শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰায় অন্তিম ক্ষণত ভাঙিছিল জীতেন্দ্ৰ-হেমাৰ বিয়া, ড্ৰীম গাৰ্লৰ সৈতে বন্ধ কোঠাৰ ভিতৰত কি কৰিছিল ধৰ্মেন্দ্ৰই!

হেমা, ধৰ্মেন্দ্ৰ আৰু জীতেন্দ্ৰৰ ত্ৰিকোণীয়া সম্পৰ্কই সেই সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। সেয়া আছিল ১৯৭৩-১৯৭৪ চনৰ কথা। সেই সময়ত ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ প্ৰেমৰ উৰাবাতৰিয়ে বলীউডত একপ্ৰকাৰে জোকাৰণি তুলিছিল।

প্ৰায় অন্তিম ক্ষণত ভাঙিছিল জীতেন্দ্ৰ-হেমাৰ বিয়া, ড্ৰীম গাৰ্লৰ সৈতে বন্ধ কোঠাৰ ভিতৰত কি কৰিছিল ধৰ্মেন্দ্ৰই!
ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীImage Credit source: X/Hema Malini
monjit-dutta
Monjit Dutta | Published: 15 Nov 2025 14:05 PM

বলীউডৰ নানা মুখৰোচক খবৰে সততে দখল কৰে সংবাদ শিৰোনাম। অনুৰাগীৰ মুখে মুখে চৰ্চিত হৈ পৰে এই খবৰসমূহ। বিশেষকৈ বলীউডৰ তাৰকা-মহাতাৰকাসকলৰ প্ৰেমৰ সম্পৰ্কৰ খবৰ বাৰুকৈয়ে চৰ্চিত হয়। এতিয়াৰ সুখী দম্পতী ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ একালৰ প্ৰেমো আছিল এনে এক চৰ্চিত প্ৰেমৰ সম্পৰ্ক। স্বাভাৱিকতেই হিন্দী চলচ্চিত্ৰ উদ্যোগত প্ৰেম, বিবাহ আৰু বিচ্ছেদৰ খবৰে সততে আলোড়নৰ সৃষ্টি কৰে। ধৰ্মেন্দ্ৰ আৰু হেমাক লৈও সেইদৰেই হৈছিল চৰ্চা।

পিছে এই সম্পৰ্কত আছিল আন এক চৰিত্ৰ। তেওঁ আছিল বলীউডৰে জনপ্ৰিয় অভিনেতা জীতেন্দ্ৰ। হেমা, ধৰ্মেন্দ্ৰ আৰু জীতেন্দ্ৰৰ ত্ৰিকোণীয়া সম্পৰ্কই সেই সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। সেয়া আছিল ১৯৭৩-১৯৭৪ চনৰ কথা। সেই সময়ত ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ প্ৰেমৰ উৰাবাতৰিয়ে বলীউডত একপ্ৰকাৰে জোকাৰণি তুলিছিল।

হেমাৰ সৈতে এই প্ৰেমৰ সম্পৰ্কৰ সময়ত ধৰ্মেন্দ্ৰ আছিল বিবাহিত। চাৰিটা সন্তানৰ পিতৃত্বও অৰ্জন কৰিছিল তেওঁ। কিন্তু তাৰ পিছতো বলীউডৰ ‘He Man’ ধৰ্মেন্দ্ৰৰ প্ৰেমত হাবুডুবু খাইছিল ড্ৰীম গাৰ্ল হেমা মালিনী। পছে ধৰ্মেন্দ্ৰৰ সৈতে এই সম্পৰ্কক স্বীকাৰ কৰা নাছিল হেমাৰ পিতৃ-মাতৃয়ে।

সেয়ে তেওঁলোকে হেমাক বিবাহৰ বাবে জীতেন্দ্ৰ আৰু জীতেন্দ্ৰৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ পতিয়ন নিয়াইছিল। সেই অনসৰিয়েই হেমা আৰু তেওঁৰ পৰিয়াল মুম্বাইৰ পৰা চেন্নাইলৈ উৰা মাৰিছিল। আনহাতে হেমাৰ প্ৰতি জীতেন্দ্ৰৰ পিছে তেনে কোনো অনুভৱ নাছিল। কেৱল মাত্ৰ পিতৃ-মাতৃৰ পৰামৰ্শ মতেহে হেমাক বিয়া কৰাবলৈ মান্তি হয়।

ইফালে হেমাৰো সেই একেই অৱস্থা। ইতিমধ্যে ধৰ্মেন্দ্ৰৰ প্ৰেমত নিজকে সঁপি দিছিল হেমাই। কিন্তু প্ৰেমে নামানে কোনো বাধা। সেয়াই কৰি দেখুৱালে ধৰ্মেন্দ্ৰই। বিয়াৰ বাবে সেই সময়ত কৰা হৈছিল পূৰ্ণ প্ৰস্তুতি। কিন্তু প্ৰায় হওঁ হওঁ অৱস্থাত থকা বিয়াখন ভাঙি পেলায় ধৰ্মেন্দ্ৰই।

সেই সময়ৰ এখন মনোৰঞ্জন আলোচনীত প্ৰকাশ পোৱা মতে ধৰ্মেন্দ্ৰই বিয়াঘৰত প্ৰৱেশ কৰি হেমাৰ সৈতে এটা কোঠাত সোমায় আৰু ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিয়ে। তাৰ পিছত বাহিৰত থকা লোকে শুনিবলৈ পায় হেমাৰ কান্দোন শুনা গ’ল। তেনেতে হঠাৎ ধৰ্মেন্দ্ৰ কোঠাৰ পৰা ওলাই যায় আৰু পিছে পিছে ওলাই আহি হেমাই বিয়া ভংগ কৰে।

ইয়াৰ পিছত ১৯৮০ চনত হেমাই ধৰ্মেন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এক সাক্ষাৎকাৰত জীতেন্দ্ৰই এই সন্দৰ্ভত কয়, “হেমা এগৰাকী বৰ ভাল ছোৱালী। তেওঁৰ বাবে মই উপযুক্ত নাছিলো। হেমাই যি কৰিলে, একেবাৰে ঠিকেই কৰিলে।” অৱশ্যে বন্ধ কোঠাত ধৰ্মেন্দ্ৰই হেমাক কি কৈছিল, সেয়া আজিও অজানা হৈ আছে।