শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

একাধিকৰ সৈতে শাৰীৰিক সম্পৰ্কই আনিলে বিপদ! বলীউডৰ এজন জনপ্ৰিয় অভিনেতাৰ কাহিনী…

বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। কিছুমান খবৰ সঁচা আৰু কিছুমান উৰা বাতৰি হয়। এনে এক খবৰ এজন অভিনেতাৰ নামত প্ৰকাশ পাইছিল। জানিব পৰা মতে, সেই জনপ্ৰিয় অভিনেতাজন তেওঁৰ স্বভাৱৰ বাবে হিৰোৰ পৰা জিৰো হৈছিল।

একাধিকৰ সৈতে শাৰীৰিক সম্পৰ্কই আনিলে বিপদ! বলীউডৰ এজন জনপ্ৰিয় অভিনেতাৰ কাহিনী…
প্ৰতীকী ফটোImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 08 Jul 2025 16:38 PM

বলীউডৰ পৰা বিভিন্ন সময়ত বহু ঘটনা পোহৰলৈ আহে। চিনেমাৰ বাহিৰেও অনুৰাগীসকল সদায় কৌতুহলী হৈ থাকে অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিগত জীৱনকলৈ। বিভিন্নজনে জানিব বিচাৰে প্ৰিয় অভিনেতা বা অভিনেত্ৰীগৰাকীৰ জীৱনৰ কথা।  এনেবোৰ কাৰণতে বলীউড জগতখনত বহু উৰাবাতৰিও প্ৰকাশ পায়।

অৱশ্যে সকলো উৰা বাতৰি নহয়। কিছুমান কথাৰ সত্যাসত্য আছে। কোৱা হয়, বলীউডৰ জগতখন বাহিৰৰ পৰা যিমান ধুনীয়া , ভিতৰৰ পৰা সিমানেই লেতেৰা। অভিনেতা-অভিনেত্ৰীসকলৰো ৰিয়েল আৰু ৰীল লাইফৰ মাজত পাৰ্থক্য থকা স্বাভাৱিক। যাৰ বাবে বহুতে একাংশৰ প্ৰকৃত জীৱনৰ কথা জানিলে বিশ্বাস কৰিবলৈ টান পায়।

বলীউডৰ এসময়ৰ চুপাৰষ্টাৰ আছিল বিনোদ খান্না। এইগৰাকী অভিনেতাৰ জীৱন পৰ্দাৰ দৰেই ৰঙীন আছিল। বিনোদ খান্নাৰ অভিনয়ৰ অনুৰাগী বহুত আছিল। তেওঁ যিকোনো ছবিৰ চিত্ৰনাট্যৰ লগত মিলিব পাৰিছিল। কিন্তু বিনোদে কেনেকৈ এক নম্বৰ অভিনেতাৰ পৰা শূণ্যলৈ গতি কৰে সেয়াও বলীউডত এসময়ত চৰ্চাৰ বিষয় আছিল। এতিয়াও বিভিন্ন মহলত ইয়াক লৈ চৰ্চা হয়।

সুঠাম চেহেৰাৰ বিনোদ খান্নাই সেই সময়ত বহু অভিনেত্ৰীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। মহিলাসকলৰ মাজত তেওঁক লৈ বিশেষ চৰ্চা হৈছিল। বিনোদ খান্নাই তেওঁৰ প্লেবয় দিশটোও মনোৰঞ্জন হিচাপে উপস্থাপন কৰিব বিচাৰিছিল। যাৰ বাবে, যেতিয়াই মাধুৰী বা মিনাক্ষী আদিয়ে বিনোদ খান্নাৰ লগত কাম কৰিছিল তেতিয়া তেওঁলোকৰ প্ৰেমক লৈ চৰ্চা চলিছিল। পাছত ‘দয়াবন’ নামৰ ছবিখনত মাধুৰীয়ে বিনোদ খান্নাৰ ওঁঠ কামোৰা ঘটনাটোৱেই বলীউডৰ শিৰোনাম দখল কৰিছিল।

Binod

বিনোদ খান্না

এক সাক্ষাৎকাৰত বিনোদ খান্নাই স্পষ্টকৈ কৈছিল যে তেওঁ যৌনতা ভাল পায়। একাধিক মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰখাটো তেওঁৰ চখ! ঘৰত পত্নী আৰু সন্তান থাকিলেও বিনোদ খান্নাৰ মনত যৌনতাৰ কোনো নিষেধাজ্ঞা নাছিল। কিন্তু বিনোদৰ এই কামনাক সেই সময়ত বলীউডত বহুতে ভালদৰে গ্ৰহণ কৰা নাছিল। সেইবাবেই বিনোদ খান্নাই ইখনৰ পাছত সিখন ছবি হেৰুৱাইছিল। আনকি বহু অভিনেত্ৰীয়ে সেই সময়ত বিনোদৰ বিৰুদ্ধে মাত মাতিছিল বুলি কোৱা হয়।

 

অন্য খবৰ পঢ়কঃ জেলত থকাৰ সময়ত সঞ্জয় দত্তৰ লগত কি হৈছিল? কেনেকৈ উপাৰ্জন কৰিছিল ৪৪০ টকা…