিৰাত’ আৰু ‘দ্য ভয়েচ অফ হিন্দ ৰজব’ৰ দৰে ছবিসমূহে স্থান লাভ কৰিছে।

দুৰ্ভাগ্যবশতঃ, প্ৰথম ১৫ খন ছবিৰ তালিকাত স্থান পালেও মূল পাঁচখন ছবিৰ তালিকাত ভাৰতৰ ‘হোমবাউণ্ড’ অন্তৰ্ভুক্ত নহ’ল। এই ছবিখনে মনোনয়ন লাভ কৰা হ’লে ‘লগান’ৰ ২৫ বছৰৰ পাছত এই বিভাগত মনোনীত হোৱা এয়া প্ৰথমখন ভাৰতীয় ছবি হ’লহেঁতেন।

কৰণ জোহৰৰ বিশেষ পোষ্ট

অস্কাৰৰ দৌৰ শেষ হ’লেও ছবিখনৰ প্ৰযোজক কৰণ জোহৰ হতাশ হোৱা নাই। তেওঁ নিজৰ ইনষ্টাগ্ৰামযোগে ছবিখনৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰি পৰিচালক নীৰজ ঘেৱানৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে। কৰণে লিখে, “আমি অতি গৌৰৱান্বিত! নীৰজ, তোমাৰ এই সৃষ্টিৰ পোহৰেৰে আমাক আলোকিত কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ।”

ইয়াৰ লগতে আন এক পোষ্টত কৰণে লিখে যে ‘হোমবাউণ্ড’-এ চূড়ান্ত মনোনয়ন লাভ নকৰাটো অতি দুখজনক, কাৰণ ই ভাৰতত নিৰ্মিত অন্যতম শ্ৰেষ্ঠ আৰু গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ। প্ৰযোজকগৰাকীৰ এই বাৰ্তাৰ উত্তৰত পৰিচালক নীৰজ ঘেৱানে কৰণ জোহৰক ধন্যবাদ জনাইছে। কৰণ জোহৰৰ অবিহনে ইমান দূৰ যাত্ৰা সম্ভৱ নহ’লহেঁতেন বুলিও তেওঁ কয়।

কি আছে এই ছবিখনত?

ধৰ্ম প্ৰডাকচনৰ বেনাৰত আৰু বিশ্বখ্যাত পৰিচালক মাৰ্টিন স্কোৰচেছিৰ কাৰ্যবাহী প্ৰযোজনাত নিৰ্মিত এই ছবিখনৰ পটভূমি উত্তৰ ভাৰতৰ এখন গাঁও। জাতিভেদ আৰু বৈষম্যৰ বলি হোৱা দুই বাল্যবন্ধু শোৱেব (বিশাল জেঠৱা) আৰু চন্দন (ঈশান খট্টৰ)ৰ কাহিনী ইয়াত দেখুওৱা হৈছে।

তেওঁলোকে আৰক্ষী বাহিনীত যোগ দিয়াৰ সপোন দেখে। আৰক্ষীৰ পোছাকযোৰে তেওঁলোকৰ হেৰুৱা সামাজিক মৰ্যাদা ঘূৰাই আনিব বুলি বিশ্বাস কৰে দুই বন্ধুৱে। কিন্তু নিযুক্তি প্ৰক্ৰিয়া স্থগিত হোৱাৰ লগে লগে তেওঁলোকৰ জীৱন সমস্যাপূৰ্ণ হৈ পৰে। ছবিখনত আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে জাহ্নৱী কাপুৰে।

বিদেশত প্ৰিমিয়াৰ হোৱাৰ পৰাই ‘হোমবাউণ্ড’-এ আন্তৰ্জাতিক মহলত যথেষ্ট সমাদৰ লাভ কৰিছিল। যদিও অস্কাৰৰ মঞ্চত ছবিখনে আধাতে যাত্ৰা সামৰিব লগা হ’ল, তথাপিও ভাৰতীয় চিনেমাৰ ইতিহাসত ই এক অনন্য সৃষ্টি হিচাপে ৰৈ যাব বুলি চলচ্চিত্ৰ বিশেষজ্ঞসকলে মত পোষণ কৰিছে।