জনপ্ৰিয় গায়ক এপি ধিলনৰ বাসগৃ্হৰ বাহিৰত গুলীচালনাঃ দায়িত্ব স্বীকাৰ লৰেন্স বিষ্ণৈ গেঙৰ
জনপ্ৰিয় পাঞ্জাবী গায়ক এ পি ধিলনৰ কানাডাস্থিত বাসগৃ্হৰ বাহিৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণৈ আৰু ৰোহিত গোদাৰা গেঙে। এই ঘটনা সন্দৰ্ভত নিৰাপত্তা সংস্থাসমূহে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে।
বিখ্যাত পাঞ্জাবী গায়ক এ পি ধিলনৰ বাসগৃ্হৰ বাহিৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। জনপ্ৰিয় গায়কগৰাকীৰ কানাডাস্থিত বাসগৃ্হৰ বাহিৰত অজ্ঞাত আততায়ীয়ে সংঘটিত কৰে এই গুলীচালনা। এই ঘটনাই সম্প্ৰতি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে গুলীচালনা কাণ্ডৰ এক ভিডিঅ’ও পোহৰলৈ আহিছে। এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে এই সন্দৰ্ভত নিৰাপত্তা সংস্থাসমূহে তদন্ত আৰম্ভ কৰিছে। গুলীচালনাত জড়িত লোকসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।
ইফালে ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণৈ আৰু ৰোহিত গোদাৰা গেঙে। কানাডাৰ এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই পোষ্টটোত ভেংকুৱাৰ ভিক্টোৰিয়া দ্বীপত থকা ধিলনৰ বাসগৃহত গুলীচালনা কৰা বুলি দাবী কৰা হৈছে।
ভাইৰেল পোষ্টটোত ধিলনৰ বাসগৃ্হৰ লগতে কানাডাৰ আন এক স্থানতো গুলীচালনা কৰা বুলি দাবী কৰিছে দুৰ্বৃত্তই। পোষ্টটোত লিখা আছে, “১ ছেপ্টেম্বৰৰ নিশা আমি কানাডাৰ দুটা স্থানত গুলীচালনা কৰিছিলো। এই দুটা স্থান হৈছে ভিতৰত ভিক্টোৰিয়া দ্বীপ আৰু উডব্ৰিজ টৰণ্টো। এই গুলীচালনাৰ দায়িত্ব আমি- লৰেন্স বিষ্ণৈ আৰু ৰোহিত গোদাৰা লৈছো।”
এই পোষ্টটোত ছলমান খান আৰু এ পি ধিলনৰ সম্পৰ্ক সন্দৰ্ভতো লিখা হৈছে। পোষ্টটোত লগতে এইদৰে লিখা হৈছে, “আপুনি যিটো আণ্ডাৰৱৰ্ল্ডৰ জীৱন কপি কৰে, সেয়া আচলতে আমি জীয়াই থকা জীৱনটোৱেই। নিজৰ সীমাৰ ভিতৰত থাকক, নহ’লে আপোনাক হত্যা কৰা হ’ব।” সামাজিক মাধ্যমত এই পোষ্টটো ভাইৰেল হৈ পৰাৰ পিছতে নিৰাপত্তা সংস্থাসমূহে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে।
লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও কেইমাহমান পূৰ্বে বিদেশত গিপি গ্ৰেৱালৰ বাসগৃ্হত গুলীচালনা কৰিছিল গোল্ডি-লৰেন্স গেঙে। এই সন্দৰ্ভত এতিয়াও কানাডাৰ আৰক্ষীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আনহাতে চলিত বৰ্ষৰ ১৪ এপ্ৰিলৰ পুৱা বান্দ্ৰাস্থিত বলীউডৰ তাৰকা অভিনেতা ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টত গুলীচালনা হৈছিল।
মটৰ চাইকেল আৰোহী দুগৰাকী লোকে অভিনেতাগৰাকীৰ বাসগৃ্হৰ বাহিৰত এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল। ঘটনাৰ দুদিন পিছত এই ঘটনাত জদ্ৰিত থকাৰ অভিযোগত গুজৰাটৰ পৰা বিকি গুপ্তা আৰু সাগৰ পাল নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই আক্ৰমণৰো দায়িত্ব স্বীকাৰ কৰিছিল লৰেন্স বিষ্ণৈ গেঙে।
উল্লেখ্য যে এই লৰেন্স বিষ্ণৈ গেঙেই প্ৰখ্যাত পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰা বুলি স্পষ্ট ঘোষণা কৰিছিল। মুছেৱালাৰ হত্যাই জোকাৰি গৈছিল সমগ্ৰ দেশ। জনপ্ৰিয় পঞ্জাৱী গায়কগৰাকীক হত্যা কৰাৰ পিছতে বলীউডৰ অভিনেতা ছলমান খানৰ লগতে আন এগৰাকী প্ৰখ্যাত পঞ্জাৱী গায়ক হানী সিঙকো হত্যাৰ ভাবুকি দিছিল বিষ্ণৈ গেঙে।