প্ৰৱঞ্চনাৰ অভিযোগ! পত্নীসহ পৰিচালক বিক্ৰম ভাটক গ্ৰেপ্তাৰ আৰক্ষীৰ
ৰাজস্থান আৰক্ষীয়ে দেওবাৰে ৩০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি বিক্ৰম ভাট আৰু তেওঁৰ পত্নীয়ে উদয়পুৰৰ ইন্দিৰা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী ডাঃ অজয় মুৰ্দিয়াক প্ৰতাৰণা কৰিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই গোচৰৰ ছয় অভিযুক্তলৈ জাননী প্ৰেৰণ কৰিছিল।
জনপ্ৰিয় পৰিচালক বিক্ৰম ভাটক গ্ৰেপ্তাৰ। ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছে। তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত উদয়পুৰলৈ লৈ যোৱা হ’ব।
ৰাজস্থান আৰক্ষীয়ে দেওবাৰে ৩০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি বিক্ৰম ভাট আৰু তেওঁৰ পত্নীয়ে উদয়পুৰৰ ইন্দিৰা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী ডাঃ অজয় মুৰ্দিয়াক প্ৰতাৰণা কৰিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই গোচৰৰ ছয় অভিযুক্তলৈ জাননী প্ৰেৰণ কৰিছিল। ৮ ডিচেম্বৰৰ পূৰ্বে হাজিৰ হ’বলৈ কোৱাৰ পিছতে বিক্ৰম ভাট আৰু তেওঁৰ পত্নীক হাজিৰ নোহোৱাৰ বাবে দুয়োকো গ্ৰেপ্তাৰ কৰা হয়।
এফ আই আৰৰ পিছত বিক্ৰম ভাটে কৈছিল যে, প্ৰৱঞ্চনাৰ অভিযোগ এটা প্ৰস্তাৱিত বায়’পিক প্ৰজেক্টৰ ওপৰত আধাৰিত। সকলো অভিযোগ মিছা আৰু ভিত্তিহীন। ভুৱা নথি-পত্ৰ দেখুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰা বুলিও দাবী কৰিছিল তেওঁ।
এই এফআইআৰ দাখিল কৰিছে ইন্দিৰা আইভিএফৰ প্ৰতিষ্ঠাপক ডাঃ অজয় মুৰ্ডিয়াই। এফ আই আৰত ড০ মুৰ্দিয়াই উল্লেখ কৰিছিল যে, বিক্ৰম ভাটে তেওঁৰ প্ৰয়াত পত্নীৰ জীৱনৰ আধাৰত এখন ছবি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। ছবিখনত দেশত আইভিএফৰ যাত্ৰাৰ কাহিনী দেখুওৱা হ’ব। ছবিখন মুক্তিৰ পিছত ২০০ কোটি টকাৰ ব্যৱসায় কৰিব। বিক্ৰম ভাটৰ কথা বিশ্বাস কৰি চিনেমাখনত বিনিয়োগ কৰিবলৈ সন্মত হৈছিল চিকিৎসকজন।
ইফালে বিক্ৰম ভাট দাবী, ড° মুৰ্দিয়াই ‘বিৰাট’ নামৰ ছবিখনৰ কাম সম্পূৰ্ণ হোৱাৰ আগতেই বন্ধ কৰি দিছিল আৰু লগতে ধন পৰিশোধ কৰা বন্ধ কৰিছিল। কাৰিকৰী দিশত জড়িত থকাসকলৰ ওচৰত প্ৰায় ২৫০ কোটি টকা ঋণ আছে। সেই ধন সংগ্ৰহৰ বাবেও তেওঁ বাৰে বাৰে ফোন কৰি আছিল।
তেওঁ দাবী কৰে যে, বাকী থকা ধন পৰিশোধ কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ আৰু বাকীসকলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰা হৈছে। ৫৬ বছৰীয়া সঞ্চালকগৰাকীয়ে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে তেওঁৰ দাবীৰ সমৰ্থনত প্ৰমাণো আগবঢ়াব বুলি কয়।