কাইলৈ স্বাধীনতা দিৱসঃ চাওক আপোনাৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিব পৰা কেইটামান অসমীয়া গান
অসমীয়াত এনে বহুকেইটা দেশপ্ৰেমমূলক গীতে প্ৰতিনিয়ত শ্ৰোতাৰ মন মগজু জোকাৰি আহিছে। চাওঁ আহক স্বাধীনতা দিৱসৰ এই মহান ক্ষণত আপোনাৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱ অধিক জাগ্ৰত কৰি তুলিব পৰা কেইটামান অসমীয়া গান।

কাইলৈ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ লাভ কৰা আকাংক্ষিত স্বাধীনতা উদযাপন কৰিব সমগ্ৰ দেশে। এই মহান দিনটোত স্বাভাৱিকতেই প্ৰতিজন লোকৰ মনত এক দেশাত্মবোধৰ ভাৱ জাগ্ৰত হয়। তেনে পৰিস্থিতিত এটি দেশপ্ৰেমৰ গীত হৈ পৰে সোণত সুৱগা চৰা। অসমীয়াত এনে বহুকেইটা দেশপ্ৰেমমূলক গীতে প্ৰতিনিয়ত শ্ৰোতাৰ মন মগজু জোকাৰি আহিছে। চাওঁ আহক স্বাধীনতা দিৱসৰ এই মহান ক্ষণত আপোনাৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱ অধিক জাগ্ৰত কৰি তুলিব পৰা কেইটামান অসমীয়া গান-
১) লুইতৰ পাৰৰে আমি ডেকা ল’ৰাঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মহৎ সৃষ্টি লুইতৰ পাৰৰে আমি ডেকা ল’ৰা গীতটি দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ কৰি তুলিবলৈ বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। ভাৰতৰ স্বাধীনতা যুঁজৰ সমান্তৰালভাৱে এই গীত অসমীয়া সমাজত এক সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ চিন্তা উদ্ৰেককাৰী গীত হিচাপে পৰিগণিত হৈ ৰৈছে।
২) বিশ্ববিজয়ী নৱজোৱানঃ ১৯৩০/৪০ৰ দশকত ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত নাটক, গান আৰু কবিতাৰ জৰিয়তে গণজাগৰণ সৃষ্টি কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। সেই সময়তে তেওঁ ৰচনা কৰিছিল এই গীতটি। নৱপ্ৰজন্মক সামাজিক দায়িত্ব আৰু বিপ্লৱী মনোভাৱেৰে জগাই তুলিছিল এই গীতে। অসমীয়া সমাজ জীৱনত জ্যোতিপ্ৰসাদৰ এই কালজয়ী গীতটোৱে আজিও সকলোকে উদ্বুদ্ধ কৰি আহিছে।
৩) অ’ অসমীয়া ডেকা দলঃ অসমীয়াৰ মন-প্ৰাণত বিপ্লৱৰ বীজ সিঁচি প্ৰতিক্ষণতে বৈপ্লৱিক চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি তোলা এটি নাম সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা। এইগৰাকী সৈনিক শিল্পীৰে মহৎ সৃষ্টি অ’ অসমীয়া ডেকা দল। অ’ অসমীয়া ডেকা দল/আজি তোৰেই তেজাল বদন/মলিন কিয় হ’ল বুলি প্ৰশ্ন কৰি অসমীয়া নৱপ্ৰজন্মক ঐতিহ্য আৰু সংস্কৃতিৰে উদ্ভাসিত কৰি তুলিবলৈ আহ্বান জনাইছিল কলাগুৰু সৈনিক শিল্পী ৰাভাই।
৪) কত জোৱানৰ মৃত্যু হ’লঃ অসমীয়াৰ মন-মগজুত এক সুকীয়া স্থান দখল কৰি অহা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কত জোৱানৰ মৃত্যু হ’ল শীৰ্ষক গীতটিয়ে যিকোনো ক্ষণতে জোকাৰি তোলে শ্ৰোতাৰ মন-মগজু। এই গীতটিৰ পটভূমি হৈছে ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধ। এই যুদ্ধত ভাৰতৰ সৈনিকসকলৰ মৃত্যু আৰু দেশৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ভূপেন হাজৰিকাই “কত জোৱানৰ মৃত্যু হ’ল” শীৰ্ষক গীতটি ৰচনা কৰিছিল।
৫) তপ্ত তীখাৰে অগ্নিশক্তিঃ ১৯৬৩ চনত মুক্তি পোৱা অসমীয়া ছবি ‘মণিৰাম দেৱান’ৰ এই গীতটি ভূপেন হাজৰিকাৰ অন্যতম মহৎ সৃষ্টি। সুধাকণ্ঠই এই গীতটো ৰচনা কৰাৰ কৰাৰ লগতে কণ্ঠদানো কৰিছিল। তেওঁৰ লগতে গীতটোত কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকা, শ্যামল মিত্ৰ, ইলা বসু আৰু সুদক্ষিণা শৰ্মাই। গীতটোৱে স্বাধীনতাৰ বাবে মানুহৰ সংগ্ৰাম আৰু দৃঢ় সংকল্পক প্ৰতিফলিত কৰে।
৬) আহ আহ ওলাই আহঃ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এই বিখ্যাত গীতটো আজিও প্ৰতিটো বৈপ্লৱিক ক্ষেত্ৰতে ব্যৱহাৰ কৰি হৈছে। প্ৰতিটো গণ আন্দোলনতে ভূপেন হাজৰিকাৰ এই গীতে সৃষ্টি কৰি আহিছে ব্যাপক জনজাগৰণ। এই গীতটোৰ মূল বিষয়বস্তু হৈছে জনসাধাৰণক একত্ৰিত হোৱাৰ আহ্বান জনোৱা আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ অনুপ্ৰাণিত কৰা। গীতটোৱে সমাজত সজাগতা সৃষ্টি কৰাৰ লগতে জনসাধাৰণক তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ দিবলৈ উৎসাহিত কৰে।