শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বলীউডৰ পৰা আন এক শোকৰ খবৰ, ২৫ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

২৪ অক্টোবৰত চিকিৎসালয়ৰ বিচনাত শচীনে শেষ নিশ্বাস ত্যাগ কৰে। অতি কম বয়সৰ পৰাই শচীন অভিনয়ৰ লগত জড়িত আছিল । প্ৰথমে নাটক, তাৰ পিছত সৰু সৰু ধাৰাবাহিক অভিনয় কৰিছিল শচীনে।

বলীউডৰ পৰা আন এক শোকৰ খবৰ, ২৫ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ
অভিনেতা শচীন চন্দৱাদেৰ মৃত্যু
trishna-kalita
Trishna Kalita | Published: 28 Oct 2025 12:47 PM

বলীউডত জগতত আন এক দুখৰ খবৰ। পংকজ ধীৰ, আছৰানী, সতীশ শ্বাহৰ পিছত ‘জামতাৰা ২’ৰ বিখ্যাত অভিনেতা শচীন চন্দৱাদেৰ মৃত্যু। খবৰ অনুসৰি জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ২৫ বছৰীয়া শচীনে। অৱশ্যে শচীনে কিয় এনে সিদ্ধান্ত ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অভিনেতা হোৱাৰ উপৰিও শচীন পেছাত এগৰাকী অভিযন্তা। শচীনে পূৰ্বে পুনেৰ এটা আই টি কোম্পানীত কাম কৰিছিল। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ২৩ অক্টোবৰত অভিনেতাগৰাকীৰ পৰিয়ালৰ লোকে ফেনত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।

সেই সময়ত তেওঁ জীয়াই আছিল। তাৰ পিছত লগে লগে তেওঁক  স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। কিন্তু ভাল খবৰ নাহিল। ২৪ অক্টোবৰত চিকিৎসালয়ৰ বিচনাত শচীনে শেষ নিশ্বাস ত্যাগ কৰে। অতি কম বয়সৰ পৰাই শচীন অভিনয়ৰ লগত জড়িত আছিল । প্ৰথমে নাটক, তাৰ পিছত সৰু সৰু ধাৰাবাহিক অভিনয় কৰিছিল শচীনে।

 

View this post on Instagram

 

A post shared by Sachin Chandwade (@sachin_chandwade)

জামতাৰা ছিৰিজখন তেওঁৰ বাবে আছিল এক ডাঙৰ টাৰ্নি পইণ্ট । শেহতীয়াকৈ শচীনে এখন মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল। এই খবৰটো নিজে ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে। অৱশ্যে নতুন সুযোগ পোৱাৰ আগতেই সকলো শেষ হৈ গ’ল। ২৫ বছৰীয়া শচীনে কিয় এই কাম কৰিলে সেই কথাক লৈ তেওঁৰ পৰিয়াল লোকসকলো বিমোৰত পৰিছে।