এসময়ত আছিল ড্ৰাইভাৰ, এতিয়া ইমান টকাৰ সম্পত্তিৰ গৰাকী ‘কান্তাৰা’ৰ তাৰকা ঋষভ…
বৰ্তমান দেশজুৰি পৰিচিত নাম হ’লেও পিছে এসময়ত ঋষভৰ জীৱন আছিল সম্পূৰ্ণ পৃথক। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী এই অভিনেতাগৰাকীয়ে এসময়ত অফিচ বয় আৰু ড্ৰাইভাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

চলচ্চিত্ৰ জগতত এতিয়া বহুল চৰ্চিত নাম ঋষভ শেট্টী। সম্প্ৰতি ছবিগৃহত আছে তেওঁৰ ছবি ‘কান্তাৰা চেপ্টাৰ ১’। মুক্তিৰ পিছৰে পৰা এই ছবিখনে বক্স অফিচত একপ্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰা বুলিব পাৰি। সমগ্ৰ দেশজুৰি এতিয়া চিনেপ্ৰেমীৰ মাজত পৰিচিত হৈ পৰিছে ঋষভ। বৰ্তমান দেশজুৰি পৰিচিত নাম হ’লেও পিছে এসময়ত ঋষভৰ জীৱন আছিল সম্পূৰ্ণ পৃথক। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী এই অভিনেতাগৰাকীয়ে এসময়ত অফিচ বয় আৰু ড্ৰাইভাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
২০০৮ চনত ঋষভ শেট্টীয়ে মুম্বাইৰ আন্ধেৰী অঞ্চলৰ এটা প্ৰডাকচন হাউচত অফিচ বয় হিচাপে কাম কৰিছিল। সমান্তৰালকৈ এগৰাকী প্ৰযোজকৰ ড্ৰাইভাৰ হিচাপেও কাম কৰিছিল ঋষভে। সেই সময়ত তেনেই এক সাধাৰণ জীৱন নিৰ্বাহ কৰিছিল আজিৰ এই তাৰকা অভিনেতাগৰাকীয়ে। পিছে সেই সময় অতিক্ৰম কৰি আজি ঋষভ হৈ পৰিছে মহাতাৰকা।
ঋষভ শ্বেট্টীয়ে ২০১২ চনত ‘তুগলক’ নামৰ এখন ছবিৰ জৰিয়তে অভিনেতা হিচাপে অভিষেক ঘটায়। প্ৰথম অৱস্থাত তেওঁ কেইবাখনো ছবিত অভিনয় কৰিছিল যদিও বিশেষ স্বীকৃতি লাভ কৰাত ব্যৰ্থ হৈছিল। কিন্তু ২০২২ চনত মুক্তি পোৱা কানাড়া ছবি ‘কান্তাৰা’ই তেওঁৰ ভাগ্য সলনি কৰে। ঋষভৰ বাবে ‘কান্তাৰা’ কেৱল এখন ছবি নহয়, তেওঁৰ সমগ্ৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়।
এই ছবিখনে বিশ্বজুৰি প্ৰায় ৪৫০ কোটি টকা উপাৰ্জন কৰে। ছবিখনৰ সফলতাই তেওঁক সমগ্ৰ দেশতে এক নতুন পৰিচয় প্ৰদান কৰাৰ লগতে অভিনেতা হিচাপে তেওঁক এক নতুন উচ্চতালৈ তুলি নিয়ে। এই ছবিখনত কৰা অভিনয়ৰ বাবে ঋষভ শেট্টীয়ে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। এতিয়া তেওঁ কেৱল এজন সফল অভিনেতা নহয়, এজন সফল প্ৰযোজকো।
এতিয়া ঋষভৰ উপাৰ্জনৰ প্ৰধান উৎস হৈছে তেওঁৰ ছবি আৰু প্ৰডাকচন হাউচ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঋষভৰ সম্পত্তি বৰ্তমান প্ৰায় ৭০ৰ পৰা ৯০ কোটি টকা। ২০২০ চনত কান্তাৰা ছবি মুক্তিৰ আগলৈকে এই পৰিমাণ আছিল ১০ৰ পৰা ১২ কোটি টকা। অৱশ্যে তেতিয়াও তেওঁৰ হাতত আছিল অ’ডি কিউ৭, জীপ কম্পাছ, মহিন্দ্ৰা থাৰৰ দৰে বাহন।
উল্লেখ্য যে ঋষভ শ্বেট্টীৰ নতুন ছবি ‘কান্তাৰা চেপ্টাৰ ১’ যোৱা ২ অক্টোবৰত মুক্তি লাভ কৰে। মাত্ৰ তিনিদিনতে এই ছবিখনে দেশৰ লগতে সমগ্ৰ বিশ্বজুৰি প্ৰায় ২২৫ কোটি টকা উপাৰ্জন কৰিছে। সম্প্ৰতি ঋষভৰ কেইবাটাও নতুন প্ৰজেক্টৰ কাম চলি আছে বুলি জানিব পৰা গৈছে। গতিকে অনাগত সময়ত চলচ্চিত্ৰ জগতত তেওঁৰ স্থান আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰিব পাৰি।