শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে…বিশিষ্ট পৰিচালক, গীতিকাৰ তিম’থী দাস হাঞ্চেৰ দেহৱসান

বহুকেইখন অসমীয়া জনপ্ৰিয় ছবিৰ পৰিচালক তিম’থী দাস হাঞ্চেৰ শেষ নিশ্বাস ত্যাগ। প্রযোজক, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ আদি বহুকেইটা দিশত অসমীয়া চলচ্চিত্র জগতখনক সমৃদ্ধ কৰা তিম'থী দাস হাঞ্চেৰ বিয়োগৰ খবৰে আন এক আঘাত দিছে ৰাজ্যবাসীক।

যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে…বিশিষ্ট পৰিচালক, গীতিকাৰ তিম’থী দাস হাঞ্চেৰ দেহৱসান
বিশিষ্ট পৰিচালক, গীতিকাৰ তিম'থী দাস হাঞ্চেৰ দেহৱসানImage Credit source: Facebook
trishna-kalita
Trishna Kalita | Updated On: 28 Sep 2025 18:17 PM

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে আন এটি শোকৰ খবৰ। হিয়াৰ আমঠু জুবিনক হেৰুৱাই শোকত ভাগি পৰাৰ সময়তে অসমীয়াৰ বাবে আন এটি দুঃখবৰ। বহুকেইখন অসমীয়া জনপ্ৰিয় ছবিৰ পৰিচালক তিম’থী দাস হাঞ্চেৰ শেষ নিশ্বাস ত্যাগ। প্রযোজক, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ আদি বহুকেইটা দিশত অসমীয়া চলচ্চিত্র জগতখনক সমৃদ্ধ কৰা তিম’থী দাস হাঞ্চেৰ বিয়োগৰ খবৰে আন এক আঘাত দিছে ৰাজ্যবাসীক।

আজি দেওবাৰে দিনৰ প্ৰায় ১২ বাজি ১৫ মিনিটত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত  শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে। জানিব পৰা মতে দীৰ্ঘদিন ধৰি মগজুৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল পৰিচালকগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ । আজি ৩.২৫ বজাত ডিফুলৈ লৈ যোৱা হৈছে তেওঁৰ নশ্বৰ দেহ ।

“যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে
যদি আশাৰ চাকিবোৰ উমি উমি জ্বলে
তথাপি বন্ধু আগুৱাই যাবা
পিছলৈ ঘূৰি নাচাবা… ”

প্ৰতিগৰাকী অসমীয়াৰ হৃদয় জয় কৰা ছবি ‘জীৱন বাটৰ লগৰী’, ‘পলে পলে উৰে মন’, ‘পাহাৰী কন্যা’, ‘ৰঙা মদাৰ’ আদিৰ পৰিচালক আছিল তিম’থী দাস হাঞ্চে। হাঞ্চেৰ পৰিচালিত ‘জীৱন বাটৰ লগৰী’ ছবিখনৰ ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে…’ ছবিখনত কণ্ঠদান কৰিছিল জুবিন গাৰ্গে। জনপ্ৰিয় গীতটিৰ স্ৰষ্টা আছিল তিম’থী দাস হাঞ্চে।  অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্রহণ কৰিছিল হাঞ্চেই।

দুয়োখন ছবি কাহিনীও আছিল তিম’থী দাস হাঞ্চেৰ। ২০০৯ চনত মুক্তি লাভ কৰিছিল তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘জীৱন বাটৰ লগৰী’ ছবিখনে। ছবিখনত অভিনয় কৰিছিল বলিষ্ঠ নিপন গোস্বামী, মলয়া গোস্বামী, অৰুণ নাথ, ৰাগ ঐনিতম, কপিল বৰা, শ্যামন্তিকা শৰ্মা, হিৰণ্য ডেকাকে ধৰি বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে।

২০১১ চনত মুক্তি লাভ কৰিছিল তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘পলে পলে উৰে মন’ ছবিখন। ছবিখনত অভিনয় কৰিছিল নিপন গোস্বামী, মলয়া গোস্বামী, অৰুণ হাজৰিকা, ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, গায়ত্ৰী মহন্ত, ৰিম্পী দাস, সৌৰভ হাজৰিকা, ৰাজা মুৰাদকে  ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে। অসমীয়া ছবিৰ উপৰি কাৰ্বি ভাষাতো কেইবাখনো ছবি তথা তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল হাঞ্চেই । ‘পলে পলে উৰে মন’ ছবিখন ‘পল পল ডলে মন’ নামেৰে হিন্দী ভাষাতো মুক্তি পাইছিল । ‘প্ৰেম পাহাৰে ভৈয়ামে’ নামৰ এখন ভিডিঅ’ ছবিও  নিৰ্মাণ কৰিছিল তেওঁ । তিম’থী দাস হাঞ্চেৰ বিয়োগত ৰাজ্যত সাংস্কৃতিক জগতত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।