শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Malaika Arora: কোনে ‘বুঢ়ী’ বুলি ক’লে অভিনেত্ৰী মলাইকা আৰোৰাক? জানক উত্তৰ কি দিলে…

Malaika Arora: মলাইকা অৰোৰাই কয়, বুঢ়ী বুলি অপমান কৰিলে কেতিয়াবা আমনি পায়। কিন্তু তেওঁক নেতিবাচক মন্তব্যই প্ৰেৰণা আৰু শক্তি দিয়ে। শেহতীয়াকৈ মলাইকাই নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয়।

Malaika Arora: কোনে ‘বুঢ়ী’ বুলি ক’লে অভিনেত্ৰী মলাইকা আৰোৰাক? জানক উত্তৰ কি দিলে…
কোনে ‘বুঢ়ী’ বুলি ক'লে অভিনেত্ৰী মলাইকা আৰোৰাক?
Barasha Misra
Barasha Misra | Published: 16 Aug 2025 19:06 PM

Malaika Arora: ৫১ বছৰ বয়সতো ফিটনেছ আৰু গ্লেমাৰাছ ষ্টাইলৰ বাবে মালাইকা অৰোৰা সদায় শিৰোনামত থাকে। অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত জীৱনও চৰ্চা লাভ কৰি থাকে। অৱশ্যে মালাইকাই প্ৰায়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ পৰা ট্ৰ’লিঙৰ সন্মুখীন হ’বলগীয়া হয়। মানুহে তেওঁক ট্ৰ’ল কৰে আনকি ‘বুঢ়ী’ বুলিও কয়। শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে, কেতিয়াবা এইবোৰে তেওঁক আমনি কৰে। মলাইকাই কয়, মানুহে হাঁহিৰ আঁৰত লুকাই থকা সংগ্ৰামখন দেখা নাপায়।

পিংকভিলাৰ সৈতে হোৱা সাক্ষাৎকাৰত মালাইকা অৰোৰাই নেতিবাচক মানুহে “বুঢ়ী” বুলি কোৱা কথাত আৱেগিক হৈ কয়, তেওঁক প্ৰায়ে একাংশই লক্ষ্য কৰি লয়। কেতিয়াবা সহ্যৰ সীমা পাৰ হৈ যায়।”

তেওঁ কয়, “তেওঁলোকে কেৱল সেই ব্যক্তিকহে টাৰ্গেট কৰে, যাক সুখী যেন লাগে’, কিন্তু তেওঁলোকে উপলব্ধি নকৰে যে আপোনাক আমনি কৰিব পৰা বহুত কথাই আছে।”

এগৰাকী অকলশৰীয়া মাতৃয়ে কেনেকৈ সন্তান ডাঙৰ-দীঘল কৰিছে, সেই বিষয়ে মলাইকাই কয়, “মই মোৰ মাৰ কাম-কাজ দেখি অধিক দায়িত্বশীল হৈ পৰিলোঁ। অতি কম বয়সতে মই উপলব্ধি কৰিলোঁ যে মই এনে এটা অৱস্থাত আছো য’ত মই দায়িত্বশীল হ’ব লাগিব। মই মোৰ ভগ্নী (অমৃতা অৰোৰা)ৰ যত্ন লোৱা ব্যক্তিজন হৈ পৰিলোঁ, আৰু সময়ৰ বহু আগতেই মই দায়িত্বশীল হৈ পৰিলোঁ।”