শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

CID ত নতুন ACP অহাৰ লগে লগে চৰ্চা আৰম্ভ, ACP প্ৰদ্যুমানৰ দৰে মৰম পাবনে আয়ুষ্মানে?

জনপ্ৰিয় টিভি শ্ব’ ‘চিআইডি’ত প্ৰৱেশ নতুন এচিপিৰ। এই চৰিত্ৰটোৰ নাম আয়ুষ্মান। এচিপি প্ৰদ্যুমানৰ চৰিত্ৰটোক মৃত দেখুৱাৰ পিছত এচিপি আয়ুষ্মানৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা পাৰ্থ সমথানে।

CID ত নতুন ACP অহাৰ লগে লগে চৰ্চা আৰম্ভ, ACP প্ৰদ্যুমানৰ দৰে মৰম পাবনে আয়ুষ্মানে?
CID ত নতুন ACP অহাৰ লগে লগে চৰ্চা আৰম্ভ, ACP প্ৰদ্যুমানৰ দৰে মৰম পাবনে আয়ুষ্মানে?
Barasha Misra
Barasha Misra | Published: 15 Apr 2025 15:50 PM

টিভিৰ আটাইতকৈ বিখ্যাত ক্ৰাইম শ্ব’ CIDৰ চৰিত্ৰ আছিল এচিপি প্ৰদ্যুমান (শিৱাজী সতম)ৰ। এই শ্ব’টোত এতিয়া সঁচাকৈয়ে কথাবোৰ খেলিমেলি হৈ পৰিছে, কিন্তু এই লাইনবোৰ ডেলিভাৰী কৰিবলৈ প্ৰদ্যুমান নাই। শ্ব’টোত তেওঁৰ চৰিত্ৰৰ অন্ত পৰিছে। তেওঁৰ ঠাইত এ চি পি আয়ুষ্মান নামৰ এটা নতুন চৰিত্ৰৰ পৰিচয় দিয়া হৈছে, যিটো চৰিত্ৰত অভিনয় কৰিছে টিভি অভিনেতা পাৰ্থ সামথানে।

CID ৰ ৩৪ নং খণ্ডত তেওঁৰ পৰিচয় দিয়া হৈছে। শ্ব’টোত তেওঁক এজন যুৱ আই পি এছ বিষয়া হিচাপে চিনাকি কৰাই দিছে। শিৱাজী সতমৰ ঠাইত পাৰ্থে ল’ব বুলি খবৰ ওলোৱাৰ পৰাই এচিপি আয়ুষ্মান আৰু শ্ব’টোত দয়া আৰু অভিজিতৰ চৰিত্ৰৰ মাজত সংঘৰ্ষ হ’ব বুলি চৰ্চা চলি আহিছে, কাৰণ দয়া আৰু অভিজিত বছৰ বছৰ ধৰি চিআইডিত থকাৰ বিপৰীতে এচিপি আয়ুষ্মানৰ চৰিত্ৰটো যথেষ্ট সৰু।

দয়া আৰু অভিজিতৰ সংলাপ

শেহতীয়া খণ্ডটোত দেখা গ’ল যে আয়ুষ্মানৰ সৈতে দয়া আৰু অভিজিতৰ মাজত কাজিয়া হয়। এটা ঠাইত দয়াই কয়, “এচিপি আয়ুষ্মান, মই চিআইডিত কাম কৰি আছো ১৮ বছৰ। ইমানবোৰ অপৰাধী ধৰিছো যে বছৰত দিনো নাথাকে।” এই সংঘৰ্ষৰ মাজতে শ্ব’টোত আৰু বহুতো এনে সংলাপ দেখা গৈছিল, যাৰ ফলত শ্ব’টো যথেষ্ট শক্তিশালী হ’ব যেন অনুমান কৰা হৈছিল।

আয়ুষমান, আত্মবিশ্বাসী চৰিত্ৰ

এচিপি আয়ুষ্মানৰ চৰিত্ৰও সবল। তেওঁ এচিপি প্ৰদ্যুমানৰ দৰে নহয়, কিন্তু তেওঁৰ এটা বেলেগ শৈলী, মনোভাৱ, যিয়ে তেওঁৰ ব্যক্তিত্বক শক্তিশালী আৰু আত্মবিশ্বাসী কৰি তোলে। তেওঁ এজন কঠোৰ বছ। শ্ব’টোত তেওঁৰ একক সংলাপও আছে য’ত তেওঁ দয়া আৰু অভিজিতৰ বিষয়ে কয়, “মোৰ চিন্তাধাৰা আৰম্ভ হয় য’ৰ পৰা তেওঁলোকৰ মগজুৱে কাম কৰা বন্ধ কৰে।”

এচিপি আয়ুষ্মান হিচাপে চিআইডিত শক্তিশালী প্ৰৱেশ কৰিছে পাৰ্থ সমথানে। আগন্তুক খণ্ডবোৰত তেওঁক দেখাটো অধিক আকৰ্ষণীয় হ’ব। কিন্তু পাৰ্থ স্থায়ীভাৱে এই অনুষ্ঠানটোৰ অংশ হ’বলৈ যোৱা নাই, বৰঞ্চ তেওঁৰ শ্ব’টোৰ সৈতে মাত্ৰ কেইটামান খণ্ডৰ বাবেহে চুক্তি আছে। আগন্তুক খণ্ডবোৰত পুনৰ কেনেবাকৈ এচিপি প্ৰদ্যুমানক চিনাকি কৰাই দিয়া হ’ব পাৰে বুলিও চৰ্চা চলিছে।