পথ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন, ভাঙিল দুভৰি, মূৰতো পাইছে আঘাত
৪ মে’ত পৱনদ্বীপে বন্ধু অজয় মেহৰাৰ সৈতে ঘৰৰ পৰা নয়ডালৈ গৈ আছিল । এই সময়ছোৱাত তেওঁৰ গাড়ীখন চালক ৰাহুল সিঙে চলাই আছিল । নিশা প্ৰায় ২.৩০ বজাত তেওঁৰ গাড়ীখন গজৰৌলা থানা এলেকাৰ চৌপালা ক্ৰছিং অভাৰব্ৰীজৰ পৰা নামি অহাৰ লগে লগে ঘাইপথৰ কাষত ৰখাই থোৱা এখন বাহনত খুন্দা মাৰে পৱনদ্বীপৰ বাহনখনে ।

এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে জনপ্ৰিয় টিভি শ্ব’ ইণ্ডিয়ান আইডল ১২ৰ বিজয়ী কণ্ঠশিল্পী পৱনদীপ ৰাজন । উত্তৰাখণ্ডৰ পৰা নয়ডালৈ গৈ থকা অৱস্থাত তেওঁৰ গাড়ীখনে গজৰৌলাত ঘাইপথৰ কাষত ৰখাই থোৱা আন এখন বাহনত পিছফালৰ পৰা খুন্দা মাৰে । এই দুৰ্ঘটনাত তেওঁৰ সৈতে থকা অজয় মেহৰা আৰু চালক ৰাহুল সিঙো আহত হয় । আৰক্ষীয়ে তিনিওজনকে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে । কণ্ঠশিল্পীগৰাকীৰ অৱস্থা পূৰ্বৰ তুলনাত সুস্থিৰ বুলি জানিব পৰা গৈছে ।
৪ মে’ত পৱনদ্বীপে বন্ধু অজয় মেহৰাৰ সৈতে ঘৰৰ পৰা নয়ডালৈ গৈ আছিল । এই সময়ছোৱাত তেওঁৰ গাড়ীখন চালক ৰাহুল সিঙে চলাই আছিল । নিশা প্ৰায় ২.৩০ বজাত তেওঁৰ গাড়ীখন গজৰৌলা থানা এলেকাৰ চৌপালা ক্ৰছিং অভাৰব্ৰীজৰ পৰা নামি অহাৰ লগে লগে ঘাইপথৰ কাষত ৰখাই থোৱা এখন বাহনত খুন্দা মাৰে পৱনদ্বীপৰ বাহনখনে । চালক ৰাহুল সিঙৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত পৱনদীপ, তেওঁৰ বন্ধু অজয় মেহৰা আৰু চালক ৰাহুল সিং গুৰুতৰভাৱে আহত হয় ।
আই চি ইউত ভৰ্তি
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকৰ সমাগম হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক গাড়ীৰ পৰা উলিয়াই আনি চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে । ক্ষতিগ্ৰস্ত দুয়োখন বাহন আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে । চিকিৎসকে তিনিওজনকে মোৰাদাবাদলৈ প্ৰেৰণ কৰে । তিনিওজনৰ অৱস্থা সংকটজনক দেখি আৰক্ষীয়ে তেওঁলোকক দিদৌলীৰ ঘাইপথৰ সমীপত অৱস্থিত এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে কণ্ঠশিল্পীগৰাকীৰ পৰিয়াল চিকিৎসালয়ত উপস্থিত হয় । সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি পৱনদ্বীপ ৰাজন এতিয়া বিপদৰ পৰা মুক্ত ।
দুয়োখন ভৰিত আঘাত
প্ৰাথমিক চিকিৎসাৰ অন্তত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে নয়ডালৈ লৈ যোৱা হয় । চিকিৎসকৰ মতে, পৱনদ্বীপৰ দুয়োখন ভৰি ভাঙি যোৱাৰ লগতে তেওঁ মূৰতো আঘাত পাইছে । অভিযোগৰ ভিত্তিত বিষয়টোত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চি অ’ শ্বেতাভ ভাস্কৰে জানিবলৈ দিয়ে । গাড়ী চালকজন টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি কোৱা হৈছে । উত্তৰাখণ্ডৰ চম্পাৱতৰ বাসিন্দা সুৰেশ ৰাজনৰ পুত্ৰ পৱনদ্বীপ ভাৰতীয় সংগীতকৰ ৰিয়েলিটি টিভি শ্ব’ ইণ্ডিয়ান আইডল ১২ৰ বিজয়ী ।