শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কি কি পৰিৱৰ্তন কৰিলে‘ধুৰন্ধৰ’ ছবিৰ? কঠোৰ নিৰ্দেশনা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

২০২৬ চনৰ আৰম্ভণিতো ‘ধুৰন্ধৰ’ৰ বিজয় যাত্ৰা অব্যাহত আছে। কিন্তু নতুন বছৰত দৰ্শকে ছবিগৃহত দেখা পোৱা এই একচন ছবিখনৰ সংস্কৰণটো কিছু পৰিৱৰ্তন হ’ব। বিতৰ্কৰ পৰা হাত সাৰি ছবিখনৰ ব্যৱসায় কিমান দূৰলৈ যাব সেয়া হ’ব লক্ষ্যণীয়।

কি কি পৰিৱৰ্তন কৰিলে‘ধুৰন্ধৰ’ ছবিৰ? কঠোৰ নিৰ্দেশনা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ
barasha-misra
Barasha Misra | Published: 02 Jan 2026 16:06 PM

ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ মুক্তি সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (আই এণ্ড বি মন্ত্ৰালয়) ডাঙৰ গাইডলাইন জাৰি কৰিছে। মন্ত্ৰালয়ৰ নিৰ্দেশ অনুযায়ী ছবিখনত কেইবাটাও সংলাপ আৰু শব্দৰ পৰিৱৰ্তন কৰা হৈছে। নতুন বছৰৰ প্ৰথম দিন অৰ্থাৎ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে মুক্তি পায় ছবিখনৰ এই সংশোধিত সংস্কৰণ।

১১.২৮ কোটি টকাৰ ৰাজহৰ পিছত বৃহৎ সালসলনি

মুক্তিৰ মাত্ৰ ২৭ দিনতে বিশ্বজুৰি ১১.২৮ কোটি টকা উপাৰ্জন কৰি বক্স অফিচৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে ‘ধুৰন্ধৰ’। এই সফলতাৰ মাজতে মন্ত্ৰালয়ে নিৰ্মাতাসকলক ছবিখনৰ কিছু অংশ ‘ম্যুট’ কৰি সংলাপ সলনি কৰিবলৈ নিৰ্দেশ দিছে। জানিব পৰা মতে, বাদ পৰা এটা শব্দ হৈছে ‘বালুচ’।

চিনেমাগৃহত নতুন ডিজিটেল কপি (DCP)

বলীউড হাংগামাত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৩১ ডিচেম্বৰৰ শেষৰ ফালে দেশৰ সকলো চিনেমা হলৰ মালিকক এই পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰা হৈছিল। বিতৰকসকলে প্ৰেৰণ কৰা ইমেইলত এই কথা জনাইছিল যে ছবিখনৰ পুৰণি ডিজিটেল চিনেমা পেকেজৰ ঠাইত নতুন কপি নিৰ্মাণ কৰা হৈছে। এই ক্ষিপ্ৰ পদক্ষেপৰ কাৰণ হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ আপত্তি।

উদ্যোগৰ সূত্ৰ অনুসৰি ছবিখনৰ এটা বিশেষ অংশত ‘বালুচ’ শব্দটো ব্যৱহাৰ কৰাত আপত্তি উত্থাপন কৰিছে মন্ত্ৰালয়ে। আন এটা শব্দও ম্য়ুট কৰি এটা সম্পূৰ্ণ সংলাপ সম্পাদনা কৰা হৈছে।

২০২৬ চনৰ আৰম্ভণিতে ‘ধুৰন্ধৰ’ৰ বিজয় যাত্ৰা অব্যাহত আছে। কিন্তু নতুন বছৰত দৰ্শকে ছবিগৃহত দেখা পোৱা এই একচন ছবিখনৰ সংস্কৰণটো অলপ বেছি পলিচ আৰু মডিফাইড হ’ব। বিতৰ্কৰ পৰা হাত সাৰি ছবিখনৰ ব্যৱসায় কিমান দূৰলৈ যাব সেয়া হ’ব লক্ষ্যণীয়।