শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Emergency: কংগনা ৰাণাৱটৰ ছবি ‘ইমাৰ্জেন্সি’ৰ পৰা আঁতৰ কৰা দৃশ্যত কি আছিল?

প্ৰমাণ পত্ৰ  লাভ কৰাৰ পাছতেই মুক্তিৰ বাবে ছবিখনৰ সকলো পথ মুকলি হৈছে।  দ্য ছাণ্ডে এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি চেন্সৰ ব’ৰ্ডে ছবিখনত তিনিটা কাট অৰ্থাৎ তিনিটা দৃশ্যাংশ আঁতৰ কৰাৰ নিৰ্দেশ দিছে। 

Emergency: কংগনা ৰাণাৱটৰ ছবি ‘ইমাৰ্জেন্সি’ৰ পৰা আঁতৰ কৰা দৃশ্যত কি আছিল?
কংগনা
Barasha Sarma
Barasha Sarma | Updated On: 08 Sep 2024 20:51 PM

দীৰ্ঘদিন ধৰি অভিনেত্ৰী কংগনা ৰানাৱটক ছবি ‘ইমাৰ্জেন্সি’ বিতৰ্কৰ মাজত আছে। যাৰ বাবে ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছিল। এই ছবিখন বহুতে নিষিদ্ধ কৰাৰ দাবী জনাইছিল যদিও শেহতীয়াকৈ চেন্সৰ ব’ৰ্ডে ইয়াক U/A প্ৰমাণপত্ৰ দিছে।  অৱশ্যে এই প্ৰমাণ পত্ৰৰ বিনিময়ত চেন্সৰ ব’ৰ্ডে ছবি নিৰ্মাতাক কেইবাটাও সাল- সলনি কৰাৰ নিৰ্দেশনা দিয়ে।  চেন্সৰ ব’ৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পাছতো অৱশ্যে এই ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰা হোৱা নাই।

প্ৰমাণ পত্ৰ  লাভ কৰাৰ পাছতেই মুক্তিৰ বাবে ছবিখনৰ সকলো পথ মুকলি হৈছে।  দ্য ছাণ্ডে এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি চেন্সৰ ব’ৰ্ডে ছবিখনত তিনিটা কাট অৰ্থাৎ তিনিটা দৃশ্যাংশ আঁতৰ কৰাৰ নিৰ্দেশ দিছে।  কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডেও ছবিখনৰ বহু বিতৰ্কিত বক্তব্যৰ বাবে সত্য তথ্যৰ ভিত্তিৰ দাবী জনাইছে। এই বিতৰ্কিত বক্তব্যৰ ভিতৰত আছে আমেৰিকান ৰিচাৰ্ড নিক্সনৰ এটা সংলাপ য’ত ভাৰতীয় নাৰীক অপমানজনক কথা কৈছে আৰু আন এটা বক্তব্যত উইন্সটন চাৰ্চিলে ভাৰতীয়ৰ বাবে “শহাপহুৰ দৰে প্ৰজনন” বাক্যাংশটো ব্যৱহাৰ কৰিছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে ৮ জুলাইত প্ৰযোজকে ছবিখন প্ৰমাণপত্ৰৰ বাবে দাখিল কৰিছিল। তাৰ পাছত অকল তখত আৰু শিৰোমণি গুৰদ্বাৰা পৰবন্ধক কমিটিকে ধৰি শিখ সংগঠনসমূহে ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছিল। চিবিএফচিয়ে ছবিখনত ১০টা পৰিৱৰ্তন কৰিবলৈ কৈছিল।মণিকাৰ্ণিকা ফিল্মছ প্ৰাইভেট লিমিটেডে ইয়াৰ ৯টা পৰিৱৰ্তন কৰিবলৈ সন্মত হৈছে। ছবিখনৰ এটা দৃশ্যও আঁতৰাবলৈ বা সলনি কৰিবলৈ কোৱা হৈছে, য’ত পাকিস্তানী সৈন্যই বাংলাদেশী শৰণাৰ্থীক আক্ৰমণ কৰি আছে, এই দৃশ্যত এটা শিশু আৰু তিনিগৰাকী মহিলাৰ মূৰ কাটি পেলোৱা দেখোৱা হৈছিল।

এক সূত্ৰই জনোৱা মতে, চিবিএফচিয়ে ৮ আগষ্টত ছবিখনত পৰিৱৰ্তন কৰিবলৈ মণিকৰ্ণিকা ফিল্মছ প্ৰাইভেট লিমিটেডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ উত্তৰ লাভ কৰিছিল ১৪ আগষ্টত। ব’ৰ্ডে পৰামৰ্শ দিয়া ১০টা পৰিৱৰ্তনৰ ভিতৰত ৯টা পৰিৱৰ্তনৰ বাবে ছবি নিৰ্মাতাসকলে সন্মতি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছবিখনৰ ট্ৰেইলৰ মুকলি হৈছিল। য’ত দেখা গৈছিল যে, নেতা জৰ্নৈল সিং ভীন্দ্ৰাৱালে ইন্দিৰা গান্ধীৰ দললৈ ভোট অনাৰ বিনিময়ত সুকীয়া শিখ ৰাজ্যৰ প্ৰতিশ্ৰুতি দিছিল। এনে বহু কাৰণত ছবিখন নিষিদ্ধ কৰাৰ দাবী উঠিছিল। শিখৰ একাংশ সংগঠনে কৈছিল যে কংগনাই ইয়াৰ পূৰ্বেও এই সম্প্ৰদায়টোক লক্ষ্য কৰি লৈছিল।

উল্লেখ কৰা প্ৰয়োজন যে, চেন্সৰ ব’ৰ্ডে ছবিৰ বিষয়বস্তু অনুসৰি বিভিন্ন প্ৰমাণপত্ৰ প্ৰদান কৰে। এই প্ৰমাণ পত্ৰ দ্বাৰা দৰ্শকৰ শ্ৰেণী নিৰ্ধাৰণ কৰা হয়। এই প্ৰমাণ পত্ৰৰ ভিতৰত আছে U/A  প্ৰমাণ পত্ৰ, U প্ৰমাণ পত্ৰ, A প্ৰমাণ পত্ৰ আৰু  S প্ৰমাণ পত্ৰ। ইয়াত U/A certificate মানে ১২ বছৰ বয়সৰ তলৰ শিশুৱে পিতৃ-মাতৃৰ তত্বাৱধানতহে এই ছবিখন চাব পাৰিব।