আপুনি জানেনে অমিতাভে লাভ কৰা আটাইতকৈ দামী উপহাৰ কি ? বৰ্তমান ইয়াৰ মূল্য কিমান ? জানিলে আচৰিত হ’ব
অমিতাভ বচ্চনৰ বৰ্তমানৰ বাসস্থান হৈছে মুম্বাইৰ জুহু অঞ্চলত অৱস্থিত চহকী বাংলো জলছা। এয়া তেওঁৰ উপহাৰ। তেওঁক ইমান দামী উপহাৰ কোনে দিছিল জানেনে?

অমিতাভ বচ্চন। বলীউডৰ এইগৰাকী শ্বাহেনশ্বাহ এসময়ত প্ৰতীক্ষাত বাস কৰিছিল। প্ৰতিক্ষাত আগতে অমিতাভে গোটেই পৰিয়ালটোৰ সৈতে বাস কৰিছিল। কিন্তু প্ৰতীক্ষাৰ সেই ঘৰটো এতিয়া অতীত। বৰ্তমানেও আছে অমিতাভৰ সেই ঘৰটো। শেহতীয়াকৈ এই ঘৰটো মেৰামতিৰ কাম আৰম্ভ কৰিছে অভিতাভে। কিন্তু প্ৰশ্ন হয়, কিয় হঠাৎ সেই ঘৰটো এৰি নতুন ঠিকনা এটালৈ ওলাই আহিছিল অমিতাভে? ইয়াৰ আঁৰত আছে এটা ব্যয়বহুল উপহাৰ।
অমিতাভ বচ্চনৰ বৰ্তমানৰ বাসস্থান হৈছে মুম্বাইৰ জুহু অঞ্চলত অৱস্থিত চহকী বাংলো জলছা। এয়া তেওঁৰ উপহাৰ। তেওঁক ইমান দামী উপহাৰ কোনে দিছিল জানেনে? ছবিৰ পৰিচালক ৰমেশ চিপ্পী। ‘সত্তে পে সত্তা’ ছবিখনৰ লাভজনক ব্যৱসায়ৰ বাবে এই বাংলোটো অভিতাভক উপহাৰ দিছিল তেওঁ। ফলত অমিচাভে এই বাংলোটোৰ বাবে এটকাও খৰছ কৰা নাছিল।
অৱশ্যে অমিতাভ আৰু জয়া বচ্চনে ঘৰৰ ভিতৰৰ কথা সযতনে বৰ্ণনা কৰিছে। ইটোৰ পিছত সিটোকৈ ৰাজপ্ৰসাদৰ ভিতৰৰ ছবি ভাইৰেল হৈ পৰিছে। বচ্চন পৰিয়ালৰ সদস্যসকলে বিভিন্ন অনুষ্ঠানত জালছাৰ ভিতৰৰ ৰাজপ্ৰসাদৰ ছবি শ্বেয়াৰ কৰে। বিশেষকৈ কৰে অমিতাভ বচ্চনে। তেওঁৰ ড্ৰয়িং ৰূমৰ ছবিবোৰ সকলোৰে বাবে অতি চিনাকি। ঘৰৰ বাহিৰৰ দৃশ্যবোৰো চিনাকি। কিন্তু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাথৰুম নাইবা বেডৰুমৰ ছবিৰ সত্যতা পৰীক্ষা কৰা নাই টিভি ৯ অসমীয়াই।
বৰ্তমান এই ঘৰৰ মূল্য প্ৰায় ১৩০ কোটিলৈ বৃদ্ধি পাইছে। অমিতাভ বচ্চন গোটেই পৰিয়ালসহ ইয়াতে থাকে। কন্যা শ্বেতা নন্দাৰ বাবেও এটা কোঠা আছে। অৱশ্যে ঐশ্বৰ্য এতিয়া এই ঘৰত নাথাকে,সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। সেই খবৰটোক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। অমিতাভ বচ্চনে কেৰিয়াৰত এনে বহু উপহাৰ লাভ কৰিছে। যিবোৰ তেওঁ অতি সযতনে ৰাখিছে।
অমিতাভে এবাৰ নিজৰ ব্লগত লিখিছিল, ‘তেওঁৰ অনুৰাগীয়ে দিয়া সৰু চিঠি এখনো মই সযতনে ৰাখিবলৈ চেষ্টা কৰোঁ।’ অৱশ্যে এই বাংলোটোৱেই হৈছে অমিতাভে জীৱনত এতিয়ালৈকে লাভ কৰা সৰ্বোত্তম উপহাৰ। তেওঁ একাধিক সাক্ষাৎকাৰত এই কথা স্বীকাৰ কৰি আহিছে।