শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নামতহে ষ্টাৰ কিড টুইংকল! অনুশাসনৰ নামত মাতৃয়ে কৰিছিল এনে কাণ্ড, জানিলে কঁপি উঠিব আপুনি

বলীউডৰ একালৰ এগৰাকী জনপ্ৰিয় ষ্টাৰ কিড হৈছে টুইংকল খান্না। টুইংকলৰ পিতৃ ৰাজেশ খান্না আৰু মাতৃ ডিম্পল কাপাডিয়া এসময়ত বলীউডৰ চুপাৰষ্টাৰ। পিছে ষ্টাৰ কিড হ’লেও টুইংকলৰ শৈশৱ নাছিল শাসনমুক্ত। এক কথাত কঠোৰ অনুশাসনৰ মাজেৰে পাৰ হৈছিল তেওঁৰ শৈশৱ-কৈশোৰ।

নামতহে ষ্টাৰ কিড টুইংকল! অনুশাসনৰ নামত মাতৃয়ে কৰিছিল এনে কাণ্ড, জানিলে কঁপি উঠিব আপুনি
টুইংকল খান্নাImage Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 01 Jun 2025 22:28 PM

বলীউডত এইসময়ত প্ৰায় ষ্টাৰ কিডৰ দপদপনি। পিতৃ-মাতৃ তথা পৰিয়ালৰ আন সদস্যৰ পদাংক অনুসৰণ কৰি এই ‘ষ্টাৰ কিড’সকলেও ভৰি দিয়ে ছবিজগতত। অৱশ্যে এয়া কেৱল আজিৰ সময়ৰ কথা বুলি ক’লে ভুল হ’ব, পূৰ্বৰে পৰা বলীউডত দেখা গৈছে এনে দৃশ্য। বলীউডৰ এনে এগৰাকী ষ্টাৰ কিড হৈছে টুইংকল খান্না। টুইংকলৰ পিতৃ ৰাজেশ খান্না আৰু মাতৃ ডিম্পল কাপাডিয়া এসময়ত বলীউডৰ চুপাৰষ্টাৰ। পিছে ষ্টাৰ কিড হ’লেও টুইংকলৰ শৈশৱ নাছিল শাসনমুক্ত। এক কথাত কঠোৰ অনুশাসনৰ মাজেৰে পাৰ হৈছিল তেওঁৰ শৈশৱ-কৈশোৰ।

এনে কঠোৰ অনুশাসনৰ বাবেই মাতৃ ডিম্পল কাপাডিয়াৰ সৈতে সম্পৰ্ক একেবাৰে ভাল নাছিল টুইংকল খান্নাৰ। পূৰ্বেও বহুবাৰ তেওঁ মুকলিকৈ মাতৃ ডিম্পলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল। আনকি অনুশাসন সহ্য কৰিব নোৱাৰি নিজ মাতৃক ‘নিষ্ঠুৰ’ বুলিও অভিহিত কৰিছিল টুইংকলে। শিশু অৱস্থাত বেয়া আচৰণ কৰাৰ বাবে টুইংকলক মাতৃ ডিম্পলে প্ৰায়ে প্ৰহাৰ কৰিছিল। আনকি সকলোৰে সন্মুখত উলংগ হৈ টুইংকলক খোজ কাঢ়িবলৈ বাধ্য কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি, টুইংকলে নিজৰ শৈশৱ কালৰ কথা বৰ্ণনা কৰোঁতে কিছুমান বিশেষ ঘটনাৰ কথা উল্লেখ কৰিছিল। সেই সময়ত টুইংকলৰ বয়স আছিল মাত্ৰ ৪ বছৰ। টুইংকলে এজন ব্যক্তিৰ সৈতে কিছু অভব্য আচৰণ কৰিছিল। এই কথা জানিব পাৰি ডিম্পল কাপাডিয়া অসন্তুষ্ট হৈছিল আৰু টুইংকল খান্নাক প্ৰহাৰ কৰে। সিমানতে ক্ষান্ত নাথাকিল ডিম্পল। ইয়াৰ পিছতে তেওঁ টুইংকলক উলংগ হৈ সকলোৰে সন্মুখত খোজ কাঢ়িবলৈ নিৰ্দেশ দিয়ে।

টুইংকলে প্ৰায় দুটা দশক পূৰ্বে মাতৃ ডিম্পলৰ প্ৰতি এই ক্ষোভ প্ৰকাশ কৰিছিল। এতিয়া অৱশ্যে ডিম্পল আৰু টুইংকলৰ মাজৰ এই দূৰন্ত যথেষ্ট হ্ৰাস পাইছে। দুয়ো এতিয়া একেলগে চিনেমা চাবলৈ যায়, একেলগে সময় কটায় তথা বজাৰ কৰিবলৈও যায়। অৱশ্যে শৈশৱৰ ঘটনাবোৰ বহুদিনলৈ মনত কঢ়িয়াই ফুৰে টুইংকলে। আন বহু ষ্টাৰ কিডৰ দৰেই টুইংকলেও খোজ দিয়ে ছবিতজগতত।

‘বৰছাত’, ‘মেলা’, ‘ইণ্টাৰনেচনেল খিলাড়ী’ আদি ছবিত অভিনয় কৰি টুইংকলে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। অৱশ্যে অভিনয় কেৰিয়াৰ দীঘলীয়া নকৰিলে টুইংকলে আৰু খুব সোনকালেই অভিনয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। টুইংকলে অকপটে স্বীকাৰ কৰিছে, অভিনয় ভাল নাপায় তেওঁ। বলীউডৰ এইগৰাকী প্ৰাক্তন অভিনেত্ৰীয়ে এতিয়া লেখিকা হিচাপে খ্যাতি লাভ কৰিছে।

‘Mrs Funnybones’, ‘The Legend of Lakshmi Prasad’ৰ দৰে গ্ৰন্থৰ দ্বাৰা যথেষ্ট খ্যাতি অৰ্জন কৰিছে টুইংকল খান্নাই। অভিনেতা অক্ষয় কুমাৰৰ সৈতে বিগত ২০ বছৰ ধৰি বৈবাহিক সংসাৰ আগবঢ়াই নিছে টুইংকলে। লিখাৰ সমান্তৰালকৈ তেওঁলোকৰ সন্তান দুটি আৰৱ আৰু নিতাৰাক ডাঙৰ-দীঘল কৰাৰ সম্পূৰ্ণ দায়িত্ব লৈছে একালৰ অভিনেত্ৰীগৰাকীয়ে।