শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পঞ্চভূতত বিলীন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা শিল্পীগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। এয়া অসমৰ সংগীত তথা সাংস্কৃতিক জগতৰ বাবে বৃহৎ ক্ষতি।

পঞ্চভূতত বিলীন প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন
barasha-misra
Barasha Misra | Published: 04 Nov 2025 18:47 PM

উভতি নহা বাটেৰে গুচি গ’ল আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা। সোমবাৰে পুৱা ৬.১৫ বজাত মৃত্যু হয় শিল্পীজনৰ। দীৰ্ঘদিনে অসুস্থ হৈ আছিল দীপক শৰ্মা। অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকীক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল।

১৯৬৮ চনৰ ২৩ আগষ্ট তাৰিখে দীপক শৰ্মাৰ নলবাৰীৰ পানীগাঁৱত জন্ম হয়। গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেওঁ বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কলিকতাত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ত ইনষ্ট্ৰুমেণ্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯২ চনৰ পৰা পণ্ডিত হৰিপ্ৰসাদ চৌৰসিয়াৰ তত্ত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণীৰ বি-হাইগ্রেড লাভ কৰা শিল্পীগৰাকী আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত সংগীত পৰিচালকো আছিল। তেওঁ কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনাও কৰিছিল। মুম্বাইত থকাৰ সময়তে দীপক শৰ্মা দক্ষিণ আফ্ৰিকালৈ বাঁহী বাদনৰ বাবে আমন্ত্ৰিত হৈছিল। ইয়াৰ পিছত তেওঁ ছুইজাৰলেণ্ড, জাৰ্মানী, পোলেণ্ড, ফ্ৰান্স আদিকে ধৰি ৪২খন দেশত অনুষ্ঠান পৰিৱেশন কৰিছিল।

ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা শিল্পীগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেোঁৰ বয়স আছিল ৫৭ বছৰ। দীপক শৰ্মাৰ নশ্বৰদেহ আজি বিমানেৰে অসমলৈ অনা হয়। বিমানবন্দৰত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ বাসগৃহলৈ লৈ অহা হৈছে। নৱগ্ৰহ শ্মশানত বিয়লি ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত শিল্পীগৰাকীৰ অগণন গুণমুগ্ধ।