সোণৰ অলংকাৰ প্ৰথম পচন্দ নেকি জয়া বচ্চনৰ! চৰকাৰী ৰেকৰ্ডত ফাদিল সকলো তথ্য
জয়া বচ্চনে অমিতাভ বচ্চনৰ সৈতে বিবাহৰ পূৰ্বে বলীউডত নিজকে প্ৰতিষ্ঠা কৰিছিল। ফলত অতি কম বয়সৰ পৰাই টকা উপাৰ্জন কৰি আহিছে। বয়স বাঢ়ি গ’লেও জয়াৰ কাম বন্ধ হোৱা নাই। বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি ছবিলৈকে বিভিন্ন প্ৰচাৰত অভিনয় কৰা দেখা যায়।

বলীউডৰ প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে ২০২৪ চনত পঞ্চমবাৰৰ বাবে সমাজবাদী পাৰ্টিৰ বাবে ৰাজ্যসভাত মনোনয়ন দাখিল কৰিছিল। সেই মনোনয়ন পত্ৰত ৭৫ বছৰীয়া জয়াৰ সম্পত্তিৰ বিষয়ে বিতংভাৱে লিখা আছিল। জয়াৰ কিমান টকা আছে, চৰকাৰী নথিখনত বিতং তথ্য প্ৰকাশ পায়। জয়াৰ সম্পত্তি জানি সকলো আচৰিত। জয়াৰ যিমান টকা আছে, সেই ধনেৰে দেশত এটা ডাঙৰ উদ্যোগ গঢ়ি তুলিব পাৰি।
কিন্তু সেই টকা অকল জয়াৰ নহয়। তেওঁৰ স্বামী অমিতাভ বচ্চনো সেই সম্পত্তিৰ শ্বেয়াৰহোল্ডাৰ। সেই ধনৰ পৰিমান কিমান জানেনে? ৰাজ্যসভাত দাখিল কৰা নথি অনুসৰি তেওঁৰ আৰু অমিতাভ বচ্চনৰ সম্পত্তিৰ পৰিমাণ ১৫৭৮ কোটি টকা।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰা নিৰ্বাচনী শপতনামাত জয়াৰ ব্যক্তিগত সম্পত্তি ১৬,৩৫,৬,১৯০ টকা বুলি উল্লেখ কৰা হৈছে।
জয়াৰ হাতত ৪০.৯৭ কোটি টকাৰ গহনা আৰু এখন গাড়ী আছে ৯.৮২ লাখ টকাৰ। অমিতাভৰ হাতত আছে ৫৪.৭৭ কোটি টকাৰ গহনা আৰু ১৬খন গাড়ী আছে। তেওঁৰ হাতত আছে ১৭.৬৬ কোটি টকাৰ ৰেঞ্জ ৰভাৰো। অমিতাভ সঁচা অৰ্থত বলীউডৰ ৰজা। জয়া বচ্চনে অমিতাভ বচ্চনৰ সৈতে বিবাহৰ পূৰ্বেও বলীউডত নিজকে প্ৰতিষ্ঠা কৰিছিল। ফলত তেওঁ অতি কম বয়সৰ পৰাই উপাৰ্জন কৰি আহিছে। যদিও বৰ্তমান কামৰ পৰিমাণ কমিছে, তথাপিও বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰচাৰত জয়াক দেখা যায়।