শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাগ হ’ল ঋষি কাপুৰৰ বিশাল সম্পত্তি, উত্তৰাধিকাৰ সূত্ৰে কি কি লাভ কৰিলে পুত্ৰ ৰণবীৰে!

দেশৰ ছবিজগতৰে এগৰাকী অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে পৰিচিত ঋষি কাপুৰ ২০২০ চনত শেষ নিশ্বাস ত্যাগ কৰে। তেতিয়াৰ পৰাই বঋষি কাপুৰৰ বিশাল সম্পত্তিৰ ভাগ বাটোৱাৰা সন্দৰ্ভত ব্যাপক উৰাবাতৰি প্ৰচাৰ হৈছে। পিতৃ ঋষি কাপুৰৰ সম্পত্তিৰ কিমান অংশ লাভ কৰিছে পুত্ৰ ৰণবীৰে, সেই লৈ সকলোৰে মনত প্ৰশ্ন উদয় হৈছে।

ভাগ হ’ল ঋষি কাপুৰৰ বিশাল সম্পত্তি, উত্তৰাধিকাৰ সূত্ৰে কি কি লাভ কৰিলে পুত্ৰ ৰণবীৰে!
ঋষি কাপুৰ আৰু ৰণবীৰ কাপুৰImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 04 Jul 2025 18:38 PM

বলীউডৰ আটাইতকৈ চৰ্চিত আৰু জনপ্ৰিয় পৰিয়াল হৈছে কাপুৰ পৰিয়াল প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কাপুৰ পৰিয়ালৰ সদস্যই ছবিজগতত ভুমুকি মাৰিছে লাভ কৰিছে অলেখ খ্যাতি এই পৰিয়ালৰে অন্যতম সদস্য ঋষি কাপুৰ ছবিজগতত খোজ দিয়াৰ পিছৰে পৰা ঋষি কাপুৰে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল দেশৰ ছবিজগতৰে এগৰাকী অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে পৰিচিত ঋষি কাপুৰ ২০২০ চনত শেষ নিশ্বাস ত্যাগ কৰে। তেতিয়াৰ পৰাই বলীউড জগতত কাপুৰ পৰিয়াল সন্দৰ্ভত নানা উৰাবাতৰি প্ৰচাৰ হৈ আহিছে।

বিশেষকৈ ঋষি কাপুৰৰ বিশাল সম্পত্তিৰ ভাগ বাটোৱাৰা সন্দৰ্ভত এই উৰাবাতৰি প্ৰচাৰ হৈছে পিতৃ ঋষি কাপুৰৰ সম্পত্তিৰ পৰা পত্নী নীতু কাপুৰ আৰু দুই সন্তান ক্ৰমে পুত্ৰ ৰণবীৰ, কন্যা ৰিধিমাই কিমান অংশকৈ লাভ কৰিব সেই সন্দৰ্ভত ব্যাপক চৰ্চা চলি আহিছেতথ্য অনুসৰি ঋষি কাপুৰৰ মুঠ সম্পত্তি আছিল ৩০০ কোটি। এই সম্পত্তিৰে এক অংশ হৈছে ঋষি কাপুৰৰ ভৱন কৃষ্ণৰাজ।

এই ভৱনটোৰ মূল্য প্ৰায় ২৫০ কোটি। প্ৰকাশিত খবৰ অনুসৰি পিতৃ ঋষি কাপুৰৰ এই বিশাল অৰ্থৰ কৃষ্ণৰাজ ভৱন লাভ কৰিছে ৰণবীৰ কাপুৰে শেহতীয়াকৈ দীপাৱলীৰ পৰা পত্নী আলিয়া আৰু পুত্ৰ ৰাহাৰ সৈতে এই ভৱনত বাস কৰিবলৈ লৈছে ৰণবীৰ কাপুৰে। পত্নী আলিয়াৰ সৈতে ৰণবীৰে এই ভৱনটো পুনৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে

ইফালে ঋষি কাপুৰৰ গাড়ীৰ প্ৰতিও যথেষ্ট আকৰ্ষণ আছিল। তেওঁৰ আটাইকেইখন গাড়ীৰ মূল্য প্ৰায় ৭.৫ কোটি বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ মতে ৰণবীৰেও এই গাড়ীৰ অংশ লাভ কৰিব। অৱশ্যে ঋষি কাপুৰৰ কন্যা ৰিধিমাই পিতৃৰ সম্পত্তিৰ পৰা কিমান অংশ লাভ কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লক্ষণীয়ভাৱে ৰণবীৰে কেইবাটাও সাক্ষাৎকাৰত প্ৰায়ে উল্লেখ কৰিছিল যে পিতৃ ঋষি কাপুৰতকৈ মাতৃ নীতু কাপুৰ তেওঁৰ অধিক মৰমৰ। আনকি ঋষি কাপুৰ আৰু নীতুৰ বৈবাহিক বিবাদো তেওঁ প্ৰত্যক্ষ কৰিছিল। ৰণবীৰে কৈছিল যে তেওঁৰ শৈশৱ ট্ৰমাৰ মাজেৰে পাৰ হৈছিল। পিতৃ ঋষি কাপুৰৰ পৰা তেওঁ দূৰত্ব বজাই ৰাখিছিল বুলিও উল্লেখ কৰিছিল। অৱশ্যে বয়স বৃদ্ধিৰ লগে লগে পৰিস্থিতিও সলনি হয় আৰু ঋষিৰণবীৰৰ মাজত সম্পৰ্ক দৃঢ় হৈ পৰে।