শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Border 2ক লৈ আৰম্ভ চৰ্চা, পিতৃয়ে কৰিব নোৱাৰা কাম কৰিব পুত্ৰই!

Border 2: ছানী দেউলৰ ‘Border 2’ সেই ডাঙৰ ছবিবোৰৰ ভিতৰত অন্যতম, যিখন ছবিৰ চাবলৈ দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। অতি সোনকালে ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হ’ব। এইবাৰ কি কৰিবলৈ ছানী দেউলৰ এই 'ফৌজী'এ?

Border 2ক লৈ আৰম্ভ চৰ্চা, পিতৃয়ে কৰিব নোৱাৰা কাম কৰিব পুত্ৰই!
Border 2ক লৈ আৰম্ভ চৰ্চা
barasha-misra
Barasha Misra | Published: 16 Jun 2025 16:01 PM

‘গদৰ ২’ৰ জৰিয়তে ছানী দেউলে যি পৰিৱেশ গঢ়ি তুলিছিল সেয়া আজিও আছে। বৰ্তমান ছানী দেউল BORDER 2 ৰ কাম সম্পূৰ্ণ কৰিলে। ইফালে খবৰ পোৱা গৈছে যে ৪৬ খন ফ্লপ ছবি কৰা অভিনেতাজনৰ পুত্ৰই ছবিখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। কোন হৈছে ছানী দেউলৰ নতুন সৈনিক?

ছানী দেউলৰ ‘BORDER 2’ৰ এইবাৰ সম্পূৰ্ণ নতুন দল। ছানী দেউলৰ বাহিৰে আগৰ অংশৰ কোনো তাৰকা দেখা নাযায়। অৱশ্যে চৰ্চা চলিছে যে, চিকুৱেন্সত সকলোকে একেলগে দেখা যাব পাৰে বুলি। এইবাৰ বৰুণ ধৱন, দিলজিৎ দোসাঞ্জ আৰু এতিয়া সোণম বাজৱাকো ছবিখনত কাম কৰা দেখা যাব।

46 FLOP কৰা অভিনেতাজনৰ পুত্ৰ ‘ফৌজী’ হৈ পৰিল

শেহতীয়াকৈ বলীউড হাংগামাত এটা প্ৰতিবেদন প্ৰকাশ পাইছে। জানিব পৰা মতে, BORDER 2 ৰ শ্বুটিং আৰম্ভ কৰিছে আহন চেট্টীয়ে। পিতৃ দিৱস উপলক্ষে কাম আৰম্ভ কৰিছে অভিনেতাগৰাকীয়ে। এইটো এটা বিশেষ দিন। আছলতে তেওঁ ছবিখনত পিতৃৰ উত্তৰাধিকাৰক আগুৱাই নিব। আহান চেট্টীক ছবিখনত এজন জোৱানৰ চৰিত্ৰত দেখা যাব। যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি কঠোৰ প্ৰশিক্ষণ লৈ আহিছে। ছবিখনৰ বাবে তেওঁ শাৰীৰিক ফিটনেছৰ বৃদ্ধি কৰাৰ লগতে যুদ্ধৰ দক্ষতাও বৃদ্ধি কৰিব।

আচলতে তেওঁৰ পিতৃ সুনীল চেট্টীয়েও ১৯৯৭ চনৰ BORDER ত একেধৰণৰ কাম কৰিছে। ছবিখনত আহান চেট্টীক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। অৱশ্যে এতিয়াৰ বাবে এই কাহিনীভাগৰ সবিশেষ লুকুৱাই ৰখা হৈছে।

আচলতে সুনীল চেট্টীয়ে ১৯৯২ চনৰ একচন ছবি ‘বলৱান’ৰ জৰিয়তে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰিছিল। তেওঁ নিজৰ কেৰিয়াৰত বহু হিট, ব্লকবাষ্টাৰ আৰু ফ্লপ ছবি দিছে। তেওঁ এই পৰ্যন্ত ৪৬ খনতকৈও অধিক ফ্লপ ছবি কৰিছে। অৱশ্যে বৰ্ডাৰ ২ ত তেওঁৰ পুত্ৰক দেখি সকলোৱে বৰ উৎসাহিত হৈ পৰিছে। কিছুদিন পূৰ্বে সুনীল চেট্টীৰ কেছাৰী বীৰ মুক্তি পাইছিল, সেইটোও ফ্লপ হৈছিল।