শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এছিয়ান টেলিভিছন বঁটা ২০২৫ত উজলিল ফেনেটিক্স, ইতিহাস সৃষ্টিৰে দেশলৈ গৌৰৱ কঢ়িয়ালে Studio9-এ

এই তথ্যচিত্ৰখনে দক্ষিণ ভাৰতীয় চিনেমাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অত্যন্ত শক্তিশালী আৰু আৱেগিক ‘fan culture’ৰ অনুসন্ধান চলায়। প্ৰিয় অভিনেতাসকলৰ প্ৰতি অনুৰাগীৰ মনত থকা অটল আনুগত্যৰ আৱেগিক গভীৰতা আৰু সামাজিক প্ৰভাৱৰ লগতে এই ফেনডম কিদৰে শ্ৰদ্ধা তথা পূজাৰ দৰে হৈ পৰে, সেই বিষয়ে তথ্যচিত্ৰখনত দেখুওৱা হৈছে।

এছিয়ান টেলিভিছন বঁটা ২০২৫ত উজলিল ফেনেটিক্স, ইতিহাস সৃষ্টিৰে দেশলৈ গৌৰৱ কঢ়িয়ালে Studio9-এ
ফেনেটিক্সৰ বৃহৎ সাফল্য
monjit-dutta
Monjit Dutta | Published: 05 Dec 2025 15:05 PM

TV9 নেটৱৰ্কৰ ইন-হাউছ প্ৰডাকচন ইউনিট Studio9-এ ইতিহাস সৃষ্টিৰে দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ। ছিংগাপুৰত অনুষ্ঠিত হোৱা ৩০ সংখ্যক এছিয়ান টেলিভিছন বঁটা ২০২৫ত অ’টিটি ডকুমেণ্টৰী প্ৰগ্ৰেম শাখাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে দেশক প্ৰথমবাৰৰ বাবে এনে সন্মান জয়ৰ গৌৰৱেৰে গৌৰৱান্বিত কৰিছে। অ’টিটি প্লেটফৰ্ম DocuBayৰ কমিচনত নিৰ্মিত ফেনেটিক্সৰ জৰিয়তে দেশলৈ আহিছে এই সন্মান। এই তথ্যচিত্ৰখনে দক্ষিণ ভাৰতীয় চিনেমাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অত্যন্ত শক্তিশালী আৰু আৱেগিক ‘fan culture’ৰ অনুসন্ধান চলায়।

প্ৰিয় অভিনেতাসকলৰ প্ৰতি অনুৰাগীৰ মনত থকা অটল আনুগত্যৰ আৱেগিক গভীৰতা আৰু সামাজিক প্ৰভাৱৰ লগতে এই ফেনডম কিদৰে শ্ৰদ্ধা তথা পূজাৰ দৰে হৈ পৰে, সেই বিষয়ে তথ্যচিত্ৰখনত দেখুওৱা হৈছে। এই সন্মান লাভৰ দৌৰত ফেনেটিক্সে বিটাৰ ছুইট বেলাড, ইকোজ অৱ লাইফ, আৰু লাইফ অন দ্য মিলেনিয়াল অল্ড গ্ৰেণ্ড কেনেল (চীন); প’লাৰ এলাৰ্ম (টাইৱান)ৰ লগতে ভাৰতে কাৰ্গিল ১৯৯৯ আৰু মডাৰ্ণ মাষ্টাৰ্ছ: এছ এছ ৰাজামৌলিক পিছ পেলায়।

৫৫ মিনিটৰ তথ্যচিত্ৰ ফেনেটিক্সত কিচ্চা সুদীপ, আল্লু অৰ্জুন, বিজয় ছেঠুপথীৰ দৰে দক্ষিণ ভাৰতৰ আগশাৰীৰ তাৰকাৰ লগতে চিনে উদ্যোগৰ পৰ্যবেক্ষক, মানসিক স্বাস্থ্য বিশেষজ্ঞ, চলচ্চিত্ৰ ইতিহাসবিদৰ সৈতে স্পষ্ট বাৰ্তালাপ সন্নিবিষ্ট কৰা হৈছে। অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাৰ বাবে মন্দিৰ সজা, শৰীৰত টেটু আঁকি লোৱা আৰু ছবি মুক্তি বা জন্মদিনত উৎসাহেৰে উদযাপন কৰাৰ দিশটোকো তথ্যচিত্ৰখনত পৰিস্ফুত হৈছে।

“৩০তম এছিয়ান টেলিভিছন বঁটাৰ এই সন্মান লাভ কৰাটো কেৱল DocuBayৰ বাবেই নহয়, বিশ্বমঞ্চত ভাৰতৰ বাস্তৱিক কাহিনী উপস্থাপনৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান গতিৰো এক যুগান্তকাৰী মুহূৰ্ত। অ’টিটি শ্ৰেণীত এই বিখ্যাত বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ডকুমেণ্টেৰী হিচাপে ‘ফেনেটিক্স’এ সাংস্কৃতিকভাৱে শিপাই থকা আৰু বিশ্বজনীন প্ৰাসঙ্গিকতা থকা বাস্তৱিকতাৰ প্ৰতি সমৰ্থনৰ ক্ষেত্ৰত থকা দৃঢ়তা পুনৰ নিশ্চিত কৰিছে। দি এপিক কোম্পানীত আমি সীমাৰ পৰিধি ভেদি আগবাঢ়ি যোৱা কাহিনী সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, আৰু এই স্বীকৃতিয়েই আমাৰ সেই দৃষ্টিভংগীৰ প্ৰমাণ।”- এইদৰে কয় ‘দি এপিক কোম্পানী’ৰ ব্যৱস্থাপনা সঞ্চালক অদিত্য পিট্টিয়ে।

