শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছেইফৰ প্ৰথম পত্নীক বলপূৰ্বকভাবে সকলোৰে আগত চুম্বন কৰিছিল অমিতাভ বচ্চনে, পাছত…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন। প্ৰেমৰ কথা আহিলে বহুতে ৰেখাৰ নামটো লোৱা দেখা যায়। অৱশ্যে কেৱৰ ৰেখাই নহয়, বহু মহিলাৰ সৈতে নাম সংযোগ হৈছিল অমিতাভৰ।

ছেইফৰ প্ৰথম পত্নীক বলপূৰ্বকভাবে সকলোৰে আগত চুম্বন কৰিছিল অমিতাভ বচ্চনে, পাছত…
অমিতাভ-অমৃতাImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 20 May 2025 13:37 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন। সন্তান, নাতি-নাতিনীৰ সৈতে তেওঁৰ এটা ডাঙৰ পৰিয়াল আছে। দূৰৰ পৰা এই পৰিয়ালটো সুখী যেন লাগিলেও বিভিন্ন সময়ত বহু খবৰ চৰ্চালৈ আহে। সেয়া লাগিলে অভিষেক- ঐশ্বৰ্য ৰয়ৰ সম্পৰ্ক, জয়া বচ্চনৰ ব্যৱহাৰে নহওক কিয়। কিন্তু এই পৰিয়ালটোৰ মূল মানুহ অমিতাভ বচ্চন। দশক দশক ধৰি বলীউড জগতত তেওঁ দপদপাই ফুৰিছে।

কোৱা হয়, এটা সময়ত অমিতাভ বচ্চন অতি খঙাল আছিল। অমিতাভে জয়া বচ্চনক বিয়া কৰিলেও বিভিন্ন সময়ত বহু অভিনেত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্কৰ চৰ্চা হৈছিল। এগৰাকীৰ পাছত আনগৰাকী সুন্দৰী অভিনেত্ৰীয়ে তেওঁৰ সংগ বিচাৰিছিল। যাৰ বাবে তেওঁক বলীউডৰ ভিতৰৰ ক্ষেত্ৰখনত কেছোনোভা বুলি জনা য়ায়। কিন্তু জীৱনৰ সৈতে জড়িত এই অধ্যায়বোৰ সদায় বচ্চন পৰিয়ালে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে। এনে এক ঘটনা অমৃতা সিঙৰ সৈতে জড়িত।

তেতিয়ালৈকে নবাব তথা অভিনেতা ছৈয়ফ আলী খানে তেওঁৰ প্ৰথম পত্নী অমৃতা সিঙক লগ পোৱা নাছিল। (উল্লেখ কৰা প্ৰয়োজন যে, অমৃতা সিং ছৈয়ফ আলীতকৈ প্ৰায় ১৫ বছৰ ডাঙৰ আৰু বহুকেইখন ছবিত তেওঁ অভিনয় কৰিছিল)।  সেই সময়তে অমৃতাৰ অমিতাভ বচ্চনৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল। অমিতাভ বচ্চনৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল অমৃতাই।  নায়কৰ ছবিত অমিতাভ বচ্চনে অভিনয় কৰাৰ বিপৰীতে অমৃতা সিঙে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। এনেকৈ দুয়োৰে মাজৰ বন্ধুত্ব দৃঢ় হৈ পৰিছিল।  দুয়োৰে বন্ধুত্বক লৈ মনোৰঞ্জন আলোচনীত বিভিন্ন লেখাও প্ৰকাশ হৈছিল।

দুয়োৰে মাজৰ সম্পৰ্ক ভাল চলি আছে। এবাৰ এখন শ্বুটিং শেষ হোৱাৰ পাছত মাজনিশা অমিতাভ আৰু অমৃতা এটা পাৰ্টিলৈ গৈছিল। সেই পাৰ্টিত আন এজন অভিনেতা উপস্থিত আছিল। পাৰ্টিত নাচি থকাৰ সময়তে অমৃতাই অভিনেতাজনৰ সৈতে খুব ঘনিষ্ঠ হৈ পৰিছিল। কিন্তু অমিতাভ বচ্চনে সেই কথা সহ্য কৰিব পৰা নাছিল। ঈৰ্ষাত জ্বলি পকি গৈছিল অমিতাভ। তেওঁ ভাবিব পৰা নাছিল কি কৰিব।

তেনেতে সকলোকে স্তম্ভিত কৰি অমিতাভে অমৃতাক নিজৰ ওচৰলৈ টানি আনে আৰু কোলত বহুৱাই সকলোৰে আগত ওঁঠত চুম্বন কৰে। মূহুৰ্ততে এই খবৰ বলীউড জগতত বিয়পি পৰিছিল।  অভিনেতা, অভিনেত্ৰীৰ পৰা গাড়ী চালক , মেকআপ আৰ্টিষ্ট আদি সকলোৱে এই কথা জানিব পাৰিছিল। বাহিৰত এই কথা সামান্য প্ৰচাৰ হ’ব লওতেই সমগ্ৰ বিষটোক গাপ দিয়ে বচ্চন পৰিয়ালে। যাৰ বাবে ইয়াৰ বিষয়ে বহুতে নাজানেই। জানিব পৰা মতে, এই ঘটনাৰ পাছত অমিতাভে অমৃতা সিঙত ক্ষমা বিচাৰিছিল।

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানত এটা দিন কটাবলৈ ঐশ্বৰ্য ৰায়ে কিমান টকা লৈছিল জানেনে? শুনি হ’ব আচৰতি…