Neena Gupta’s Life: বলীউডৰ আন এক ক’লা অধ্যায়! দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সফলতা পঞ্চায়ত ৱেব চিৰিজৰ মঞ্জু দেৱীৰ
নীনা গুপ্তাই থিয়েটাৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ বলীউডত প্ৰৱেশ কৰে। কিন্তু প্ৰাৰম্ভিক দিনত তেওঁৰ ছবিত অভিনয় কৰা ভূমিকাতকৈ ব্যক্তিগত জীৱনৰ বাবেহে বেছি বাতৰিৰ শিৰোনাম দখল কৰিছিল। আজি তেওঁৰ জীৱনৰ এনে ৫টা দিশৰ বিষয়ে জানো আহক।

৪ দশক পূৰ্বে এই ছবি উদ্যোগত প্ৰৱেশ কৰিছিল বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাই। তেওঁৰ পেছাদাৰী আৰু ব্যক্তিগত দুয়োটা জীৱন প্ৰত্যাহ্বানৰে ভৰি পৰিছিল। কিন্তু দুয়োটাৰে ভাৰসাম্য ৰক্ষা কৰি নীনা গুপ্তাই যিদৰে এতিয়ালৈকে যাত্ৰা কৰিছে সেয়া আচৰিত আৰু সকলোৰে বাবে প্ৰেৰণাতকৈও কম নহয়। আজি তেওঁ পঞ্চায়ত ৱেব ছিৰিজৰ মঞ্জু দেৱী হিচাপে পৰিচিত। কিন্তু এটা সময় আছিল যেতিয়া নিজৰ ছবিতকৈ ব্যক্তিগত জীৱনৰ বাবে বেছি বাতৰিৰ শিৰোনাম দখল কৰিছিল।
ক্ৰিকেটাৰ বিবিয়ান ৰিচাৰ্ডছৰ সৈতে তেওঁৰ সম্পৰ্ক সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছিল। ব্যক্তিগত জীৱনটো সদায় উত্থান-পতনেৰে ভৰি আছিল। যেতিয়াই আশাৰে জীৱনলৈ ভৰি দিছিল, তেতিয়াই প্ৰত্যাহ্বান আৰু হতাশাৰ সন্মুখীন হৈছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে হাৰ নামানিল আৰু আগুৱাই হৈ থাকিল। ইমানবোৰ প্ৰতিভা থকাৰ পিছতো ছবিত সৰু সৰু চৰিত্ৰ লাভ কৰিছিল।
সতীশ কৌশিকে বিয়াৰ প্ৰস্তাৱ দিছিল
সতীশ কৌশিক আজি জীয়াই নাথাকিলেও চলচ্চিত্ৰ জগতৰ এক অনন্য অভিনেতা। ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰাই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই সময়তে তেওঁ নীনা গুপ্তাক লগ পাইছিল। সতীশে নীনাৰ প্ৰতিভাক চিনি পাইছিল আৰু থিয়েটাৰত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল। নীনায়ো সতীশৰ পৰামৰ্শক আওকাণ নকৰি নেচনেল স্কুল অৱ ড্ৰামাত নামভৰ্তি কৰে।
কিন্তু এনে এটা সময় আহিল যেতিয়া নীনা গুপ্তাৰ জীৱনটো প্ৰত্যাহ্বানেৰে আগুৰি ধৰিলে। ক্ৰিকেটাৰ বিবিয়ান ৰিচাৰ্ডছৰ সৈতে তেওঁৰ সম্পৰ্ক সকলোৱে জানে। এই সম্পৰ্কৰ পৰাই মাছাবা নামৰ কন্যাও জন্ম হৈছিল। যেতিয়া নীনা অকলশৰীয়া হৈ পৰিল আৰু বিবিয়ানে আঁতৰি গ’ল। তেতিয়া সতীশ কৌশিকে বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। এই সিদ্ধান্ত ল’লে নিসংগতাৰ পৰা আঁতৰিব আৰু ছোৱালীজনীয়েও পিতৃ পাব বুলি ক’লে। কিন্তু সতীশৰ প্ৰস্তাৱ নীনাই শ্ৰদ্ধাৰে নাকচ কৰিলে। ইয়াৰ পিছতে অকলশৰীয়া নীনাৰ বহুতে সুবিধা ল’বলৈ চেষ্টা কৰিছিল।
নীনা গুপ্তাইও নিজৰ কেৰিয়াৰত বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ডেলিভাৰীৰ বাবেও টকা নাছিল। বলীউড এনে এক উদ্যোগ য’ত বহু অভিনেত্ৰীয়ে কাষ্টিং কাউচৰ সন্মুখীন হৈছে। বিগত কেইবাবাৰো এই সন্দৰ্ভত বহু অভিনেত্ৰীয়ে মুকলিকৈ কৈছে। নীনাইও কেৰিয়াৰৰ সময়ছোৱাত কাষ্টিং কাউচৰ সন্মুখীন হ’বলগীয়া হৈছিল। পৃথ্বী থিয়েটাৰত শ্বুটিং কৰি থকা সময়ছোৱাত দক্ষিণৰ এজন প্ৰযোজকৰ পৰা ফোন আহিল। এই ফোনটো কামৰ লগত জড়িত আছিল। প্ৰযোজকে মতা স্থান পালে নীনা গুপ্তাই। তাত প্ৰযোজকে এটা সৰু চৰিত্ৰৰ প্ৰস্তাৱ দিলে। কিন্তু যেতিয়া নীনা তাৰ পৰা যাবলৈ বিচাৰিলে, প্ৰযোজকে ক’লে যে তেওঁ ভাবিছিল যে নীনা গোটেই ৰাতি তাতেই থাকিব। পৰিস্থিতি বুজি নীনাই তাৰ পৰা পলায়ন কৰে।