শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত পৰিয়ালত সংঘাত! মুকলিকৈ ক’লে হেমা মালিনীয়ে

ধৰ্মেন্দ্ৰৰ মৃত্যুৰ তিনিদিন পিছত ছানী আৰু ববি দেওলে মুম্বাইৰ তাজ লেণ্ডছ এণ্ড হোটেলত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। চলমান খান, ৰেখা, বিদ্যা বালান আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ দৰে তাৰকা উপস্থিত থকাৰ সময়ত হেমা মালিনী আৰু তেওঁৰ কন্যা তাত উপস্থিত নাছিল। তাৰ পৰিৱৰ্তে হেমা মালিনীয়ে নিজৰ ঘৰতে গীতা পাঠৰ আয়োজন কৰে।

ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত পৰিয়ালত সংঘাত! মুকলিকৈ ক’লে হেমা মালিনীয়ে
Barasha Misra
Barasha Misra | Published: 14 Jan 2026 17:37 PM

কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছৰে পৰা বলীউডত ব্যাপক চৰ্চা হৈছে – পুনৰ দুটা ভাগত বিভক্ত হৈছে নেকি দেওল পৰিয়াল? এফালে প্ৰথম প্ৰথমা পত্নীৰ পুত্ৰ ছানী আৰু ববি দেওল আৰু আনফালে হেমা মালিনী আৰু তেওঁৰ দুগৰাকী কন্যা এছা আৰু আহানা। ছানী আৰু ববীয়ে আয়োজন কৰা স্মৃতিচাৰণ সভাত হেমা মালিনীক অনুপস্থিত দেখা গ’ল। দীৰ্ঘদিনীয়া মৌনতা ভংগ কৰি হেমাই এতিয়া ‘পাৰিবাৰিক কাজিয়া’ৰ বিষয়ে মুকলিকৈ কৈছে।

ধৰ্মেন্দ্ৰৰ মৃত্যুৰ তিনিদিন পিছত ছানী আৰু ববি দেওলে মুম্বাইৰ তাজ লেণ্ডছ এণ্ড হোটেলত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। আনহাতে চলমান খান, ৰেখা, বিদ্যা বালান আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ দৰে তাৰকা উপস্থিত থকাৰ সময়ত হেমা মালিনী আৰু তেওঁৰ কন্যাক দেখা পোৱা নগ’ল। তাৰ পৰিৱৰ্তে হেমা মালিনীয়ে নিজৰ ঘৰতে গীতা পাঠৰ আয়োজন কৰে। দুসপ্তাহৰ পাছত তেওঁলোকে দিল্লীত সুকীয়াকৈ প্ৰাৰ্থনা সভাৰ আয়োজন কৰে, যাৰ ফলত সম্পৰ্কত সংঘাতৰ উৰাবাতৰিৰ সৃষ্টি হয়।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত হেমা মালিনীয়ে কয় যে, “আমাৰ সম্পৰ্ক সদায় অতি আন্তৰিক আছিল আৰু আজিও তেনেকুৱাই আছে। মই নাজানো কিয় মানুহে আমাৰ মাজত সংঘাত বিচাৰিছে। আচলতে সকলোৱে অলপ ৰসিক খবৰ বিচাৰে।” ব্যক্তিগত জীৱনটো স্পষ্ট কৰিবলৈ অস্বীকাৰ কৰি তেওঁ লগতে কয়, “মই কিয় বুজাম? এইটো মোৰ জীৱন, আমাৰ অতি ব্যক্তিগত বিষয়। আমি সকলোৱেই অতি সুখী আৰু ইজনে সিজনৰ অতি ঘনিষ্ঠ।” শোকত ভাগি পৰা পৰিয়ালটোক লৈ প্ৰচাৰিত উৰাবাতৰিক লৈ ক্ষোভ প্ৰকাশ কৰি ৭৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে পুনৰ কয় যে, “মানুহে আনৰ দুখ ব্যৱহাৰ কৰি প্ৰৱন্ধ লিখাটো অতি দুখৰ কথা। সেইবাবেই মই কোনো উৰাবাতৰিৰ প্ৰতি সঁহাৰি নিদিওঁ।”

পাৰিবাৰিক ঐক্য প্ৰমাণ কৰি হেমাই কয় যে, ‘ধৰ্মেন্দ্ৰৰ স্মৃতি ৰক্ষাৰ বাবে ছানী দেওলে সংগ্ৰহালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ছানীয়ে নিয়মিতভাৱে মোৰ সৈতে এই বিষয়টোৰ ওপৰত আলোচনাও কৰি আছে। ছানীয়ে যিয়েই নকৰক কিয়, তেওঁ মোক সকলো কয়। আমাৰ পৰামৰ্শ লৈ কামবোৰ কৰক।”