ইফালে TV9 নেটৱৰ্কৰ এম ডি আৰু চিইঅ’ বৰুণ দাসে ফেনাটিক্সৰ প্ৰসঙ্গত প্ৰথম দিনৰ পৰাই বিশ্বাস আছিল বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয়, “বিষয়বস্তু অনন্য আছিল, আকৰ্ষণ সাৰ্বজনীন আৰু ইয়াত সন্নিৱিষ্ট কাহিনীসমূহ অত্যন্ত আকৰ্ষণীয় আৰু অন্তৰ্দৃষ্টিপূৰ্ণ। Studio9ক এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিবলৈ সুযোগ দিয়াৰ বাবে DocuBayক ধন্যবাদ জনাইছো।”

Studio9 মুৰব্বী অৰ্পিতা চেটাৰ্জীয়ে কয়, “ফেনেটিক্সে এই অন্ধ আনুগত্যৰ অন্ধকাৰ দিশ, যেনে- অনুৰাগী গোটৰ মাজত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতা যি কেতিয়াবা হিংসালৈ পৰিণত হয়, অতিমাত্ৰা ভক্তিৰ মনস্তাত্ত্বিক উৎস আৰু ব্যক্তিগত স্তৰত তাৰ মানসিক প্ৰভাৱকো প্ৰতিফলিত কৰিছে। ব্যক্তিগত কাহিনীৰ জৰিয়তে তথ্যচিত্ৰখনে তাৰকা আৰু তেওঁলোকৰ অনুৰাগীৰ মাজৰ গভীৰ সংযোগকো ধৰি ৰাখিছে। প্ৰযোজক হিচাপে মই ফিক্সন, নন-ফিক্সন আৰু চলচ্চিত্ৰৰ বাবে বঁটা লাভ কৰিছো। এয়া আছিল মোৰ প্ৰথমটো বৃহৎ তথ্যচিত্ৰ প্ৰকল্প আৰু ই বিশ্ব মঞ্চত প্ৰশংসা লাভ কৰাত মই ৰোমাঞ্চিত হৈছো। মোৰ টীম আৰু মই Studio9ত কৰা কামৰ এয়া এক বৃহৎ স্বীকৃতি।”

আনহাতে DocuBayৰ মুখ্য বিষয়বস্তু বিষয়া সমৰ খানে এছিয়ান টেলিভিছন বঁটাৰ দৰে প্ৰতিষ্ঠিত সন্মান লাভ কৰা আৰু অ’টিটি শাখাত এই সন্মান লাভ কৰা প্ৰথম ভাৰতীয় তথ্যচিত্ৰ হিচাপে খ্যাতি অৰ্জন কৰাটো এক অবিশ্বাস্য মাইলষ্ট’ন আখ্যা দিয়ে। “ফেনাটিক্সে সততা, সাহস আৰু সংবেদনশীলতা দাবী কৰিছিল, কাৰণ ই এনে এখন জগতৰ অনুসন্ধান কৰে য’ত ভক্তি প্ৰায়ে আসক্তিলৈ পৰিণত হয়। Studio9ৰ সহযোগিতাত DocuBayৰ দলে যি সাহসেৰে এই কাহিনী অনুসৰণ কৰিলে, তাৰ বাবে গৌৰৱ কৰোঁ। এই বিজয়ে আমি লোৱা সৃজনীশীল পদক্ষেপ আৰু বিষয়টোৰ প্ৰতি দায়বদ্ধতাক স্বীকৃতি প্ৰদান কৰিছে।”

তথ্যচিত্ৰখনত অসাধাৰণভাৱে দায়িত্ব পালন কৰা Studio9 দলৰ আন সদস্যসকলৰ ভিতৰত আছে পৰিচালক- আৰিয়ান ডি ৰয়, সহকাৰী পৰিচালক দেৱাঞ্জনা ঘোষ, শ্ব’-ৰানাৰ সন্তোষ ৰাজ, সৃষ্টিশীল পৰামৰ্শদাতা অনিৰুদ্ধ চাকলাদাৰ, ডি অ’ পি অক্ষয় কুমাৰ আৰু পৰিচালক পৰস শৰ্মা। News9’s Consulting Editor সুধা সাধনন্দই গৱেষণাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ নিৰ্দেশনা আৰু সহায় আগবঢ়ায়।

এই সন্মানে TV9 নেটৱৰ্কৰ গুণগত বাস্তৱিক কাহিনীৰ প্ৰতি দায়বদ্ধতা আৰু Studio9ৰ জৰিয়তে ঘৰুৱা প্ৰতিভাৰ বিনিয়োগৰ দিশটোক আলোকপাত কৰে, যি সমগ্ৰ এছিয়াৰ অ’টিটি ক্ষেত্ৰখনত তথ্যচিত্ৰ নিৰ্মাণৰ মানদণ্ড উন্নত কৰিছে।