শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ ফোনৰ ৱালপেপাৰত কাৰ ফটো আছে জানেনে?

অভিনেত্ৰী নিমৰাট কৌৰৰ সৈতে অভিষেকৰ সম্পৰ্ক থকা বুলি খবৰ ওলাইছে। অৱশ্যে এই জল্পনা-কল্পনাৰ বিষয়ে এতিয়ালৈকে কোনেও একো কোৱা নাই। ইফালে ৰেখাৰ নাম আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ ফোনৰ ৱালপেপাৰত কাৰ ফটো আছে জানেনে?
অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ ফোনৰ ৱালপেপাৰত কাৰ ফটো আছে জানেনে?
Barasha Misra
Barasha Misra | Published: 03 Jul 2025 13:27 PM

প্ৰতিদিনে ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ সম্পৰ্কৰ নতুন নতুন তথ্য ওলাই থাকে। দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত বহু চৰ্চা চলি আহিছে। ইফালে অভিনেত্ৰী নিমৰাট কৌৰৰ সৈতে অভিষেকৰ সম্পৰ্ক থকা বুলি শুনা গৈছে। অৱশ্যে এই বিষয়ে এতিয়ালৈকে দুয়ো একো কোৱা নাই। ইয়াৰ মাজতে ৰেখাৰ নাম আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

শাহুৱেক জয়াৰ সন্মুখত ঐশ্বৰ্যই ৰেখাক ‘মা’ বুলি মাতিছিল বুলি জানিব পৰা গৈছে। কেৱল পৰ্দাৰ আঁৰত নহয়, সকলোৰে সন্মুখত। এবাৰ মুম্বাইৰ এক অনুষ্ঠানত বঁটা লাভ কৰাৰ পিছত ঐশ্বৰ্যই ৰেখাক পৰিয়ালৰ লগতে আনকি মঞ্চত থকা সমগ্ৰ দৰ্শকৰ সন্মুখত ‘মা’ বুলি মাতিছিল। ৰেখা-ঐশ্বৰ্যৰ এই মধুৰ সম্পৰ্কই বহুবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আনকি অনন্ত আম্বানীৰ বিয়াত ঐশ্বৰ্য আৰু ৰেখাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

অৱশ্যে ইয়াৰ মাজতে ঐশ্বৰ্যৰ ফোনে আন এখন চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোৱা হয় যে, অভিনেত্ৰীগৰাকীৰ শহুৰৰ ঘৰৰ সৈতে একেবাৰে সম্পৰ্ক নাই। কিন্তু তেওঁৰ ৱালপেপাৰত শহুৰেকৰ ফটো আছে নেকি? অমিতাভ বচ্চনৰ ফটো ঐশ্বৰ্যৰ ৱালপেপাৰত দেখা গৈছে। অৱশ্যে কন্যা আৰাধ্যা বচ্চনো ফটোত আছে। সেয়ে মুহূৰ্ততে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল ঐশ্বৰ্যৰ ফোনৰ ৱালপেপাৰৰ ফটো। মন কৰিবলগীয়া যে বিগ বিয়ে নিজৰ ছ’চিয়েল মিডিয়া পেজত ঐশ্বৰ্য আৰু অভিষেকৰ বিচ্ছেদৰ খবৰ পাই লাজ প্ৰকাশ কৰিছিল। ইমান আলোচনা শুনি অমিতাভে আৰু ধৈৰ্য্য ধৰি ৰাখিব নোৱাৰিলে।