Miss India 2024: মিছ ইণ্ডিয়াৰ পৰা মিছ ৱৰ্ল্ডলৈ… ভাৰতৰ এইসকল সুন্দৰীৰ শিৰত জিলিকিছিল মিছ ৱৰ্ল্ডৰ মুকুট
Miss India: 'ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪'ৰ খিতাপ দখল কৰিছে মধ্যপ্ৰদেশৰ সুন্দৰী নিকিতা পোৰৱালে। ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বিজয়ীগৰাকীয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। এতিয়ালৈকে ভাৰতক প্ৰতিনিধিত্ব কৰি ৬গৰাকী সুন্দৰীয়ে মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছে।
১৬ অক্টোবৰ, বুধবাৰে নিশা ঘোষণা কৰা হৈছে ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ীৰ নাম। ‘ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪’ৰ খিতাপ দখল কৰিছে মধ্যপ্ৰদেশৰ সুন্দৰী নিকিতা পোৰৱালে। ইয়াৰ পাছত নিকিতাই মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব ভাৰতক। বুধবাৰে ঘোষিত এই প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা ৰেখা পাণ্ডে আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে গুজৰাটৰ আয়ুশী ধোলাকিয়াই। ১৬ অক্টোবৰত মুম্বাইৰ ফেমাছ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে।
মূলতঃ উজ্জয়িনীৰ নিবাসী নিকিতা পোৰৱাল আছিল টিভি এংকৰ। এতিয়া মিছ ৱৰ্ল্ডৰ প্ৰতিযোগিতাত নিকিতাক লৈ যথেষ্ট প্ৰত্যাশা আছে ভাৰতৰ । অৱশ্যে, ইয়াত আমি আপোনাক ক’বলৈ ওলাইছো যে ফেমিনা মিছ ইণ্ডিয়া জয় কৰাৰ পাছত কোন কোন ভাৰতীয় সুন্দৰীয়ে মিছ ৱৰ্ল্ডৰ খিতাপ জিকিবলৈ সক্ষম হৈছিল।
ৰীতা ফাৰিয়া
ৰীতা ফাৰিয়া মিছ ৱৰ্ল্ড জয় কৰা প্ৰথম ভাৰতীয় আছিল। ১৯৬৬ চনত, তেওঁ লণ্ডনত মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিছিল। অৱশ্যে, এবছৰৰ পাছত তেওঁ মডেলিং আৰু চলচ্চিত্ৰ প্ৰত্যাখ্যান কৰিছিল। তেওঁ চিকিৎসা বিষয়ত অধ্যয়নৰ প্ৰতি মনোযোগ দিছিল। ৰীতা ফাৰিয়া গ্ৰাণ্ট মেডিকেল কলেজ আৰু ছাৰ জে.জে. গ্ৰুপ অৱ হাস্পতালৰ এগৰাকী ছাত্ৰী আছিল।
ঐশ্বৰ্য বচ্চন
১৯৯৪ চনত, বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় আছিল মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধা দ্বিতীয়গৰাকী ভাৰতীয়। ঐশ্বৰ্য ৰায় ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ী আছিল আৰু সুস্মিতা সেন ৰানাৰ আপ হৈছিল। কিন্তু সেইগৰাকী সুস্মিতা সেনে মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধিছিল।
ডায়েনা হেডেন
১৯৯৭ চনত, ডায়েনা হেডেনে মিছ ৱৰ্ল্ড খিতাপ জয় কৰে। তেওঁ তৃতীয়গৰাকী মিছ ইণ্ডিয়া আছিল যিয়ে মিছ ৱৰ্ল্ড খিতাপ দখল কৰিছিল। ডায়েনা হেডেন এগৰাকী অভিনেত্ৰী, মডেল আৰু টিভিৰ ঘোষক আছিল। অৱশ্যে, তেওঁৰ চলচ্চিত্ৰ ফ্লপ হৈছিল।
যুক্তা মুখী
দুবছৰ পাছত, ভাৰতে তেওঁৰ চতুৰ্থবালৈ মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰে। ১৯৯৯ চনত যুক্তা মুখীয়ে মিছ ৱৰ্ল্ড খিতাপ জয় কৰে। কিন্তু গ্লেমাৰ দুনীয়াত তেওঁৰ কেৰিয়াৰ স্থায়ী নহ’ল।
প্ৰিয়ংকা চোপ্ৰা
গ্লোবেল আইকন হোৱা প্ৰিয়ংকা চোপ্ৰাই ২০০০ চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰে। বলীউডত সফল হোৱাৰ পাছত তেওঁ হলিউডটো জিলিকি উঠিছে।
মানুষী ছিল্লাৰ
২০১৭ চনত ভাৰতৰ মানুষী ছিল্লাৰে মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিছিল। মানুষী ছিল্লাৰ মেডিকেলৰ ছাত্ৰী আছিল। মানুষী বলীউডৰ বহুতো ডাঙৰ চলচ্চিত্ৰৰ অংশ হৈ পৰিছে।