শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অষ্টমীত চিঞৰি উঠিল জয়া-কাজল, মুম্বাইৰ মুখাৰ্জী ঘৰৰ পূজাত হঠাৎ কি হ’ল?

ৰাণী-কাজলৰ ঘৰত পূজাত অংশ লৈ ৰঙা চকু দেখুৱাইছিল জয়া বচ্চনে। তেওঁৰ আচৰণে স্পষ্ট কৰি দিলে যে, তেওঁ এনেধৰণৰ কাৰ্য একেবাৰে সহ্য নকৰে।

অষ্টমীত চিঞৰি উঠিল জয়া-কাজল, মুম্বাইৰ মুখাৰ্জী ঘৰৰ পূজাত হঠাৎ কি হ’ল?
manas-borah
Manas Borah | Published: 01 Oct 2025 12:23 PM

শাৰদীয় দুৰ্গাপূজা মহাঅষ্টমীৰ দিনটোত পাপাৰাজীৰ কেমেৰাৰ সন্মুখত জয়া বচ্চনৰ ৰুদ্ৰমূৰ্তি। আন দিনত কেমেৰা দেখা পালে এইগৰাকী বলীউডৰ প্ৰবীণ অভিনেত্ৰী যিমান বিৰক্ত হয়, আজিও যেন একে দেখা গ’ল। ৰাণী-কাজলৰ ঘৰত পূজাত অংশ লৈ ৰঙা চকু দেখুৱাইছিল জয়া বচ্চনে। তেওঁৰ আচৰণে স্পষ্ট কৰি দিলে যে, তেওঁ এনেধৰণৰ কাৰ্য একেবাৰে সহ্য নকৰে।

অৱশ্যে এইবাৰ কেৱল জয়া বচ্চনেই নহয়,মুম্বাইৰ জনপ্ৰিয় মুখাৰ্জী ঘৰৰ পূজাত কাজলেও ফটোগ্ৰাফাৰক ধমকি দিয়া দেখা গ’ল। ফটো তুলিবলৈ অহা পাপাৰাজীক বাধা দিয়া দেখা গ’ল কাজলে। স্পষ্টকৈ ক’লে, “চুপ থাকক, ইয়াত থিয় হৈ ইমান জোৰেৰে নক’বা।” অৱশ্যে কাজলে এইদৰে খং কৰাৰ প্ৰথম নহয়, দশনৰ্থীক তেওঁ আগতেও এনে কৰিছে। অষ্টমীৰ দিনটোত অনুৰাগীৰ চিঞৰ বন্ধ কৰিবলৈ তেওঁ বহুবাৰ কঠোৰ ভাষাৰে কথা কৈছিল। এইবাৰো সেই ৰূপত দেখা গ’ল কাজলক।

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)


বলীউডৰ বহু তাৰকা ৰাণী আৰু কাজলৰ ঘৰৰ দুৰ্গা পূজাত উপস্থিত থাকে। অমিতাভ, জয়া, ঐশ্বৰ্য, অভিষেক, দীপিকা, শ্বাহৰুখ, ছলমান, কেটৰিনা, আলিয়া, ৰণবীৰৰ প্ৰতি বছৰে উপস্থিতি থাকে। আৰু পূজাৰ কেইদিনমানৰ বাবে ৰাণী আৰু কাজলেও ঘৰৰ ছোৱালীৰ দৰে পূজাৰ কামত জড়িত হয়।